অসমৰ সংবাদ- পত্রই জনসংযোগ বিভাগৰ পৰা পাবলৈ আছে ৩০ কোটি টকা
ৰাজ্য চৰকাৰৰ সকলো বিষয়ৰ প্রচাৰৰ বাবে দায়িত্বত থকা তথ্য আৰু জনসংযোগ বিভাগৰ একাংশ বিষয়াৰ গাফিলতিৰ বাবে অসমৰ সংবাদ মাধ্যমে জীয়াতু ভুগিবলগীয়া হৈছে৷ তথ্য প্রযুক্তিৰ অত্যাধুনিক উন্নয়নৰ যুগতো আওপুৰণি পদ্ধতিৰে চলি থকা বিভাগটোৰ কর্মচাৰীৰ হেমাহিৰ বাবে বছৰ বছৰ ধৰি বিজ্ঞাপনৰ ধন লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে অসমৰ সংবাদ পত্রকেইখন৷ বছৰ বছৰ ধৰি বিজ্ঞাপনৰ নিৰিখ বৃদ্ধি কৰাৰ পৰা বিৰত থকা জনসংযোগ বিভাগে কাকতকেইখনক প্রাপ্য ধন আদায় দিয়াতো হেমাহি কৰি আহিছে৷ এই পর্যন্ত ৰাজ্যৰ বাতৰিকাকতকেইখনক বিজ্ঞাপন প্রকাশ কৰাৰ বাবত বিভাগটোৱে প্রায় ৩০ কোটি টকা আদায় দিবলৈ বাকী আছে৷ লক্ষণীয় যে বিভাগটোৱে বিজ্ঞাপন প্রকাশতহে অধিক গুৰুত্ব দিয়ে৷ কিন্তু সেই কামৰ বাবে কৰণীয় যাৱতীয় প্রক্রিয়াৰ ক্ষেত্রতো বিভাগটোৰ কর্মচাৰীসকলে গাফিলতি কৰি আহিছে৷ বিজ্ঞাপন প্রকাশৰ বাবে