Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:43 pm

Home » দেশ-বিদেশ » হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান প্ৰসঙ্গ : কাঠগড়াত কেন্দ্রীয় চৰকাৰ

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান প্ৰসঙ্গ : কাঠগড়াত কেন্দ্রীয় চৰকাৰ

নতুন দিল্লী :  অসমবাসীৰ তীব্র প্রতিবাদকো আওকাণ কৰি হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰিবলৈ গৈ এতিয়া কাঠগড়াত উঠিব লগীয়া হৈছে কেন্দ্রীয় চৰকাৰ৷ ধর্মীয় নির্যাতনৰ বলি হৈ চুবুৰীয়া ৰাষ্ট্রৰ পৰা ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব প্রদানৰ সন্দর্ভত আজি উচচতম ন্যায়ালয়ে অসম আৰু কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰিছে৷ অসম ৰাজ্যিক জমিয়ত উলেমা ই হিন্দে দাখিল কৰা এখন লেখ আৱেদনৰ শুনানি গ্রহণ কৰি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ খণ্ড বিচাৰপীঠে অহা চাৰি সপ্তাহৰ ভিতৰত বিষয়টোৰ সন্দর্ভত চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে নির্দেশ দিছে৷

প্রণিধানযোগ্য যে ধর্মৰ ভিত্তিত অবৈধ প্রব্রজনকাৰীসকলক বৈধ কৰাৰ লক্ষ্য লৈ ২০১৫ চনত কেন্দ্রীয় চৰকাৰে জাৰি কৰা দুখন অধিসূচনা আৰু ২০১৬ চনত জাৰি কৰা আন এখন অধিসূচনাৰ বৈধতাক প্রত্যাহবান জনাই ৰাজ্যিক জমিয়ত উলেমা ই হিন্দে শেহতীয়াকৈ ন্যায়ালয়ত এখন লেখ আৱেদন দাখিল কৰিছিল৷ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে ২০১৫ চনৰ সাত ছেপ্টেম্বৰত পাছপর্ট এণ্ট্রি (ইনটু ইণ্ডিয়া) এমেণ্ডমেণ্ট ৰুলছ ২০১৫ আৰু ফৰেনার্ছ (এমেণ্ডমেণ্ট) অর্ডাৰ ২০১৫ৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধর্মীয় নির্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক অবৈধ অনুপ্রৱেশকাৰী বুলি গণ্য নকৰিবলৈ নির্দেশ দিছিল৷ এনে লোকৰ পাছপর্টৰ সময়সীমা চেৰাই যোৱাৰ পাছতো তেওঁলোকক ভাৰতত থকাৰ অনুমতি দিয়া হৈছিল৷
ইয়াৰ উপৰি ২০১৬ চনৰ ২৩ ডিচেম্বৰত আন এক অধিসূচনাযোগে কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে দেশৰ ১৬খন ৰাজ্যৰ জিলাৰ উপায়ুক্তসকলক নির্যাতনৰ বলি হৈ ভাৰতলৈ অহা লোকসকলক নাগৰিকত্ব প্রদানৰ ক্ষেত্রত যাৱতীয় প্রক্রিয়া আৰম্ভ কৰিবলৈ নির্দেশ দিছিল৷ অর্থাৎ, নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নহ’লেও উক্ত তিনিখন অধিসূচনাৰ জৰিয়তেই কেন্দ্রীয় চৰকাৰখনে অবৈধ লোকসকলক নাগৰিকত্ব প্রদানৰ আঁচনি লৈছিল৷ কেন্দ্রৰ এনে কার্যৰ বিৰোধিতা কৰিয়েই ৰাজ্যিক জমিয়ত উলেমা ই হিন্দ আদালতৰ দ্বাৰস্থ হৈছিল৷ আনহাতে, একেটা বিষয়ক লৈ ৰাজ্যৰ বিশিষ্ট ব্যক্তি, সাংবাদিকেৰে গঠিত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চয়ো কিছুদিনৰ পূর্বে আদালতত এখন লেখ আৱেদন দাখিল কৰিছিল৷ যোৱা ২৭ ফেব্রুৱাৰীত আদালতে মঞ্চৰ উক্ত লেখ আৱেদখনৰ শুনানি গ্রহণ কৰি ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰক ছয় সপ্তাহৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰাৰ বাবে জাননী জাৰি কৰিছিল৷ আজি আদালতে দুয়োখন আৱেদন একে বিষয়ৰ হোৱাৰ বাবে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চৰ লগত জমিয়তৰ আৱেদনখনো সংযোগ কৰি দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি