Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:03 am

Home » আঞ্চলিক » মিত্ৰতা বিচাৰি বিজেপিৰ ওচৰত নতশিৰ অগপ

মিত্ৰতা বিচাৰি বিজেপিৰ ওচৰত নতশিৰ অগপ

গুৱাহাটী : জাতিধবংসী নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপি মিত্রজোঁট চৰকাৰৰ পৰা অসম গণ পৰিষদে ওলাই আহিছিল যদিও আঞ্চলিক দলটোক মিত্রতাৰ পৰা ওলাই যোৱাটো বিচৰা নাই বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বই৷ বিধানসভাৰ নির্বাচনত বি পি এফ আৰু অগপৰ সৈতে মিত্রতা কৰি কংগ্রেছক ধৰাশায়ী কৰা বিজেপিৰ সংগ অগপই এৰিবলগীয়া হৈছিল যদিও পৃথককৈ দুয়োটা দলে প্রতিদ্বন্দ্বিতাত নামিলে কংগ্রেছ লাভৱান হোৱাৰ শংকাৰ কথা ভাবিয়েই দুয়োটা দলে সম্পর্ক ওচৰ চপাই আনিছে৷
উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক নেতৃত্বই অগপৰ লগত মিত্রতা নোহোৱাৰ স্পষ্ট ইংগিত দিছে যদিও বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মাই মিত্রতাৰ প্রসংগটো ৰাষ্ট্রীয় নেতৃত্বলৈ ঠেলি দি মন্তব্য কৰিছিল৷ বিজেপিৰ ৰাষ্ট্রীয় নেতা ৰাম মাধৱৰ লগত কালি নিশা নতুন দিল্লীত অগপৰ সভাপতি অতুল বৰা আৰু কার্যকৰী সভাপতি কেশৱ মহন্তৰ প্রাৰম্ভিক আলোচনাত দুয়োটা দলৰ মাজত নির্বাচনী মিত্রতা হোৱাৰ সম্ভাৱনাৰ কথা স্পষ্ট হৈ পৰিছে বুলি জানিব পৰা গৈছে৷
উল্লেখযোগ্য যে বিজেপিৰ একাংশ ৰাষ্ট্রীয় নেতাই নির্বাচন জয়ৰ বাবে অগপৰ লগত মিত্রতা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰাৰ ফলত মিত্রতাৰ প্রসংগটোৱে নতুন গতি লাভ কৰিছে৷ এটা সূত্রৰ পৰা জানিব পৰা মতে, বৰপেটা, কলিয়াবৰ, মঙলদৈ, গুৱাহাটী আৰু ধুবুৰী সমষ্টিক লৈ নির্বাচনী বুজাপৰা সর্ম্পকত কালি আলোচনা হৈছিল৷ উক্ত সমষ্টিকেইটাৰ ভিতৰত কোনকেইটা সমষ্টি অগপক শেষ পর্যায়ত এৰি দিব সেই কথা চূড়ান্ত হ’বলৈ দুই-এদিন সময়ৰ প্রয়োজন হ’ব৷ আজি দিল্লীৰ পৰা উভতি অহা অগপৰ সভাপতি বৰা আৰু কার্যকৰী সভাপতি মহন্তই দলৰ শীর্ষ নেতাসকলৰ সৈতে নিশা আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে৷
অগপই লোক সভাৰ নির্বাচনত কাৰ লগত মিত্রতাৰে প্রতিদ্বন্দ্বিতা কৰা উচিত হ’ব সেই সর্ম্পকত জিলা সমিতিৰ মতামত গ্রহণ কৰিবলৈ সাধাৰণ সম্পাদক ৰমেন্দ্র নাৰায়ণ কলিতাক আহবায়ক হিচাপে লৈ এখন কমিটী গঠন কৰি দিছিল৷ এই কমিটীয়ে ইতিমধ্যে মতামত গ্রহণ কৰা প্রক্রিয়া সমাপ্ত কৰিছে৷ ইফালে অগপৰ নির্বাচনী ইস্তাহাৰ প্রস্তুতি সমিতিয়ে কোনবোৰ বিষয় ইস্তাহাৰত গুৰুত্বসহকাৰে অন্তর্ুক্ত কৰিব সেই কথা আজি আমবাৰীত অনুষ্ঠিত হোৱা বৈঠকত থিৰাং কৰে৷ পবিন্দ্র ডেকাক অধ্যক্ষ আৰু ভূপেন ৰায়ক আহবায়ক হিচাপে লৈ গঠন কৰা এই কমিটীৰ বৈঠকত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, নিৱনুৱা সমস্যা সমাধানৰ লগতে আত্মনির্ভৰশীল কৰি তোলাত সর্বাধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷
মহিলা সবলীকৰণ, অসম চুক্তি ৰূপায়ণ আৰু শুদ্ধ এন আৰ চি প্রকাশতো গুৰুত্ব আৰোপ কৰা হ’ব অগপৰ নির্বাচনী ইস্তাহাৰত৷ ইস্তাহাৰ প্রস্তুতি সমিতিয়ে বিভিন্ন জিলাৰ যিবোৰ বিষয় ইস্তাহাৰত অন্তর্ভুক্ত কৰিব পাৰি সেইবোৰ অৱগত কৰিবলৈ জিলা সমিতিসমূহক আহবান জনাব৷ ইফালে আজি অগপৰ নেতা নুৰুল হুছেইনক অধ্যক্ষ আৰু মনোজ শইকীয়াক আহবায়ক হিচাপে লৈ গঠন কৰা নির্বাচনী প্রচাৰ সমিতিৰ বৈঠকত ছ’চিয়েল মিডিয়াৰ জৰিয়তে দলৰ নীতি-আদর্শ আৰু প্রতিশ্রুতিসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ প্রচাৰ সমিতিয়ে গীতৰ মাধ্যমেৰেও প্রচাৰ চলোৱাৰ প্রাৰম্ভিক সিদ্ধান্ত গ্রহণ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি