Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:23 pm

Home » আঞ্চলিক » প্ৰপতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি : লোকসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ হাতত কোনো গুৰুত্বপূর্ণ ইছ্যু

প্ৰপতিশ্ৰুতি পালনত ব্যৰ্থ বিজেপি : লোকসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ হাতত কোনো গুৰুত্বপূর্ণ ইছ্যু

গুৱাহাটী : লোক সভাৰ নির্বাচনৰ দিন চমু চাপি আহিছে যদিও শাসক-বিৰোধীৰ হাতত এইবাৰ নাই কোনো গুৰুত্বপূর্ণ ইছু্৷ দেশৰ আগন্তুক সাধাৰণ নির্বাচনত ইছু্যহীনভাৱে অৱতীর্ণ হ’ব বিজেপি৷ ২০১৪ চনত বিকাশৰ শ্ল’গান দি গাদী দখল কৰা বিজেপিৰ হাতত এইবাৰ কোনো নির্বাচনী ইছু্য নাই৷ বিকাশক পিঠি দিয়া মোদী চৰকাৰে পাঁচ বছৰীয়া কার্যকালত চমক সৃষ্টিৰ লক্ষ্যৰে কিছুমান আঁচনি গ্রহণ কৰিছিল যদিও কার্যতঃ উক্ত আঁচনিসমূহৰ সফল ৰূপায়ণ নহ’ল৷ ২০১৪ চনত সংসদৰ মজিয়াত প্রথমটো ভাষণত প্রধানমন্ত্রী মোদীয়ে ঘোষণা কৰিছিল যে পাঁচ বছৰ পাছত দেশৰ জনসাধাৰণক তেওঁ ৰিপ’র্ট কার্ড দিব৷ কিন্তু বিগত লোক সভাৰ নির্বাচনত দিয়া প্রতিশ্রুতি পালন নকৰা প্রধানমন্ত্রী মোদী ৰিপ’র্ট কার্ড দিবলৈ অপাৰগ৷
পূর্বৰ প্রতিশ্রুতি পালন কৰিব নোৱৰা মোদী চৰকাৰে ভোটাৰৰ মন অন্যফালে ঢাল খুৱাবলৈ পৰিকল্পিতভাৱে কৌশল ৰচনা কৰিছে৷ হঠাৎ কিছুমান কৃত্রিম ইছু্য সৃষ্টি কৰি সেইবোৰক হাথিয়াৰ হিচাপে লৈ নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে পাং পাতিছে৷ উল্লেখযোগ্য যে বাকপটু প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনত দেশৰ জনসাধাৰণক ‘ভাল দিন’ৰ সপোন দেখুৱাইছিল৷ ইউ পি এ চৰকাৰৰ বিৰুদ্ধে দেখা দিয়া প্রতিষ্ঠান বিৰোধী ঢৌৰ সম্পূর্ণ সুযোগ গ্রহণ কৰি বিজেপিয়ে ‘গুজৰাট মডেল’ নামৰ উন্নয়নৰ এক ধাৰণাক আগত ৰাখি মোদী ঢৌ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ ‘বিকাশ’ আৰু ‘ভাল দিন’– এই দুটা আছিল ২০১৪ চনত বিজেপিৰ মূল নির্বাচনী ইছু্য৷
সুবক্তা নৰেন্দ্র মোদীয়ে কৌশলী ভংগিমাৰে জনতাক মুহিবলৈ সক্ষম হৈছিল৷ দিল্লীত চৰকাৰ গঠনৰ পাছত প্রধানমন্ত্রী মোদীয়ে আদর্শ গ্রাম যোজনা, স্মার্ট চিটি, বুলেট ট্রেইন প্রকল্প আদি বহু অভিলাষী আঁচনি ঘোষণা কৰিছিল৷ কিন্তু ইয়াৰ বাস্তৱ ৰূপ শূন্য৷ বিদেশৰ পৰা ক’লা ধন ঘূৰাই আনি প্রতিজন ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ টকাকৈ জমা কৰাৰ নির্বাচনী প্রতিশ্রুতি দেশৰ ইতিহাসৰ সর্বকালৰ মিথ্যাচাৰত পৰিণত হ’ল৷ বিমুদ্রাকৰণে ক’লা ধন মজুতকাৰীৰ গাৰ নোম লৰাব নোৱাৰিলে৷ বৰঞ্চ ভুক্তভোগী হ’ল সাধাৰণ ৰাইজ৷ নির্বাচনী প্রতিশ্রুতি পালনত ব্যর্থতা আৰু চমক সৃষ্টিকাৰী আঁচনিৰ প্রহসনৰ বাবে মোদী চৰকাৰক লৈ স্বাভাৱিকতেই দেশৰ জনসাধাৰণ বিতুষ্ট৷
কিন্তু নির্বাচনৰ দিন চমু চাপি অহাত শূন্য ৰিপ’র্ট কার্ড লৈ ভোটাৰৰ মাজলৈ যোৱাটো সম্ভৱ নহ’ব বুলি জানি প্রধানমন্ত্রী মোদী আৰু বিজেপি নেতৃত্বই সন্ত্রাসবাদ, পাকিস্তানৰ বিৰুদ্ধে বায়ুসেনাৰ অভিযান আদিক নির্বাচনী ইছু্য হিচাপে ল’বলৈ উঠিপৰি লাগিছে৷ ইতিমধ্যে পাক অধিকৃত কাশ্মীৰৰ বালাকোটত সন্ত্রাসবাদীৰ ঘাটিত বায়ুসেনা বাহিনীৰ আক্রমণৰ ঘটনাক চৰকাৰৰ কৃতিত্ব বুলি প্রতিষ্ঠা কৰিবলৈ বিজেপি দল- চৰকাৰে আপ্রাণ চেষ্টা চলাইছে৷ বালাকোটৰ ঘটনাত কিমানজন পাক সন্ত্রাসবাদী নিহত হ’ল তাক লৈ বিৰোধী দলসমূহে প্রশ্ন উত্থাপন কৰিছে৷
কিন্তু পাকিস্তানৰ প্রতি দেশৰ জনসাধাৰণৰ স্বাভাৱিক বিদ্বেষ আৰু সামৰিক অভিযানৰ প্রতি থকা আকুণ্ঠ সমর্থনক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি মোদী চৰকাৰ আৰু বিজেপিয়ে ভোট আদায়ৰ আহিলা হিচাপে লোৱা পৰিলক্ষিত হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী ৰাজনাথ সিং, বিজেপিৰ সভাপতি অমিত শ্বাহ– সকলোৰে ভাষণত দ্বিতীয় ছার্জিকেল ষ্ট্রাইকৰ প্রসংগ আৰু স্ব-বন্দনা৷ কৃষকৰ আয় দুগুণ কৰাৰ প্রতিশ্রুতিও পাহৰিলে মোদী চৰকাৰে৷ অসমক বাংলাদেশীমুক্ত কৰাৰ অংগীকাৰ ফুটুকাৰ ফেনত পৰিণত হ’ল৷ বৰঞ্চ বিদেশীৰ নামত ধর্মীয় মেৰুকৰণৰ ৰাজনীতিহে বিজেপিয়ে কৰিলে৷
মুঠৰ ওপৰত ২০১৪ চনৰ নির্বাচনী প্রতিশ্রুতি পালন নকৰি পাঁচ বছৰীয়া কার্যকালৰ ব্যর্থতা ঢাকিবলৈ দেশৰ সামৰিক বাহিনীৰ শক্তি, শৌর্য-বীর্য আদিক দৃষ্টিকটুভাৱে ৰাজনৈতিক ইছু্য হিচাপে লৈ নির্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপিয়ে চেষ্টা চলাইছে৷ মৌলিক বিষয়সমূহৰ পৰা জনতাৰ দৃষ্টি আঁতৰ কৰিবলৈ বিজেপিয়ে অৱলম্বন কৰা কৌশলক জনসাধাৰণে কিভাৱে লয় সেয়া সময়ত লক্ষণীয় হ’ব৷ সেইদৰে বিৰোধী পক্ষই অস্পষ্ট স্থিতি আঁতৰাই চৰকাৰৰ বিৰুদ্ধে কোনবোৰ বিষয়ক সঠিকভাৱে উপস্থাপন কৰি নির্বাচনী ইছু্য বিচাৰি লয়, তাৰ ওপৰতো নিশ্চয়কৈ দেশৰ ভোটাৰ ৰাইজে চকু ৰাখিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি