Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:28 am

Home » আঞ্চলিক » অনুপ্রৱেশ ৰোধত প্রযোজ্য হ’ল অত্যাধুনিক প্রযুক্তি

অনুপ্রৱেশ ৰোধত প্রযোজ্য হ’ল অত্যাধুনিক প্রযুক্তি

ধুবুৰী : ‘ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত আজিৰ পৰা সুৰক্ষিত৷ এতিয়াৰ পৰা আন্তঃৰাষ্ট্রীয় সীমান্তৰ পহৰা, নিৰাপত্তা আৰু নিয়ন্ত্রণ ব্যৱস্থাটো অধিক উন্নত কৰাৰ লগতে অত্যাধুনিক প্রযুক্তিৰ স্মার্ট ফেন্সিং ব্যাৱস্থা প্রৱর্তন কৰাৰ বাবে এই আঁচনি গ্রহণ কৰা হৈছে৷ সামূহিক সমন্বিত সীমান্ত ব্যাৱস্থাপনা পদ্ধতি চমুকৈ চি আই বি এম এছ (CIBMS) আঁচনিৰ অধীনত বল্ড কিউ আই টি (Bold-qit) নামেৰে পৰিচিত স্মার্ট ফেন্সিং প্রকল্পটো আজি উদ্বোধন কৰিব পাৰি মই সুখী হৈছোঁ৷’ –এই মন্তব্য কেন্দ্রীয় গৃহমন্ত্রী ৰাজনাথ সিঙৰ৷ আজি ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ বর্মনপাৰাত উপস্থিত হৈ উদ্বোধনী ভাষণত তেওঁ এইদৰে কয়৷
উক্ত উদ্বোধনীস্থলীত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, সীমান্ত নিৰাপত্তা বাহিনীৰ সঞ্চালক প্রধান ৰজনীকান্ত মিশ্রকে ধৰি কেইবাজনো নিৰাপত্তা বিষয়া উপস্থিত থাকে৷ ভাৰত-বাংলাদেশৰ ৪০৯৬ কিঃমিঃ সীমান্তৰ পহৰা আৰু নিৰাপত্তাৰ দায়িত্বত আছে সীমান্ত নিৰাপত্তা বাহিনী৷ ইয়াৰ ভিতৰত ধুবুৰীৰ ব্রহ্মপুত্রৰ জলপথত থকা ৬১ কিঃমিঃ ধৰি বহু অঞ্চলত ভৌগোলিক জটিলতাৰ বাবে কাঁইটীয়া তাঁৰৰ বেৰা দিয়াটো সম্ভৱ নহয়৷ তাৰ বাবে উক্ত স্থানসমূহত গৃহ মন্ত্র্যালয়ে অত্যাধুনিক প্রযুক্তিৰ স্মার্ট ফেন্সিং স্থাপনৰ বাবে ২০১৮ চনৰ জানুৱাৰী মাহত সিদ্ধান্ত লৈছিল আৰু কাম চলি আছিল৷ আৰু আজি এই কামৰ সফল সমাপ্তি উপলক্ষে প্রকল্পটো উদ্বোধন কৰিলে কেন্দ্রীয় গৃহমন্ত্রীয়ে৷ এই নতুন প্রযুক্তিৰ প্রৱর্তনেৰে সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফে কোনো লোকে সীমান্ত পাৰ হ’ব খুজিলে সহজে ধৰা পেলাব পাৰিব৷
সীমান্তৰ নিয়ন্ত্রণ কক্ষত থকা বি এছ এফে লগে লগে গম পাই যাব সীমান্তৰ কোনটো স্থানেৰে অনুপ্রৱেশ, চোৰাংকৈ সামগ্রীৰ সৰবৰাহ হৈ আহে৷ উদ্বোধনৰ পাছত কেন্দ্রীয় গৃহমন্ত্রীজন হেলিকপ্টাৰেৰে ধুবুৰীলৈ উৰা মাৰে ১.৩০ বজাত৷ ধুবুৰীৰ বাগৰাপাৰ ষ্টেডিয়ামত ভাষণ দি গৃহমন্ত্রীজনে কয়, ‘কেন্দ্রৰ মোদী চৰকাৰে গোটেই দেশৰ সুৰক্ষাৰ প্রতি দৃষ্টি দিছে৷ দেশৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ সীমান্তৰ প্রতি গুৰুত্ব দিছে৷ ইজৰাইলৰ প্রযুক্তিৰে নির্মিত প্রজেক্ট ভাৰতৰ কাশ্মীৰৰ পাছত ধুবুৰীত লগোৱাৰ বাবে আজি উদ্বোধন কৰা হয়৷
পুলৱামাৰ ঘটনাত নিহত শ্বহীদ জোৱানৰ বলিদান দেশবাসীয়ে কেতিয়াও পাহৰি নাযায়৷ মোদী চৰকাৰে ইয়াৰ প্রত্যুত্তৰ সঠিক সময়ত দিলে৷ পাকিস্তানক সঠিক শিক্ষা দিয়াৰ বাবে দেশবাসীয়ে যেতিয়া বায়ু সেনাৰ জোৱানসকলক ধন্যবাদ জনাইছে তেনে সময়ত আমাৰ দেশৰ কংগ্রেছ দলে শ্বহীদ সেনা জোৱানলৈ সমবেদনা, শুভেচছা জনোৱা দূৰৈৰ কথা, তেওঁলোকে এতিয়া চৰকাৰৰ ওচৰত প্রমাণ বিচাৰিছে কিমান সন্ত্রাসবাদীৰ মৃত্যু হৈছে৷ দুখৰ কথা, লাজৰ কথা৷ কংগ্রেছৰ যদি ইমান প্রয়োজন, তেওঁলোকে পাকিস্তান ভ্রমণ কৰক লগতে তাৰ অনুসন্ধান কৰক৷ আজি ধুবুৰীত ঝগৰাপাৰ ষ্টেডিয়ামত অনুষ্ঠিত বিৰাট ৰাজহুৱা সভাত এইদৰে কয়৷
ইয়াৰ পাছত বিয়লি ৩-০৫ বজাত কেন্দ্রীয় গৃহমন্ত্রীজন হেলিকপ্টাৰযোগে বর্মনপাৰাৰ পৰা ধুবুৰীত আহি উপস্থিত হয়৷ ধুবুৰীত জিলা উপায়ুক্তই গৃহমন্ত্রীক সম্বর্ধনা জনায়৷ গৃহমন্ত্রীৰ লগত অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিলাসীপাৰাৰ বিধায়ক অশোক সিংহী, গোলকগঞ্জৰ বিধায়ক অশ্বিনী কুমাৰ সৰকাৰ উপস্থিত থাকে৷ জিলা প্রশাসনৰ তৰফৰ পৰা উন্নয়ন আয়ুক্ত বর্ণালী দাস, জিলা পৰিষদৰ কার্যবাহী বিষয়া পূৰবী কোঁৱৰে সম্বর্ধনা জ্ঞাপন কৰে৷ সভাত ১০ হাজাৰ লোক উপস্থিত থাকে৷ উল্লেখযোগ্য যে বহু দাবী-আপত্তিৰ পাছত দীর্ঘ ৩৪ বছৰৰ অপেক্ষাৰ অন্ত পেলাই আজি অত্যাধুনিক স্মার্ট ফেন্সিং উদ্বোধন হোৱাত অসমবাসীয়ে সন্তুষ্টি প্রকাশ কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি