ৰাজ্যিক বিজেপিত আৰম্ভ প্রার্থিত্ব -কেন্দ্রিক সংঘাত
কোনো কাৰণতে পুনৰ অগপৰ সৈতে মিত্রতা স্থাপন কৰাটোও বিচৰা নাই সোণোৱালে৷ ইয়াৰ বিপৰীতে মন্ত্রী শর্মাই অগপৰ সৈতে পুনৰ মিত্রতা স্থাপন কৰাৰ ক্ষেত্রত নৰম স্থিতি গ্রহণ কৰিছে গুৱাহাটী : ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে প্রার্থিত্ব-কেন্দ্রিক সংঘাত৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ মাজতে প্রার্থিত্ব প্রদানক লৈ ঘটিছে মত-বিৰোধ৷ দলৰ এজন শীর্ষ নেতাই এই কথা জানিবলৈ দি প্রকাশ কৰিছে যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পচন্দৰ কেইবাজনো প্রার্থীক প্রার্থিত্ব প্রদানৰ বিৰোধিতা কৰিছে বিত্ত মন্ত্রী শর্মাই৷ আনকি বর্তমানৰ দুজনমান সাংসদকো প্রার্থিত্ব প্রদানৰ ক্ষেত্রত বাধা আৰোপ কৰিছে মন্ত্রীজনে৷ ইয়াৰ বিপৰীতে সমগ্র বিষয়টোৰ ক্ষেত্রত ধৃতৰাষ্ট্রৰ ভূমিকা গ্রহণ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ গুৱাহাটী, মঙলদৈ, শিলচৰ আৰু ডিফু সমষ্টিত শর্মাই নিজৰ পচন্দৰ লোকক প্রার্থিত্ব প্রদানৰ