Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 9:26 am

Home » আঞ্চলিক » ভেটি উচন হোৱাৰ দিশে এ আই ইউ ডি এফ : ভিৰ নাই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ

ভেটি উচন হোৱাৰ দিশে এ আই ইউ ডি এফ : ভিৰ নাই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ

গুৱাহাটী :  ভেটি উচন হোৱাৰ দিশে গতি কৰিছে বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ৷ আই এম (ডি-টি) আইন বাতিলৰ গইনা লৈ, ধর্মীয় সংগঠন জমিয়তৰ কান্ধত উঠি আজমলে গঠন কৰা দলটোৰ অৱস্থা এতিয়া তথৈৱচ৷ ব্যাৱসায়িক স্বার্থ সুৰক্ষিত কৰাৰ লক্ষ্যত দিল্লীত যি দলৰে চৰকাৰ থাকে সেই দলৰ লগত মিতিৰালি কৰি অহা আজমলৰ স্বৰূপ ধর্মীয় সংখ্যালঘু লোকৰ মাজত উন্মোচিত হোৱাত দলটো এতিয়া নাজল নাথল অৱস্থাৰ সন্মুখীন হৈছে৷ যাৰ ফলত এ আই ইউ ডি এফৰ বর্তমানৰ অৱস্থাৰ বাবে নেতা আজমলে লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে প্রার্থী বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷

আনহে নালাগে বর্তমানৰ সাংসদ ৰাধেশ্যাম বিশ্বাস আৰু আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলেও প্রতিদ্বন্দ্বিতাত নামি জ্যেষ্ঠ ভাতৃক সংগ দিব বিচৰা নাই৷ দিল্লীত কংগ্রেছৰ লগত মিত্রজোঁটত থাকি অসমত মিত্রৰ কান্ধত উঠি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন পুহি ৰখা আজমলৰ আশাত চেঁচাপানী ঢালিছে অসমৰ প্রতিজন কংগ্রেছ নেতাই৷ লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতাৰ বাবে প্রার্থী আগবাঢ়ি নহাত দিকবিদিক হেৰুৱাই আজমলে প্রার্থীৰ সন্ধান কৰিবলগীয়া হৈছে৷
এ আই ইউ ডি এফৰ বর্তমানে থকা তিনিজন সাংসদ ক্রমে বদৰুদ্দিন আজমল (ধুবুৰী), চিৰাজুদ্দিন আজমল (বৰপেটা) আৰু ৰাধেশ্যাম বিশ্বাস (কৰিমগঞ্জ)৷ দলটোৰ এটা সূত্রৰ পৰা জানিব পৰা মতে জয়ী হোৱাৰ সম্ভাৱনা নথকাত এইবাৰ আজমল ভাতৃ চিৰাজুদ্দিন আজমলে প্রতিদ্বন্দ্বিতাৰ বাবে আগ্রহ কৰা নাই৷ তেনেদৰে কৰিমগঞ্জ সমষ্টিৰ বর্তমানৰ সাংসদ ৰাধেশ্যাম বিশ্বাসে এ আই ইউ ডি এফৰ হৈ প্রতিদ্বন্দ্বিতাত নামিলে জয়ৰ সম্ভাৱনা নথকাত কংগ্রেছৰ লগতহে যোগাযোগ কৰিছে বুলি কংগ্রেছৰ এটা সূত্রৰ পৰা জানিব পৰা গৈছে৷ অৱশ্যে বিশ্বাসে কংগ্রেছৰ লগত যোগাযোগ কৰিছে যদিও তেওঁক প্রার্থিত্ব দিয়াৰ তীব্র বিৰোধিতা কৰিছে বৰাক উপত্যকাৰ বর্তমানৰ শক্তিশালী নেতা চিদ্দিক আহমেদে৷
জমিয়তৰ কান্ধত উঠি, ধর্মীয় আৱেগক মূলধন হিচাপে লৈ এ আই ইউ ডি এফ গঠন কৰি ২০০৬ চনৰ বিধানসভাৰ নির্বাচনত ১৮টা সমষ্টিত জয়লাভ কৰিছিল দলটোৱে৷ ২০০৯ চনৰ লোক সভাৰ নির্বাচনত মাত্র এটা সমষ্টি ধুবুৰীত বদৰুদ্দিন আজমল জয়ী হৈছিল যদিও ২০১৪ চনৰ লোক সভাৰ নির্বাচনত জয়লাভ কৰা লোক সভা সমষ্টিৰ সংখ্যা তিনিটালৈ বৃদ্ধি কৰা আজমলৰ দলটোৰ ভেটি এইবাৰ থৰক-বৰক৷
দলটোৰ এটা সূত্রৰ পৰা জানিব পৰা মতে আজমলে বর্তমানে দখলত থকা সমষ্টিকেইটাতহে প্রতিদ্বন্দ্বিতা কৰাৰ ইচছা প্রকাশ কৰিছিল যদিও লোক সভাৰ নির্বাচনত প্রার্থী নাথাকিলে বিধানসভাৰ নির্বাচনলৈ দল অধিক অস্তিত্বহীন হৈ পৰিব বুলি দলৰ কেইবাজনো নেতাই নগাঁও, কলিয়াবৰ আৰু মঙলদৈ সমষ্টিত প্রার্থী থিয় কৰোৱাৰ দাবী জনায়৷ দলৰ নেতাৰ দাবীত সেও মানি বর্তমানে দখলত থকা সমষ্টিকেইটাৰ লগতে আন তিনিটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈসিদ্ধান্ত লৈছে যদিও প্রার্থীৰ সংকটত ভুগিছে আজমল৷ যাৰ ফলত কলিয়াবৰ লোক সভা সমষ্টিত ধিং সমষ্টিৰ বর্তমানৰ বিধায়ক আমিনুল ইছলামক প্রার্থিত্ব দিয়াৰ গুণা-গঁথা চলিছে দলটোৰ ভিতৰত৷ ইফালে পৰাজয়ৰ শংকাত আজমল ভাতৃয়ে বৰপেটাৰ পৰা প্রতিদ্বন্দ্বিতাত নামিবলৈ ইচছা নকৰাত সমষ্টিটোত প্রাক্তন বিধায়ক ৰফিকুল ইছলামক প্রার্থিত্ব দিবলৈ দলটো সাজু হোৱা বুলি জানিবপৰা গৈছে৷ উপযুক্ত প্রার্থী নোপোৱাত নগাঁৱত চম্পক কলিতা, মঙলদৈত মুজিবুৰ ৰহমান আৰু জেহেৰুল ইছলামৰ নাম দলটোত চর্লৈ আহিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি