Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:09 pm

Home » আঞ্চলিক » ডঃ ভূপেন্দ্র নাথ গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা

ডঃ ভূপেন্দ্র নাথ গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা

গুৱাহাটী : আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন বায়ু মণ্ডলীয় বিজ্ঞানী অধ্যাপক ড০ ভূপেন্দ্র নাথ গোস্বামীক তেওঁ গৱেষণাৰ ক্ষেত্রত সমাজলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে ২০১৯ বর্ষৰ ৰাজ্যিক বিজ্ঞান বঁটাৰ অধীনত ‘জীৱনজোৰা সাধনা বঁটা’ৰ বাবে নির্বাচিত কৰিছে৷
১৯৫০ চনত বৰপেটাৰ পাটবাউসীত জন্মগ্রহণ কৰা ড০গোস্বামী ছাত্র অৱস্থাৰ পৰাই অতি মেধাৱী আছিল৷ তেওঁ ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞান বিভাগত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্রী লাভ কৰি আহমেদাবাদত অৱস্থিত ফিজিকেল ৰিছার্চ লেবৰেটৰীত প্লাজমা পদার্থ বিদ্যাত গৱেষণাৰ কাম আৰম্ভ কৰে৷ ১৯৭৬ চনত পি এইচ ডি ডিগ্রী লাভ কৰি তেওঁ গৱেষণাৰ কাম প্লাজমা ফিজিক্সৰ পৰা Atmospheric Science লৈ সলনি কৰি অতি কম সময়ৰ ভিতৰতে সেই বিষয়ত অতি উল্লেখযোগ্য কাম কৰাৰ কাৰণে ১৯৭৮ চনত মার্কিন যুক্তৰাষ্ট্রৰ এম আই টি, কেম্রিজলৈ পোষ্ট ডক্টৰেট গৱেষণাৰ বাবে আমন্ত্রিত হয়৷
তাতে দুবছৰ থকাৰ পাছত ১৯৮০ চনত তেওঁ নাছাত পুনৰ তিনি বছৰ গৱেষণাৰ কাম কৰিবলৈ সুবিধা পায়৷ ১৯৮৩ চনত ড০ গোস্বামী ভাৰতলৈ ঘূৰি আহি কিছুদিন দিল্লী আই আই টিত যোগদান কৰি ১৯৮৫ চনত বাংগালৰুত থকা Indian Institute of Science ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে৷ ২০০৬ চনত ভাৰত চৰকাৰে ড০ গোস্বামীক পুণেত অৱস্থিত Indian Institute of Tropical Meterologyত সঞ্চালকৰূপে নিযুক্তি দিয়ে আৰু সেই অনুষ্ঠানৰ পৰা ২০১৪ চনত তেওঁ অৱসৰ গ্রহণ কৰে৷
আনুষ্ঠানিকভাৱে অৱসৰ গ্রহণ কৰাৰ পাছতো ড০ গোস্বামী গৱেষণাৰ কামত এতিয়াও ব্রতী হৈ আছে আৰু বর্তমান তেওঁ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ অধীনত SERB Distingushed Fellow হিচাপে কটন বিশ্ববিদ্যালয়ত গৱেষকৰ দল এটাৰ নেতৃত্ব দি আছে৷ “Indian Ocean Dipole Mode” আৱিষ্কাৰৰ বাবে বিশ্ববিখ্যাত ড০ গোস্বামীৰ ইতিমধ্যে ১৭২খন উচচ পর্যায়ৰ গৱেষণা আলোচনীত গুৰুত্বপূর্ণ আন্তঃৰাষ্ট্রীয় গৱেষণা-পত্রও প্রকাশ পাইছে৷ বিজ্ঞান গৱেষণাত তেওঁৰ উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ড০ গোস্বামীক শান্তি স্বৰূপ ভাটনগৰ বঁটা (১৯৯৫), বিক্রম চাৰাভাই বঁটা (১৯৯৪) , কমল কুমাৰী ৰাষ্ট্রীয় বঁটা (২০০৮), কে আৰ ৰামানাথন বঁটা (২০০৮) আদি বিভিন্ন বঁটাৰে পুৰস্কৃত কৰা হৈছে৷
ভাৰতৰ তিনিওটা সন্মানীয় অকাদেমিয়ে Fellowship প্রদান কৰাৰ উপৰিও বিদেশৰ কেইবাটাও সন্মানীয় অকাদেমিয়েও ড০ গোস্বামীক Fellowship প্রদান কৰিছে৷ জীৱনজোৰা সাধনা বঁটাত ডেৰ লাখ টকাৰ লগতে সম্বর্ধনা- পত্র আৰু এটা স্মাৰক চিহু আছে৷ খানাপাৰাত অৱস্থিত Assam Administrative Staff Collegeত ৫ মার্চ, ২০১৯ত অনুষ্ঠিত হ’বলগীয়া এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ড০ গোস্বামীক এই বঁটা প্রদান কৰিব৷
একেটা অনুষ্ঠানতে তেজপুৰ বিশ্ববিদ্যালয়ৰ Electrical Engineering বিভাগৰ সহকাৰী অধ্যাপক ড০ মনাশিতা বৰা আৰু যোৰহাটৰ NEIST গৱেষণা কেন্দ্রক ক্রমে ‘যুৱ বিজ্ঞানী বঁটা’ আৰু ‘বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উৎকর্ষকৰণৰ শ্রেষ্ঠ অনুষ্ঠান বঁটা’ প্রদান কৰা হ’ব৷ এই দুয়োটা বঁটাতে এক লাখ টকাৰ লগত সম্বর্ধনা-পত্র আৰু স্মাৰক চিহু থাকিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি