Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 8:55 pm

Home » অন্যান্য » জি আই এম টি তেজপুৰৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান

জি আই এম টি তেজপুৰৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ প্ৰদান

তেজপুৰ : তেজপুৰস্থিত শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট্ অফ মেনেজমেণ্ট এণ্ড টেকনলজীৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিক ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ প্ৰদান কৰা হয়। প্ৰতিষ্ঠান খনৰ চায়েঞ্চ এণ্ড টেকনলজি ক্লাৱৰ উদ্যোগত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ মূল বিষয় আছিল “ৰাষ্ট্রীয় প্ৰগতিৰ ক্ষেত্ৰত প্ৰযুক্তিবিদ্যাৰ ভূমিকা”। 
৩০জনৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে Shrimanta Shankar Academy Senior Secondary School , Dispur ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৰিচিকা শইকীয়াই। দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে Govt Higher Secondary School, North Lakhimpurৰ দশম শ্ৰেণীৰ ছাত্র বিচিত্ৰ বিক্ৰম হাজৰিকা আৰু Dimension Acamemy Junior College, তেজপুৰৰ একাদশ শ্রেণীৰ ছাত্ৰ আব্দুল ফজিল। 
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানত স্থান লাভ কৰা প্ৰতিযোগী সকলক নগদ ধনৰ লগতে প্ৰমাণ পত্ৰ সমূহ প্ৰদান কৰে প্ৰতিষ্ঠান খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুলজিৎ বুঢ়াগোহাঁই আৰু ডীন (প্ৰশাসনিক) কেপ্টেইন মুকুল চন্দ্ৰ দাসে। 
আনহাতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগী লৈ অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ সমূহ নিজ নিজ বিদ্যালয়-মহাবিদ্যালয়লৈ ডাক যোগে প্ৰেৰণ কৰা হব বুলি জানিবলৈ দিছে জি আই এম টি, তেজপুৰৰ ছায়েন্স এণ্ড টেকনলজী ক্লাৱৰ সমন্বয়ক ডঃ স্তুতি চক্ৰৱৰ্তীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি