Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:29 am

Home » দেশ-বিদেশ » বায়ুসেনাৰ ৩০ হেজাৰ কোটি লুটি অনিল আম্বানিক দিলে মােডীয়ে

বায়ুসেনাৰ ৩০ হেজাৰ কোটি লুটি অনিল আম্বানিক দিলে মােডীয়ে

ঝাৰখণ্ডত মহাজোঁট বন্ধনৰ বিশাল সমাবেশত ৰাহুল গান্ধী
বাঁচী : দেশত সাধাৰণ নিৰ্বাচনত পুনৰ ক্ষমতা লাভৰ বাবে বিজেপি তৎপৰ হৈ পৰাৰ সময়তে কংগ্ৰেছ আৰু আন বিৰােধী দলসমূহেও সাম্প্রদায়িক বিজেপিক প্ৰতিৰােধ কৰিবলৈ শক্তিশালী মিত্রজোট গঠনৰ বাবে চেষ্টা চলাইছে। এনে প্রচেষ্টাৰ অগ্রগতি হিচাপেই ঝাৰখণ্ডত কংগ্ৰেছৰ মিত্র দলসমূহে মুৰাবাড়ী ময়দানত অনুষ্ঠিত কৰা পৰিবৰ্তন উষ্মলন মহা সমাবেশত অংশ ললে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। লক্ষণীয়ভারে মহাজোঁট বন্ধন অংশীদাৰ দলসমূহৰ হৈ এই সমাবেশত ঝাৰখণ্ড বিকাশ মৰ্চাৰ সভাপতি তথা প্রাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডী, ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা, প্রাক্তন উপমুখ্যমন্ত্রী ষ্টিফেন মাৰাণ্ডী, ৰাষ্ট্ৰীয় জনতা দলৰ প্রাক্তন বিধায়ক ৰামচন্দ্র সিং উপস্থিত থাকে।
জনসভাত ভাষণ দি ৰাহুল গান্ধীয়ে আকৌ অতি নিঃসংকোচে ৰাফেল বিমানৰ প্ৰসংগ আনি প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰ হৈ পৰে। ভাৰতীয় বায়ুসেনাই দেশক ৰক্ষা কৰে। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে এই বায়ুসেনা বাহিনীৰ ৩০ হেজাৰ কোটি টকা চুৰ কৰি অনিল আম্বানিক দিছে। ৰাহুল গান্ধীয়ে কয়। লক্ষণীয় যে পাকিস্তানত বন্দী হহারা ভাৰতীয় বায়ুসেনাৰ পাইলট অভিনন্দন বর্তমানক চুবুৰীয়া দেশখনে ভাৰতৰ হাতত গতাই দিয়াৰ এদিনৰ পিচতে কংগ্ৰেছ সভাপতিজনে যে বিমান ক্রয়ত হােৱা দুর্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। লগতে তেওঁ কয় যে ফ্রান্স প্রাক্তন ৰাষ্ট্রপতি চোৱা অলাণ্ডে প্রকাশ কৰামতে অনিল আম্বানিক ৰাফেল যুদ্ধ বিমান ক্ৰয়ৰ অফছেট পার্টনাৰ হিচাপে ধন লাভৰ সুযােগ নিদিলে চুক্তি বন্ধ কৰি বিমান ক্ৰয় নকৰিব বুলি মােডীয়ে কৈছিল। এইদৰেই প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ৰাফেল বিমান ক্ৰয়ত একপ্ৰকাৰে মধ্যভােগীৰ দৰে ৰিলায়েন্স কোম্পানীক সামৰি লৈ অনিল আম্বানিক ৩০ হেজাৰ কোটি টকা দিয়াৰ ব্যৱস্থা কৰি দিছিল বুলি ৰাহুলে কয়। লগতে কংগ্ৰেছ সভাপতিজনে কয় যে নৰেন্দ্ৰ মােডীয়ে বৃহৎ পুঁজিপতিসকলক বহু সুবিধা দিলে যদিও সাধাৰণ লােকৰ বাবে কাম নকৰিলে।
পুঁজিপতি উদ্যোগপতিসকলক ৩.৫ লাখ কোটি টকা ঋণ ৰেহাই দিয়া মােডীয়ে কৃষক, ক্ষুদ্র ব্যরসায়ী আৰু ছাত্ৰ-ছাত্ৰীৰ কথা ভবা নাই বুলি ৰাহুল গান্ধীয়ে কেন্দ্রীয় চৰকাৰৰ প্রকৃত স্বরূপ উদঙাবলৈ চেষ্টা কৰে। এতিয়া প্রধানমন্ত্রী কৃষক যােজনাৰ জৰিয়তে মােড়ীয়ে কৃষক পৰিয়ালসমূহৰ প্ৰতিজন সদস্যক প্রতিমাহে ৩.৫০ টকাকৈ দিবলৈ লৈছে। দুই হেক্টৰ কম মাটি থকা কৃষকে পাব বছৰি মাত্ৰ ছহেজাৰ টকা। কংগ্রেছ দল ক্ষমতালৈ আহিলে সকলাে দৰিদ্রক ন্যূনতম আয়ৰ ব্যৱস্থা কৰি তেওঁলােক ধন পােনপটীয়াকৈ বেংকত জমা হােৱাৰ ব্যৱস্থা কৰা হ’ব বুলি সভাপতিজনে ঘােষণা কৰে।
মােডী চৰকাৰে কৃষকৰ ভূমি কাঢ়ি লােৱাৰ নীতি প্রৱৰ্তন কৰা বুলি সমালােচনা কৰি ৰাহুল গান্ধীয়ে কয়— অৰণ্য আৰু ভূমি আপােনালােকৰ, আম্বানি বা আদানিহঁতৰ নহয়। ভূমি অধিগ্রহণ আইন অনুসৰি ৮০ শতাংশ কৃষকে সন্মতি নিদিয়াপর্যন্ত ভূমি অধিগ্রহণ কৰিব নােৱাৰি বা বিক্ৰী কৰিব নােৱাৰি। সকলাে দিশ চালি-জাৰি চোৱাৰ পিচত ভূমিৰ গৰাকীক বজাৰ মুল্যতকৈ চাৰিগুণ অধিক দাম দিহে ভূমি অধিগ্রহণ কৰিব পাৰি। কংগ্ৰেছশাসিত ৰাজ্যসমূহত কৃষকৰ ঋণ ৰেহাই দিয়া হৈছে বুলি কৈ তেওঁ বাকী ৰাজ্যসমূহত কংগ্ৰেছ দল ক্ষমতালৈ আহিলে এনে কৰিব বুলি তেওঁ কয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি