Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:49 am

Home » আঞ্চলিক » দাসাে কলিতাৰ গল্প সংকলন শৰবিদ্ধ’ উন্মােচন

দাসাে কলিতাৰ গল্প সংকলন শৰবিদ্ধ’ উন্মােচন

‘দায়ৱদ্ধ কৰ্মীসকল সাহিত্য সভাৰ কার্য সম্পাদনাৰ অন্য এক বৃহৎ শক্তি’ : ড° ধ্ৰুৱজ্যোতি বৰা
গুৱাহাটী : ‘অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিকে ধৰি বিভিন্ন জিলা সভা আৰু শাখা সভাত থকা বৃহৎসংখ্যক দায়ৱদ্ধ কর্মী, সভাৰ অন্যতম বৃহৎ শক্তি। সভাৰ সাংগঠনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত এইসকল কর্মীৰ অৱদান সভাৰ উত্তৰণৰ বাবে অঞ্চল বিশেষে অন্যতম লেখত ল’বলগীয়া। ভগৱতী প্রদাদ বৰুৱা ভৱনৰ নেহা আগৰৱালা স্মৃতি সদনত অনুষ্ঠিত দাসাে কলিতাৰ গল্প সংকলন শৰবিদ্ধ’ উন্মােচন কৰি দিয়া ভাষণত সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট ঔপন্যাসিক ড° ধ্ৰুৱজ্যোতি বৰাই এইদৰে কয়।
দাসাে কলিতাৰ গল্প সংকলন শৰবিদ্ধ’ উন্মােচনৰ মুহূর্তত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী, প্রাক্তন সভাপতি ড’ ধ্ৰুৱজ্যোতি বৰাকে ধৰি বিশিষ্ট ব্যক্তিসকল, গুৱাহাটীৰ ভগৱতী প্রসাদ বৰুৱা ভৱনত।
অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশীৰ পৌৰােহিত্যত অনুষ্ঠিত সভাখনত অংশগ্রহণ কৰি ড° বৰাই লগতে কয়—‘সাহিত্য সভাত দাসাে কলিতাৰ দৰে তৃণমূল পর্যায়ত এনে বহু দায়ৱদ্ধ কর্মী আছে যিসকলে সভাৰ কাম-কাজ কৰি অহাৰ উপৰি নিষ্ঠাসহকাৰে সাহিত্য চর্চাও কৰি আহিছে। বহুসংখ্যক গ্রন্থ প্রণয়ন কৰি ইতিপূর্বে সাহিত্যিক পেন্সন লাভ কৰা কলিতাৰ শেহতীয়া গল্প সংকলন শৰবিদ্ধ’ অন্যতম লেখত লবলগীয়া গল্প সংকলন।
কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আয়ােজিত সভাখনৰ সভাপতিৰ ভাষণ প্রসংগত ড° ৰাজবংশীয়ে কয়—“সাহিত্য সভাত তৃণমূল পর্যায়ত সাংগঠনিক কাম-কাজ কৰি থকা বহুসংখ্যক কর্মকর্তাই নীৰৱতাৰে সাহিত্য সৃষ্টিত মনােনিৱেশ কৰি আহিছে, সেই নিষ্ঠাবান কর্মীসকলৰ ভিতৰত দাসাে কলিতাও অন্যতম। সভাৰ প্রাক্তন সহকাৰী সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা সভাখনত বিশিষ্ট অতিথি হিচাপে সাহিত্য অকাদেমিৰ অনুবাদক বঁটা প্রাপক বিপুল দেউৰী, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি মৃণালিনী দেৱী, জিলা সভাৰ উপ-সভাপতি বিষ্ণু ডেকাও উপস্থিত থাকি বক্তব্য আগ বঢ়ায়। পদুমী পাঠকৰ গীতেৰে আৰম্ভ হােৱা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে জিলাৰ সম্পাদক দুর্গেশ্বৰ পাঠকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি