Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:20 am

Home » আঞ্চলিক » চৰম হতাশাত ভুগিছে বদৰুদ্দিন আজমল

চৰম হতাশাত ভুগিছে বদৰুদ্দিন আজমল

  • এই পর্যন্ত নাই নির্বাচন-কেন্দ্রিক তৎপৰতা
  • কংগ্ৰেছৰে মিত্ৰতাৰ চেষ্টাতাে পৰিছে চেঁচাপানী
  • কংগ্ৰেছত যােগ দিয়াৰ সম্ভাৱনা কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস

গুৱাহাটী : এসময়ৰ কিং মেকাৰৰ নাই এতিয়া ভৰিৰ তলৰ মাটি৷ চৰম হতাশাত ভুগিছে বদৰুদ্দিন আজমল। এসময়ত ৰাজ্যৰ সষ্টি কৰা এ আই ইউ ডি এফৰ ৰাজনীতিত খলকনিৰ সভাপতি বদৰুদ্দিন আজমল নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে। কংগ্রেছৰ সৈতে মিত্রতা গঢ়িবলৈ আপ্রাণ চেষ্টা চলােৱা বদৰুদ্দিন আজমলক হতাশ কৰিছে কংগ্ৰেছে। লােক সভাৰ নিৰ্বাচনত কংগ্ৰেছে বুজাপৰা কৰিব বুলি এ আই ইউ ডি এফৰ সাংসদজনে আশা পালি আছিল যদিও কংগ্ৰেছে এইপর্যন্ত কোনাে গুৰুত্ব নিদিয়াত বদৰুদ্দিন আজমল চৰম হতাশাত ভুগিছে।
অসমৰ ৰাজনীতিত ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হৈ এতিয়া ভৰিৰ মাটি হেৰুওৱাৰ উপক্রম ঘটিছে এ আই ইউ ডি এফৰ। আগন্তুক লােক সভাৰ নিৰ্বাচনত আসন শূন্য হােৱাৰ আশংকাত ভােগা এ আই ইউ ডি এফে এইপর্যন্ত নির্বাচনকেন্দ্রিক কোনাে তৎপৰতা প্রদর্শন কৰা নাই।
জানিব পৰা মতে, এ আই চি চিৰ দুজন জ্যেষ্ঠ নেতাৰ জৰিয়তে বদৰুদ্দিন আজমলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ওচৰত মিত্ৰতাৰ প্ৰস্তাৱ দিছে। তিনিটা লােক সভা সমষ্টি ক্রমে ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জত এ আই ইউ ডি এফক এৰি দিবলৈ আজমলে প্রস্তাৱ দিয়া বুলি কংগ্রেছৰ সূত্ৰত প্রকাশ।
এই তিনিওটা সমষ্টিয়েই এ আই ইউ ডি এফৰ অধীনত আছে। সংখ্যালঘু ভােটাৰৰ মাজত এ আই ইউ ডি এফৰ ভেটি খহাৰ বাবেই কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস কংগ্ৰেছত যােগ দিবলৈ ওলােৱাৰ খবৰ ইতিমধ্যে প্রকাশ পাইছে। কংগ্ৰেছে মিত্রতা সন্দৰ্ভত কোনাে সঁহাৰি নিদিয়াত বিশ্বাসে দলত্যাগ কৰিবলৈ উঠিপৰি লাগিছে।
পূর্বৰ জনসমর্থন হেৰুৱাই এককভাৱে এইবাৰৰ নিৰ্বাচনত জয়ৰ মুখ দেখিব বুলি পতিয়ন যােৱা নাই বদৰুদ্দিন আজমল আৰু তেওঁৰ সাংসদ ভাতৃ চিৰাজউদ্দিন আজমল। দলৰ বিধায়কসকলেও কংগ্রেছৰ সৈতে মিত্রতা কৰাৰ বাবে আজমলৰ ওপৰত হেঁচা দিছে। ৰাজনৈতিক অস্তিত্ব ৰাখিবলৈ দিল্লীত মিত্ৰতাৰ চেষ্টা চলাই থাকিলেও এইপর্যন্ত আজমলৰ চাউল সিজা নাই।
জানিব পৰা মতে, ২৬ ফেব্ৰুৱাৰীত উত্তৰ-পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত ৰাহুল গান্ধীৰ উপস্থিতিতাে উত্তৰ-পূবত অন্য দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ প্রসংগ ওলাইছিল। উক্ত বৈঠকতাে প্রদেশ কংগ্রেছৰ বহুকেইজন নেতাই অসমত অন্য দলৰ সৈতে মিত্ৰতাৰ বিৰােধিতা কৰিছিল বুলি কংগ্ৰেছৰ সূত্রত প্রকাশ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি