Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:36 am

Home » আঞ্চলিক » এবছুৰ কোনাে আদর্শ নাইঃ হাগ্রামা

এবছুৰ কোনাে আদর্শ নাইঃ হাগ্রামা

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিপিএফৰ নাগৰিক সভা
তামুলপুৰ : নিখিল বড়াে ছাত্ৰ সন্থাৰ (এবছু) কোনাে আদর্শ নাই। নির্বাচন আহিলে এবছুৱে পৃথক ৰাজ্যৰ দাবীত আন্দোলন কৰে। —এই ভাষ্য বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ। তামুলপুৰ জিলা বি পি এফৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রেক্ষাগৃহত অনুষ্ঠিত নাগৰিক সভাত এই মন্তব্য আগবঢ়ায় বিটিচিপ্রধান মহিলাৰীয়ে।
ভাষণ প্রসংগত তেওঁ পুনৰ কয় যেএবছুৱে নিৰ্বাচনৰ সময়তহে পৃথক বড়াে ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰে। এবছুৰ এই আন্দোলনৰ কোনাে কাম নাই। আন্দোলনৰ নামত এবছুৰ নেতা প্রমােদ বড়ােৱে জনগােষ্ঠীক বিপথে পৰিচালনা কৰা বুলিও অভিযােগ | কৰে বিটিচিপ্রধান মহিলাৰীয়ে। তেওঁ কয়- এবছুৰ সভাপতি প্রমােদ বড়ােৱে সুকীয়া বড়াে ৰাজ্য গঠন হয় বুলি জানিও অনর্থক আন্দোলন চলাই আছে।
বিটিচিৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনৰ সমৰ্থনতহে। বিটিচি চুক্তি সম্পাদিত হৈছিল। এই চুক্তি অনুসৰি ৰাইজৰ সমৰ্থনত বি পি এফ দলে বিগত পােন্ধৰটা বছৰে শাসনভাৰ চলাই আছে। বি টি এ ডিত বসবাস কৰা প্ৰতিটো জাতি-জনগােষ্ঠীৰ উন্নয়নৰ বাবে বি পি এফ দলে কাম কৰি যাব।
তামুলপুৰ জিলা বি পি এফৰ সভাপতি কেশৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। উদ্বোধনী ভাষণত তেওঁ লােকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াক ৰাজহুৱাভাৱে কটাক্ষ কৰি নৱ কুমাৰ শৰণীয়াই তামুলপুৰৰ সমাজ জীৱনত কি কাম কৰিছে বুলি প্রশ্ন কৰে। দৈমাৰীয়ে কয়— মই সাংসদ হিচাপে বিটিচিৰ উন্নয়নৰ বাবে যিমান কৰিছোঁ, সাংসদ নৱ কুমাৰ শৰণীয়াই বিগত পাঁচ বছৰত কোকৰাঝাৰ লােকসভা সমষ্টিৰ কথা বাদেই তামুলপুৰত কি কাম কৰিছে ৰাইজক দেখুৱাই দিয়ক। প্রসংগক্রমে তেওঁ কয় যে একাংশ লােকে কৈ থকাৰ দৰে বি টি এ ডিত অসমীয়া ভাষাৰ কেতিয়াও মত নহয়, হ’ব নােৱাৰে। সাম্প্রতিক সময়ত বি টি এ ড়িত বড়াে-অবড়ােৰ ৰাজনীতি কৰি লাভ নাই বুলি মন্তব্য কৰি তেওঁ কয় যে নৱ কুমাৰ শৰণীয়াই বড়াে-অবড়াে ৰাজনীতি কৰাৰ বাহিৰে উন্নয়নৰ এটাও কাম নকৰিলে। তেওঁ পুনৰ কয় যে বি পি এফ দলেই একমাত্র ৰাজনৈতিক দল, যিয়ে বিগত ১৫ বছৰে বিটিচি অঞ্চলৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰি আহিছে।
তামুলপুৰ জিলা বি পি এফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত সমাজ কল্যাণ বিভাগৰ মন্ত্রী প্রমীলাৰাণী ব্ৰহ্মই বি টি এ ডিত শান্তি-সম্প্রতি বজাই ৰাখি প্ৰতিটো জাতি-জনগােষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যাবলৈ সকলােকে আহ্বান জনায়। সভাত উপস্থিত থাকে বি পি এফ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল মুছাহাৰী, সম্পাদক প্রবীণ বড়াে, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী, দেৱেন বড়াে, মহেশ্বৰ বসুমতাৰী আদিকে ধৰি কেইবাগৰাকীও নেতা-কর্মী। সভাত দুই সহস্রাধিক লােক উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি