Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:26 am

Home » আঞ্চলিক » অসম আন্দোলনৰ সক্রিয় কর্মী-সমাজসেৱক আব্দুল মান্নানৰ বিয়ােগ

অসম আন্দোলনৰ সক্রিয় কর্মী-সমাজসেৱক আব্দুল মান্নানৰ বিয়ােগ

বৰপেটাৰােড : অসম আন্দোলনৰ অন্যতম সক্রিয় কর্মী, বৰপেটাৰােডৰ বিশিষ্ট সমাজকর্মী তথা কেইবাটাও অনুষ্ঠানৰ সৈতে জড়িত অগ্রণী ব্যক্তি আব্দুল মান্নানৰ দেওবাৰে গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। তেওঁৰ মৃত্যুৰ বাতৰিয়ে বৰপেটাৰােডকে ধৰি নামনি অসমৰ বৃহত্তৰ এলেকাত শােকৰ ছাঁ পেলাইছে।
সৰভােগৰ ডেকাৰবড়ি গাঁৱত ১৯৪৯ চনত জন্মগ্রহণ বা আব্দুল মান্নান প্রয়াত আব্দুল আজিজ প্রথম পুত্ৰ আছিল। হাউলীৰ বি এইচ কলেজত অধ্যয়ন ক আব্দুল মান্নানে পৰৱৰ্তী সময়ত এগৰাকী প্রতিষ্ঠিত ব্যৱসায়ী হিচাপে পৰিচিত হােৱাৰ লগতে সবভােগৰ পৰা আহি প্রথমে বৰপেটাৰােডৰ ৯ নং ৱাৰ্ডত থাকিবলৈ লয় যদিও শেহতীয়াকৈ চহৰখনৰ মিছন বােডত নিগাজিকৈ থাকিবলৈ লয়।
সদৌ অসম ছাত্ৰ সন্থাৰ প্রতিষ্ঠাকালৰ সৈতে জড়িত আব্দুল মান্নান জাতীয় সংগঠনটোৰ অন্যতম পৃষ্ঠপােষক আছিল। ছাত্ৰ অৱস্থাৰ পৰাই বিভিন্ন সামাজিক কামৰ লগত জড়িত হােৱাৰ লগতে অসম আন্দোলনৰ অন্যতম সক্রিয় কর্মী হিচাপে কেইবাটাও জাতীয় আন্দোলনত জড়িত হৈ দেশ আৰু জাতিৰ হকে তেওঁ সংগ্ৰামত লিপ্ত হৈছিল। বিশেষকৈ ১৯৬০ চনৰ মাধ্যম আন্দোলন, ১৯৭২ চনৰ ভাষা আন্দোলনৰ লগতে ১৯৭৯ চনত চলা বিদেশী খেদা আন্দোলনৰ তেওঁ আছিল অসমৰ অন্যতম এগৰাকী নেতা। তেওঁৰ উদ্যোগতে বৰপেটা জিলাত এই আন্দোলনে অন্যতম গতি লাভ কৰিছিল বুলি সেই সময়ত সকলােৰে মুখে মুখে প্রচলিত আছিল আৰু তেওঁৰ এই অৱদান সকলােরে স্বীকাৰ কৰে। তাহানিৰ পূর্বাঞ্চলীয় লােক পৰিষদৰ সক্রিয় কর্মী আব্দুল মান্নান অসম গণ পৰিষদৰ সৈতেওঁ জড়িত আছিল। তদুপৰি বৰপেটাৰােডৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত আব্দুল মান্নানৰ উদ্যোগতে চহৰখনত কেইব্রাটাও অনুষ্ঠানৰ জন্ম হােৱাৰ লগতে তেনে অনুষ্ঠানসমূহৰ তেওঁ আছিল মূল হােতা। বিশেষকৈ বৰপেটাৰােড সার্বজনীন ৰঙালী বিহু সন্মিলনৰ প্রতিষ্ঠা কালৰ অন্যতম হােতা আব্দুল মান্নান অসম সাহিত্য সভাৰ সৈতেও জড়িত আছিল আৰু তেওঁ সাহিত্য সভাৰ আজীৱন সদস্য আছিল।
অসম সাহিত্য সভাৰ দ্বি-সপ্ততিতম বৰপেটাৰােড অধিৱেশনৰ কর্ণধাৰ সমিতিৰ সদস্য পদৰ লগতে বাণিজ্যিক উপ-সমিতিৰাে বিষয়ববীয়া হিচাপে তেওঁ সেৱা আগবঢ়াইছিল। একেদৰে চহৰখনৰ অন্যতম ‘দা বৰপেটাৰােড ক্লাব’ৰাে অন্যতম উদ্যোক্তা আব্দুল মান্নানে কেইবা বছৰ এই ক্লাবৰ সম্পাদক হিচাপে কার্যনির্বাহ কৰিছিল। বৰপেটাৰােড ঈদগাহ সমিতি, বৰপেটাৰােড় আঞ্চলিক ট্রাক মালিক সন্থাৰ সভাপতিকে আদি কৰি আন কেইবাটাও অনুষ্ঠানৰ সৈতে তেওঁ জড়িত আছিল।
বিগত কিছু বছৰ ধৰি অসুস্থ হৈ পৰা আব্দুল মান্নানক শেহতীয়াকৈ গুৱাহাটীৰ বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন কৰােৱা হৈছিল। কিন্তু আজি দিনৰ প্রায় ১.৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে ৭০ বছৰ বয়সীয়া আব্দুল মান্নানে পত্নী, এগৰাকী কন্যা আৰু এজন পুত্ৰক ইহসংসাৰত এৰি থৈ যায়। সোমবাৰে দিনৰ ১২ বজাত তেওঁৰ জানাজা বৰপেটাৰােডৰ খৈৰাবাৰী কৰস্থানত কৰা হ’য়।
বিভিজনৰ শোকপ্ৰকাশ
আব্দুল মান্নানৰ মৃত্যুৰ খবৰ পাই কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰাজ্যসভাৰ প্রাক্তন সাংসদ কুমাৰ দীপক দাস, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গােস্বামী, অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সচিব হেমেন দাস, দ্য বৰপেটাৰোড ক্লাৱৰ সভাপতি ডেভিড লেজাৰ, সম্পাদক অজয় কুমাৰ চৌধুৰী, মানাহৰপৰীয়া প্ৰেছ গীল্ডৰ সভাপতি হায়াত আলী, সম্পাদক তথা সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হক, দ্য আঠিয়াবাৰী ক্লাৱৰ সভাপতি ছহিবুল ইছলাম, সম্পাদক মেহদি হাছান, বৰপেটাৰােড সাহিত্য সভা, বৰপেটাৰােড প্ৰেছ ক্লাব, বৰপেটাৰােড় ছাত্ৰ সন্থা, বৰপেটাৰােড সাহিত্য প্রকাশ, বৰপেটাৰােড সার্বজনীন ৰঙালী বিহু সন্মিলন, বৰপেটাৰােড ৰাস মন্দিৰ পৰিচালনা সমিতি, বৰপেটাৰােড মছজিদ সমিতি, ব্যবসায় সন্থা, বৰপেটাৰােড় অগপ আদিকে ধৰি বহু দল-সংগঠনে গভীৰ শােক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গবীৰ সমবেদনা জ্ঞাপন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি