চৰম হতাশাত ভুগিছে বদৰুদ্দিন আজমল
এই পর্যন্ত নাই নির্বাচন-কেন্দ্রিক তৎপৰতা কংগ্ৰেছৰে মিত্ৰতাৰ চেষ্টাতাে পৰিছে চেঁচাপানী কংগ্ৰেছত যােগ দিয়াৰ সম্ভাৱনা কৰিমগঞ্জৰ সাংসদ ৰাধেশ্যাম বিশ্বাস গুৱাহাটী : এসময়ৰ কিং মেকাৰৰ নাই এতিয়া ভৰিৰ তলৰ মাটি৷ চৰম হতাশাত ভুগিছে বদৰুদ্দিন আজমল। এসময়ত ৰাজ্যৰ সষ্টি কৰা এ আই ইউ ডি এফৰ ৰাজনীতিত খলকনিৰ সভাপতি বদৰুদ্দিন আজমল নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে। কংগ্রেছৰ সৈতে মিত্রতা গঢ়িবলৈ আপ্রাণ চেষ্টা চলােৱা বদৰুদ্দিন আজমলক হতাশ কৰিছে কংগ্ৰেছে। লােক সভাৰ নিৰ্বাচনত কংগ্ৰেছে বুজাপৰা কৰিব বুলি এ আই ইউ ডি এফৰ সাংসদজনে আশা পালি আছিল যদিও কংগ্ৰেছে এইপর্যন্ত কোনাে গুৰুত্ব নিদিয়াত বদৰুদ্দিন আজমল চৰম হতাশাত ভুগিছে। অসমৰ ৰাজনীতিত ত্রাণকর্তাৰ ৰূপত অৱতীর্ণ হৈ এতিয়া ভৰিৰ মাটি হেৰুওৱাৰ উপক্রম ঘটিছে এ আই ইউ ডি এফৰ।