Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:18 pm

Home » আঞ্চলিক » লোক সভাৰ নির্বাচনত অগপৰ সৈতে মিত্রতাৰ সম্ভাৱনা নস্যাৎ বিজেপিৰ

লোক সভাৰ নির্বাচনত অগপৰ সৈতে মিত্রতাৰ সম্ভাৱনা নস্যাৎ বিজেপিৰ

গুৱাহাটী : লোক সভাৰ নির্বাচনৰ পূর্বে অগপৰ সৈতে কোনোধৰণৰ মিত্রতাৰ সম্ভাৱনা আজি নস্যাৎ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷ আনহাতে অগপই পুনৰ বিজেপিৰ সৈতে মিত্রতাৰ প্রস্তাৱ দিবলৈ হ’লে লিখিতভাৱে দিব লাগিব আৰু নিজৰ স্থিতি সলনি কৰিব লাগিব বুলিও তেওঁ চর্ত আৰোপ কৰে৷ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত আজি অনুষ্ঠিত এটা যোগদান অনুষ্ঠানত এ আই চি চিৰ প্রাক্তন সাধাৰণ সম্পাদক তথা বৰাকৰ কংগ্রেছ নেতা গৌতম ৰয়ৰ সতীর্থ টুটু সৰকাৰে শতাধিক সতীর্থসহ বিজেপিত যোগ দিয়ে৷
অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতিজনে অগপৰ সৈতে সমাগত লোক সভাৰ নির্বাচনৰ পূর্বে পুনৰ মিত্রতাৰ সম্ভাৱনা নস্যাৎ কৰে৷ তেওঁ কয় যে যি বিষয়ক লৈ অগপই বিজেপিৰ সৈতে মিত্রতা ভংগ কৰিছিল, সেই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমর্থন এতিয়াও বিজেপিয়ে কৰি আছে আৰু কৰি যাব৷ গতিকে অগপই যদি বিজেপিৰ সৈতে মিত্রতা কৰিবলৈ ইচছা কৰে তেনেহ’লে তেওঁলোকে নিজৰ স্থিতি সলনি কৰিব লাগিব৷ অগপই মিত্রতাৰ পাছতো বিধেয়কখনৰ বিৰোধিতা নকৰে বুলি লিখিতভাৱে জনাই মিত্রতাৰ প্রস্তাৱ দিলেহে বিজেপিৰ ৰাষ্ট্রীয় সমিতিয়ে পুনৰ মিত্রতাৰ বিষয়টো বিবেচনা কৰিব বুলিও তেওঁ স্পষ্ট কৰে৷
আনহাতে অকলে লোক সভাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি বিজেপিয়ে অসমত ১১খন আসন লাভ কৰিব বুলিও তেওঁ দাবী কৰে৷ তেওঁ কোকৰাঝাৰ সমষ্টিটো বি পি এফক এৰি দিয়া হ’ব বুলি সদৰী কৰে৷ ইফালে কালি খানাপাৰা খেলপথাৰৰ সভাত ৰাহুল গান্ধীয়ে অংশগ্রহণ কৰি যোৱা সন্দর্ভত ৰঞ্জিত দাসে কয় যে ৰাহুল গান্ধীয়ে অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতিৰ কথা একো নাজানে৷ সেয়ে জাপিকো টুপী বুলি কোৱা বুলি কটাক্ষ কৰে৷ তেওঁ কয় যে কংগ্রেছৰহে টুপী পিন্ধোৱা সংস্কৃতি আছে৷ তেওঁলোকে টুপী পিন্ধাই আহিছে৷
সেয়ে ৰাহুল গান্ধীয়ে কালি জাপিকো টুপী বুলি কোৱা বুলি তেওঁ কটাক্ষ কৰে৷ আনহাতে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক আক্রমণৰ লক্ষ্য কৰি ৰঞ্জিত দাসে কয় যে তেওঁৰ বয়স হৈছে৷ সেয়ে তেওঁ বহু কথা পাহৰিছে৷ তেওঁ বিজেপিক সমালোচনা কৰিলেও বহু কথা বিজেপিয়ে ধৰা নাই বুলিও কয়৷ লক্ষণীয় যে বৰাকৰ শক্তিশালী কংগ্রেছ নেতা গৌতম ৰয়ৰ ঘনিষ্ঠ সতীর্থ তথা এ আই চি চিৰ প্রাক্তন সাধাৰণ সম্পাদক টুটু সৰকাৰে আজি বিজেপিত যোগ দিয়ে৷ যুৱ নেতাজনৰ সৈতে তুম্পা দে’, পুলক দাস, পংকজ চৌধুৰী, অমিতাভ দেৱ চৌধুৰী, নিপন সৰকাৰ, মুন্না বিশ্বাস আদি বৰাকৰ যুৱ নেতা-নেত্রীৰ লগতে জালুকবাৰীৰ প্রণৱ কুমাৰ বৰুৱা আৰু যোৰহাটৰ বাসিন্দা তথা অইল ইণ্ডিয়াৰ অৱসৰপ্রাপ্ত বিষয়া আদিত্য প্রকাশ শর্মাকে ধৰি শতাধিক সক্রিয় সমাজকর্মী, যুৱ নেতাই আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি