Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:29 pm

Home » আঞ্চলিক » ভোটাৰৰ সন্দেহ নিৰসনৰ বাবে প্রচেষ্টা : ই ভি এমৰ লগতে ব্যৱহাৰ হ’ব ভি ভি পেট

ভোটাৰৰ সন্দেহ নিৰসনৰ বাবে প্রচেষ্টা : ই ভি এমৰ লগতে ব্যৱহাৰ হ’ব ভি ভি পেট

গুৱাহাটী : নির্বাচনত ৰাজনৈতিক দল আৰু প্রার্থীয়ে আর্হি আচৰণ বিধি ভংগ কৰাৰ লগতে বিভিন্ন সময়ত পেইড নিউজ সম্পর্কত উত্থাপিত অভিযোগৰ বাবে পূর্বতকৈ অধিক কঠোৰ হ’ব নির্বাচন আয়োগ৷ তদুপৰি ইলেকট্রনিক ভোটিং মেচিনৰ (ই ভি এম) ওপৰত ভোটাৰৰ সন্দেহ নিৰসনৰ বাবে প্রচেষ্টা গ্রহণ কৰিছে আয়োগে৷ লোক সভাৰ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰ নির্বাচন বিভাগেও সুকলমে নির্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে৷
এইবাৰ লোক সভাৰ নির্বাচনত প্রতিটো ভোট গ্রহণ কেন্দ্রত ই ভি এমৰ লগতে ব্যৱহাৰ হ’ব ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্রায়েল (ভিভিপেট)৷ উল্লেখযোগ্য যে ই ভি এম ব্যৱহাৰ হোৱাৰ ফলত নির্বাচনৰ ফলক লৈ বিভিন্ন মহলে সন্দেহ ব্যক্ত কৰি আহিছে৷ এই সন্দেহ নিৰসনৰ বাবে অসমত এইবাৰ সকলো ভোটকেন্দ্রত ভিভিপেট ব্যৱহাৰ কৰিব নির্বাচন আয়োগে৷ ভিভিপেট ব্যৱহাৰ হোৱাৰ ফলত ই ভি এমত ভোটদান কৰা ভোটাৰে নিজৰ নাম, ক্রমিক নং আৰু ভোটদান কৰা প্রার্থীৰ প্রতীক চিহু থকা এটুকুৰা সৰু শ্লিপ ভিভিপেটৰ পৰা ওলাই অহা প্রত্যক্ষ কৰিব৷ এই শ্লিপৰ টুকুৰাটো মাত্র ৭ ছেকেণ্ডৰ বাবে প্রত্যক্ষ কৰিব পৰা যাব৷
ভোটাৰে ভিভিপেটৰ পৰা ওলাই অহা কাগজৰ শ্লিপৰ টুকুৰাটো প্রত্যক্ষহে কৰিব পাৰিব, কিন্তু সেই শ্লিপ টুকুৰা লগত নিব নোৱাৰিব৷ ই ভি এম মেচিনৰ ভোট গণনাৰ পাছত ভিভিপেটৰ পৰা ওলোৱা শ্লিপসমূহ গণনা কৰা হ’ব৷ অৱশ্যে ই ভি এম মেচিনৰ ভোটৰ লগত ভিভিপেটৰ শ্লিপৰ ভোট মিলিছেনে নাই, সেই কথা নির্বাচন আয়োগে তুলনামূলকভাৱে পৰীক্ষা কৰিব এটাকৈ বিধানসভা সমষ্টিত৷
ৰাজ্যত মুঠ ২৮,১৪০টা ভোটকেন্দ্র আছে আৰু এই প্রতিটো ভোটকেন্দ্রতে এইবাৰ পোন প্রথমবাৰৰ বাবে ভিভিপেট ব্যৱহাৰ হ’ব৷ আজি দিছপুৰত সংবাদ মাধ্যমৰ সৈতে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া মুকেশ চাহুহে কৰা মত বিনিময়ৰ সময়ত এই কথা জানিবলৈ দি কয় যে যোৱা বিধানসভাৰ নির্বাচনত পাইলট প্রজেক্ট হিচাপে মাত্র দহটা বিধানসভা সমষ্টিত ভিভিপেট ব্যৱহাৰ কৰা হৈছিল৷ লোক সভাৰ নির্বাচনত সকলোবোৰ ভোটকেন্দ্রতে নতুন ব্যৱস্থাটো প্রযোজ্য কৰা হ’ব৷ তেওঁ আৰু কয় যে দেশৰ নির্বাচন আয়োগৰ পৰা অহা নির্দেশ়না অনুসৰি পেইড নিউজ, আর্হি আচৰণ বিধি ভংগ, নির্বাচন ব্যয় সম্পর্কতো চোকা দৃষ্টি ৰখা হ’ব৷ কোনো প্রার্থীৰ সমর্থনত বাতৰি প্রকাশ হ’লে সেই বাতৰিটো আচলতে বিজ্ঞাপনহে হ’ব লাগিছিল নেকি সেই কথা পৰীক্ষণ কৰিবলৈ জিলা আৰু ৰাজ্যিক ভিত্তিত এখনকৈ কমিটী থাকিব৷
প্রার্থীৰ সমর্থনত প্রকাশ হোৱা বাতৰিটো আচলতে বিজ্ঞাপনহে হ’ব লাগিছিল বুলি যদি কমিটীখনে ভাবে তেন্তে সেই বাতৰিটো যিজন প্রার্থীৰ সমর্থনত প্রকাশ হৈছিল তেওঁৰ পৰা নির্বাচন আয়োগে বিজ্ঞাপনৰ নিৰিখত জৰিমনা আদায় কৰি ল’ব৷ পেইড নিউজ সম্পর্কত জিলা আৰু ৰাজ্যিক পর্যায়ত থকা কমিটীৰ পৰা প্রার্থী বা দলে বিজ্ঞাপন দিলে কমিটীৰ প্রমাণ-পত্র লৈহে বিজ্ঞাপন দিব পাৰিব৷ মুখ্য নির্বাচন আয়ুক্ত চাহুৱে সংবাদ মাধ্যমৰ প্রতিনিধিসকলৰ সৈতে কৰা মত বিনিময়ৰ সময়ত কয় যে প্রার্থীৰ নির্বাচনী ব্যয় নিৰীক্ষণ কৰিবলৈ থাকিব আন এখন কমিটী৷
দলীয় প্রচাৰৰ ব্যয় প্রার্থীৰ ব্যয় পৰীক্ষা কৰিব নির্বাচন আয়োগে নিযুক্তি দিয়া পর্যবেক্ষকে৷ ৰাইজেও এই ক্ষেত্রত অনলাইন বা অফলাইনত অভিযোগ দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে চাহুৱে৷ তেওঁ আৰু কয় যে স্বীকৃতিপ্রাপ্ত দলে ৪০ গৰাকী আৰু পঞ্জীয়নভুক্ত দলে ২০ গৰাকী তাৰকা প্রচাৰক নির্বাচনী প্রচাৰত লগাব পাৰিব৷ বিভিন্ন এপ’ৰ জৰিয়তে ৰাইজে প্রার্থীৰ শপতনামা চাই তথ্য বিসংগতি থাকিলে অভিযোগ দাখিল কৰিব পাৰিব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি