মুম্বাই : বিশ্বৰ শীর্ষ দহগৰাকী ধনাঢ্য ব্যক্তিৰ তালিকাত অন্তর্ভুক্ত হ’বলৈ সক্ষম হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানি। হুৰুন গ্ল’বেল ৰিচ্ছ লিষ্ট ২০১৯ অনুসৰি শীর্ষ ১০ গৰাকী ধনাঢ্যৰ দশম স্থানত থকা আম্বানিৰ মুঠ সম্পদৰ পৰিমাণ হৈছে ৫৪ বিলিয়ন ডলাৰ। ৩.৮৩ ত্রিলিয়ন ডলাৰেৰে এই তালিকাৰ শীৰ্ষত আছে এমাজনৰ মুৰব্বী জেফ বেজুছ। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত নাম থকা অন্যান্য ভাৰতীয়সকল হৈছে— এছ পি হিন্দুজা (২১ বিলিয়ন ডলাৰ), আজিম প্রেমজী (১৭ বিলিয়ন ডলাৰ), ছাইৰাছ এছ পুনাৱালা (১৩ বিলিয়ন ডলাৰ) ইত্যাদি।