Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 10:50 am

Home » আঞ্চলিক » বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি : সদনত সৰৱ ভূমিকা বিধায়ক আব্দুল খালেকৰ

বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি : সদনত সৰৱ ভূমিকা বিধায়ক আব্দুল খালেকৰ

গুৱাহাটী : বিদেশীৰ নামত বিভিন্ন সময়ত স্বদেশীক হাৰাশাস্তি কৰাটো এক নিয়মত পৰিণত হৈছে অসমত। বিশেষকৈ সন্দেহৰ গইনা লৈ ভাৰতীয় নাগৰিকক বিদেশী সজাই সীমান্ত আৰক্ষীয়ে বিদেশীৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ সদনত সৰৱ ভূমিকা পালন কৰে কংগ্ৰেছৰ বিধায়ক আব্দুল খালেকে। সাধাৰণ লোকৰ কথা বাদেই, ভাৰতীয় সেনাত কৰ্মৰত তিনি ভাতৃলৈ বিদেশীৰ জাননী প্ৰেৰণ কৰা সন্দৰ্ভত প্ৰকাশিত বাতৰিয়ে জোকাৰণি তুলিলে সদনৰ মজিয়াত। ভাৰতীয় নাগৰিকক এনেদৰে বিদেশীৰ নামত হাৰাশাস্তি কৰা সন্দৰ্ভত বিধায়ক আব্দুল খালেকে সদনৰ মজিয়াত দাঙি ধৰি চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰে। 
আনহাতে ভাৰতীয় সেনাৰ কলকাতাৰ কাচৰাপাৰা ৰেজিমেণ্টৰ উচ্চপদস্থ বিষয়াই অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালকপ্ৰধান, বৰপেটা জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ গোচৰটো নিষ্পত্তি কৰি প্ৰকৃত ভাৰতীয় নাগৰিক সেনা জোৱানকেইজনক দেশসেৱাৰ সুযোগ দিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ ব্যক্ত কৰে বিধায়কগৰাকীয়ে। 
ভাৰতীয় সেনাত কৰ্মৰত লোকলৈ যদি বিদেশীৰ জাননী প্ৰেৰণ কৰে, তেন্তে সাধাৰণ জনতাৰ কি হ’ব বুলি প্ৰশ্ন কৰি বিধায়ক খালেকে আৰু কয় যে সীমান্ত আৰক্ষীয়ে কোনোধৰণৰ তদন্ত নকৰাকৈ যে বিদেশীৰ জাননী প্ৰেৰণ কৰে সেয়া প্ৰমাণিত হৈছে। দোষী সীমান্ত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে বিধায়কগৰাকীয়ে। সাধাৰণ নাগৰিকৰ কথা বাদেই, ভাৰতীয় সেনা জোৱানলৈ বিদেশীৰ জাননী প্ৰেৰণ কৰা বিষয়টো প্ৰকাৰান্তৰে স্বীকাৰ কৰিবলৈ বাধ্য হয় চৰকাৰ। 
জনীয়াৰ বিধায়ক আব্দুল খালেকে কালি শূন্যকালীন ঘণ্টাত ভাৰতীয় নাগৰিকক এনেদৰে সন্দেহৰ ভিত্তিত বিদেশী সজাবলৈ চেষ্টা কৰা সন্দৰ্ভত চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচৰাত আজি চৰকাৰীভাৱে এক পালমৰা উত্তৰ দিয়ে। সদনত দিয়া উত্তৰ অনুসৰি ২০০৩ চনত সৰভোগ তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উপ-পৰিদৰ্শক এছ এন কোঁৱৰে চাৰিটা আই এম ডি টি গোচৰ ৰুজু কৰিছিল। উক্ত চাৰিটা গোচৰ ক্ৰমে আব্দুল হামিদ, পিতা- হাফিজউদ্দিন, খুদেজা বেগম, স্বামী- আব্দুল হামিদ, ৰুষ্টম আলী, পিতা- আব্দুল হামিদ আৰু চাহিদুল ইছলাম, পিতা- আব্দুল হামিদৰ বিৰুদ্ধে ৰুজু হৈছিল। সকলোৰে ঘৰ সৰভোগ থানাৰ অন্তৰ্গত সৰুহাৰিদ গাঁৱত। তেওঁলোকে বৰডংগা গাঁৱত বসবাস কৰিছিল যদিও বেঁকী নদীৰ গৰাখহনীয়াৰ কবলত পৰি ২০০৩ চনত বৰডংগা গাঁও এৰি সৰুহাৰিদ গাঁৱত বসবাস কৰিবলৈ লয়। সৰভোগ তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই গাঁৱৰ জৰীপৰ সময়ত উক্ত ব্যক্তিকেইজনে ভাৰতীয় নাগৰিকত্বৰ কোনো নথি-পত্ৰ দাখিল কৰিব পৰা নাছিল। 
সেয়েহে সৰভোগ তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই উক্ত গোচৰকেইটা বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰে। আব্দুল হামিদৰ বিৰুদ্ধে ১৫৯৩/২০০৩, খুদেজা বেগমৰ বিৰুদ্ধে ১৫৯৪/২০০৩, ৰুস্তম আলীৰ বিৰুদ্ধে ১৫৯৮/২০০৩ আৰু চহিদুল ইছলামৰ বিৰুদ্ধে ১৫৯৯/২০০৩ নম্বৰত গোচৰ ৰুজু হয়। উক্ত গোচৰকেইটা সৰভোগ বিদেশী ন্যায়াধিকৰণলৈ হস্তান্তৰ কৰা হয়। বিদেশী ন্যায়াধিকৰণৰ গোচৰকেইটা ক্ৰমে ১৫৯৪/২০১৭ (আব্দুল হামিদ), ১৫৯৩/২০১৭ (খুদেজা বেগম), ১৫৭০/২০১৭ (ৰুস্তম আলী), ১৫৬৭/২০১৭ (চহিদুল ইছলাম) গোচৰকেইটা সৰভোগ বিদেশী ন্যায়াধিকৰণৰ আদালতত বিচাৰাধীন হৈ আছে। 
বিভাগীয় মন্ত্ৰীয়ে সদনত দিয়া উত্তৰ অনুসৰি উক্ত প্ৰক্ৰিয়া মতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণৰ আদালতৰ পৰা জাননী তেওঁলোকলৈ প্ৰেৰণ কৰা হৈছে। আৰু উল্লেখ কৰি কয় যে বিদেশী ন্যায়াধিকৰণৰ আদালতে আব্দুল হামিদৰ নামত ৰুজু হোৱা বিদেশী ন্যায়াধিকৰণৰ ১৫৯৪/২০১৭ নম্বৰৰ গোচৰটো ব্যক্তিজনৰ মৃত্যু হোৱাত ওভতাই পঠিয়ায়। বাকী থকা তিনিটা গোচৰ ক্ৰমে ১৫৬৭/২০১৭ (চহিদুল ইছলাম), ১৫৭০/২০১৭ (ৰুস্তম আলী) আৰু ১৫৯৩/২০১৭ (খুদেজা বেগম)ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সৰভোগ আদালতত বিচাৰাধীন হৈ আছে। আনহাতে উত্তৰত এইবুলি উল্লেখ কৰে যে চহিদুল ইছলাম, যাৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত বিদেশীৰ গোচৰ বিচাৰাধীন হৈ আছে, তেওঁ এজন ভাৰতীয় সেনাৰ নায়ক চুবেদাৰ। তেওঁ বৰ্তমান ভাৰতীয় সেনাৰ কাচৰাপাৰা (কলকাতা)ত কৰ্মৰত হৈ আছে। ৰুস্তম আলীৰ গোচৰটো ইতিমধ্যে নিষ্পত্তি হৈছে বুলিও উল্লেখ কৰে। 
মন কৰিবলগীয়া যে কলগাছিয়াৰ ভাৰতীয় সেনাত কৰ্মৰত তিনি ভাতৃ আৰু পৰিয়ালৰ সদস্যলৈ বিদেশীৰ জাননী প্ৰেৰণ কৰা বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একপ্ৰকাৰ চৰকাৰে স্পষ্ট কৰিলে যে ভাৰতীয় সেনাৰ চুবেদাৰলৈ বিদেশীৰ জাননী প্ৰেৰণ কৰিছে। বিদেশী চিনাক্তকৰণৰ নামত যে কেতবোৰ বিসংগতি হৈ আছে, চৰকাৰৰ উত্তৰত সেয়া স্পষ্ট হৈছে। ভাৰতীয় সেনাত কৰ্মৰত তিনি ভাতৃলৈ বিদেশীৰ জাননী প্ৰেৰণ কৰা বিষয়টো স্বীকাৰ কৰা বিষয়টোৱে ৰাজ্যৰ গৃহ বিভাগৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে। 
আনহাতে বিধায়ক খালেকে ভাৰতীয় সেনাৰ উচ্চপদস্থ বিষয়াই জোৱানৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ শীঘ্ৰে নিষ্পত্তি কৰাৰ বাবে চৰকাৰৰ লগতে বিভাগীয় কতৃÇপক্ষক পত্ৰযোগে অৱগত কৰাৰ পিছতো এইক্ষেত্ৰত চৰকাৰে উত্তৰ দিয়াৰ পৰা বিৰত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি