Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:41 pm

Home » আঞ্চলিক » বিশিষ্ট ইছলামিক পণ্ডিত তৈয়বুৰ ৰহমান বৰভূঞাৰ পৰলােকপ্রাপ্তি

বিশিষ্ট ইছলামিক পণ্ডিত তৈয়বুৰ ৰহমান বৰভূঞাৰ পৰলােকপ্রাপ্তি

গুৱাহাটী : উত্তৰ পূব ভাৰতৰ বিশিষ্ট ইছলামিক পণ্ডিত, সমাজকর্মী মৌলানা তৈয়বুৰ ৰহমান বৰভূঞাৰ পৰলােকপ্রাপ্তি ঘটে৷ বিশিষ্ট স্বাধীনতা সংগ্রামী, শিক্ষাবিদ, পণ্ডিত, সমাজ সংস্কাৰক আৰু উত্তৰ পূব ভাৰতৰ দ্বিতীয় গৰাকী আমিৰ-ই-শ্বৰীয়ৎ মৌলানা তাইবুৰ ৰহমানৰ আজি দিনৰ ১২ বজাত নিজ বাস ভৱনত শেষ নিশ্বাস ত্যাগ কৰে৷
উল্লেখ্য যে মৌলানা বৰভূঞাই ছাত্র জীৱনত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অংশগ্রহণ কৰিছিল আৰু স্বাধীনতা লাভৰ সময়তাে দেশ বিভাজনৰ সম্পূৰ্ণৰূপে বিৰােধিতা কৰিছিল। শিক্ষা জীৱনত সদায়ে বিচক্ষণতাৰে নিজৰ কৃতিত্বৰ পৰিচয় দিছিল আৰু পৰৱৰ্তী সময়ত নিজকে এজন কৃতী শিক্ষাবিদ হিচাপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। অসমীয়া ভাষাৰ উপৰিও উর্দু, আৰবী, বঙালী, হিন্দী আৰু ইংৰাজী ভাষাত বৰভূঞাৰ অগাধ ব্যুৎপত্তি আছিল। কেইবাটাও ভাষাত বৰভূঞাই ১৫ খনৰাে অধিক গ্রন্থ ৰচনা কৰি গৈছে।
বৰভূঞাই বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰভুত বৰঙণিৰ বাবে ৰাষ্ট্ৰপতিৰ পদকেৰে পুৰস্কৃত হৈছিল। লগতে সমাজ সংস্কাৰ, ধৰ্মনিৰপেক্ষতা, ভাতৃত্ববােধ আৰু শান্তিৰ বাণী সমাজত প্ৰচাৰ কৰাৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় বঁটাৰেও তেখেতক বিভুষিত কৰা হৈছিল। সমাজৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা অগাধ বিচক্ষণ আৰু জ্ঞানৰ বাবে তেখেতক “আলামা” অর্থাৎ “অগাধ পণ্ডিত ” উপাধিৰেও বিভূষিত কৰা হৈছিল।
বৰভূঞাৰ মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে দেশজুৰি শোকৰ ছাঁ বিৰাজ কৰে৷বৃহস্পতিবাৰে পুৱা ১০ বজাত বৰভূঞাৰ জানাজাৰ নামাজ সম্পন্ন কৰা হ’ব বুলি জানিব পৰা গৈছে৷
বিভিন্নজনৰ শোক প্ৰকাশ
এনে এজন বিশিষ্ট পণ্ডিত, সমাজ সংস্কাৰক, ধর্ম নিৰপেক্ষ ব্যক্তি তথা সমাজৰ অভিভাৱকস্বৰুপ ব্যক্তিৰ মৃত্যুত অসম তথা ভাৰতবৰ্ষই এজন প্রকৃত দেশপ্রেমিক হেৰুৱালে বুলি বিভিন্ন দল সংগঠনৰ লোকে শোকপ্ৰকাশ কৰে৷
পৃথক পৃথক শোকবাৰ্তাত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছৰ তত্বাৱধায়ক হৰিশ ৰাৱট, অসম প্রদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰ আৰু সাধাৰণ সম্পাদক মৌলানা আব্দুৰ ৰশ্বিদ কাছিমী, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু, ডাঙৰীয়াইও আমিই-শ্বৰীয়ৎ মৌলানা তৈয়বুৰ ৰহমান বর্ভূঞা ডাঙৰীয়াৰ মৃত্যুত গভীৰ শােক প্রকাশ কৰিছে আৰু শােকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি