Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:57 pm

Home » দেশ-বিদেশ » পাকিস্তানত প্ৰৱেশ কৰি জেইএমৰ ঘাটিত আক্ৰমণ ভাৰতৰ

পাকিস্তানত প্ৰৱেশ কৰি জেইএমৰ ঘাটিত আক্ৰমণ ভাৰতৰ

ৱেব সংবাদ : জম্মু-কাশ্মীৰৰ পুলৱামাৰ বৰ্বৰ আত্মঘাতী আক্ৰমণৰ ক্ষোভ ভাৰতীয় সকলৰ মনত আজিও কেঁচা ঘা সদৃশ হৈ আছে। সেই নৃশংস আক্ৰমণৰ পোতক ল’বলৈ যেন সাজু আছিল ভাৰতীয় সেনা। পুলৱামা আক্ৰমণৰ ১১ দিন পিছত অৱশেষত বীৰ জোৱানৰ হত্যাৰ প্ৰতিশোধ বিচাৰি পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ওপৰত আক্ৰমণ চলাবলৈ সক্ষম হ’ল ভাৰতীয় সেনাই।
মঙলবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ভাৰতীয় সেনাই পাক অধিকৃত কাশ্মীৰৰ মুজফ্ফৰাবাদ, বালাকোট আৰু চোকেটীৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলায়। পুৱতি নিশা বায়ু সেনাই ১২ খন মিৰাজ-২০০০ যুদ্ধ বিমানেৰে আদমপুৰ এয়াৰবেজৰ পৰা পৰা যাত্ৰা কৰি সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে। মুঠ ১০০০ কেজি ওজনৰ বোমা নিক্ষেপ কৰি সেনাই এল অ’ চি অতিক্ৰম কৰি জইছ-ই-মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস কৰি পুলাৱামা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়ে।
মঙলবাৰৰ ভাৰতীয় সেনাৰ এই অভিযান সন্দৰ্ভত বায়ুসেনাপ্ৰধানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণক অৱগত কৰিব। ইতমধ্যে এই অভিযান সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে। এই আলোচনাৰ পিছতে বায়ুসেনাৰ অভিযান সন্দৰ্ভত সংবাদ মাধ্যক জনোৱা হ’ব পাৰে।
সু-পৰিকল্পিতভাৱে চলোৱা ভাৰতীয় সেনাৰ এই বৃহৎ অভিযানৰ পিছত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে দ্বিতীয়বাৰ ভাৰতীয় জোৱানৰ ওপৰত আক্ৰমণ কৰাৰ পূৰ্বে যে ১০ বাৰ চিন্তা কৰিব লাগিব সেয়া নিশ্চিত। এই অভিযানত সন্ত্ৰাসবাদীৰ লগতে ২ শতাধিক লোক হতাহত হোৱাৰ আশংকা কৰা হৈছে।
ইফালে এক টুইটাৰ পোষ্ট যোগে এই আক্ৰমণৰ কথা স্বীকাৰ কৰিছে পাকিস্তানেও। পাকিস্তান সেনাৰ মেজৰ জেনেলেৰ আছিল গফুৰে ভাৰতে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰা বুলি অভিযোগ কৰি এক টুইট যোগে কয়, ‘আমি ভাৰতীয় সেনাক উচিত প্ৰত্যুত্তৰ দিছো।’
সংগ্ৰহ ঃ অসমীয়া প্ৰতিদিন

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি