Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:45 pm

Home » দেশ-বিদেশ » তীব্র খাদ্য সংকটত ইটানগৰ

তীব্র খাদ্য সংকটত ইটানগৰ

ইটানগৰ : অৰুণাচলৰ ছয় জনগোষ্ঠীৰ লোকক পি আৰ চি দিয়াক কেন্দ্র কৰি আজিও ৰাজ্যখনৰ পৰিস্থিতি অগ্নিগর্ভ হৈ আছে৷ আৰক্ষী-সেনাৰ অভিযান তীব্রতৰ হোৱাৰ পাছত আজি উত্তেজনাময় পৰিস্থিতি ইটানগৰত কিছু পৰিমাণে শাম কাটিছে যদিও ৰাজধানী ইটানগৰত বসবাস কৰা লোকৰ মাজত তীব্র খাদ্য সংকটে দেখা দিছে৷
বিগত পাঁচদিন ধৰি অসমৰ কেইবাহাজাৰ লোকে ইটানগৰত আবদ্ধ হৈ ভয়-আতংকৰে খাদ্য সংকটৰ মাজত জীৱন নির্বাহ কৰি আছে৷ ইটানগৰৰ ক্ষোভ আৰু হিংসাৰ অগনি নিকটৱর্তী অঞ্চলসমূহলৈ সম্প্রসাৰিত হৈছে৷ আজি পুৱা প্রায় ১০ বজাত অসম-অৰুণাচল সীমাৰ লখিমপুৰ জিলাৰ বান্দৰদেৱাত শ শ অৰুণাচলী যুৱক-যুৱতীয়ে হাতে হাতে লাঠী, ৰড লৈ বান্দৰদেৱা আৰক্ষী তালাচী চকী অতিক্রমি ১৫নং ৰাষ্ট্রীয় ঘাই পথেৰে আহি অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চাওনা মেইন’ৰ বান্দৰদেৱাত নির্মাণৰত বাসগৃহটোৰ শিল, ইটা দলিয়াই বিস্তৰ ক্ষতিসাধন কৰে৷
আনহাতে এই উত্তেজিত লোকসকলে অৰুণাচল প্রদেশৰ আৰক্ষী প্রশিক্ষণ কেন্দ্রটোত আক্রমণ কৰিবলৈ উদ্যত হয় যদিও সেনা বাহিনীৰ তৎপৰতাত বিফল হৈ উভতি আহোতে উপ- মুখ্যমন্ত্রীজনৰ ব্যাৱসায়িক প্রতিষ্ঠান গ্রীনভেলী এণ্টাৰপ্রাইজৰ যান-বাহনসমূহো ভাঙি ক্ষতি কৰে৷ ইফালে মুখ্যমন্ত্রী পেমা খাণ্ডুৱে কেন্দ্রৰ অনুগ্রহত সেনাৰ অতিৰিক্ত দহটা কোম্পানী অশান্তজর্জৰ অৰুণাচলত নিয়োগ কৰে৷ উত্তেজিত অৰুণাচলী জনতাৰ ওচৰত অৰুণাচলৰ আৰক্ষী প্রশাসন নিষ্ত্রুিয় হৈ পৰাত সেনাৰ এই দহটা কোম্পানী নিয়োজিত কৰে৷ আনহাতে পেমা খাণ্ডুৱে ইতিমধ্যেই স্পষ্ট কৰি দিছে যে অৰুণাচলত কেতিয়াও অনা-অৰুণাচলীক পি আৰ চি দিয়া নহ’ব৷
এই ঘোষণা কৰাৰ পাছতো অৰুণাচলত হিংসাৰ জুই জ্বলি থকাটো দুর্ভাগ্যজনক বুলি জনোৱাৰ লগতে সঘনাই প্রচাৰ হোৱা মন্ত্রীসভা ভংগ হোৱাৰ সম্ভাৱনাও একেষাৰে নাকচ কৰাৰ উপৰি এই ঘটনাৰ লগত অপশক্তি জড়িত থকাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্রী খাণ্ডুৱে৷ উল্লেখযোগ্য যে ইটানগৰৰ হিংসাৰ প্রভাৱ চাংলাঙতো পৰিছে বুলি জানিব পৰা গৈছে৷ যোৱা নিশা চাংলাঙৰ মাধ্যমিক শিক্ষা বিভাগৰ উপ- সঞ্চালকৰ কার্যালয়টোত অগ্নিকাণ্ড সংঘটিত হয়৷ অৱশ্যে এই অগ্নিকাণ্ড বিদ্যুতৰ ছর্ট ছার্কিটৰ ফলত সংঘটিত হৈছে বুলিহে আন এক সূত্রৰ পৰা জানিব পৰা গৈছে৷
তাৎপর্যপূর্ণ বিষয় যে অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চাওনা মেইনক উত্তেজিত জনতাই লক্ষ্য কৰি লোৱাটো লক্ষণীয় হৈ পৰিছে৷ আনকি যোৱা নিশা উত্তেজিত জনতাই নাহৰলগুণৰ প্রতিষ্ঠিত ব্যাৱসায়িক প্রতিষ্ঠানৰ পৰা মূল্যৱান সামগ্রী লুট কৰি লৈ যায়৷ আনকি এখন বন্দুকৰ দোকান লুট কৰি বহুকেইটা বন্দুক লৈ যায়৷ এই ক্ষেত্রত আপছুৰ সভাপতি, আনছুৰ সভাপতিয়ে জনায় যে যোৱা নিশা অথবা আন কোনোদিনা কোনো ব্যাৱসায়িক প্রতিষ্ঠানৰ পৰা লুট কৰা কার্য কোনো প্রতিবাদকাৰীয়ে কৰা নহয়৷
প্রতিবাদৰ নামত আন কোনো দুষ্কৃতিকাৰীয়ে এনে কার্য কৰি সংগঠন দুটাক অপযশ দিবলৈ কৰা ষড়যন্ত্রহে৷ ইফালে অৰুণাচল অগ্নিগর্ভ হৈ থকাত অৰুণাচলৰ নাহৰলগুণ-গুৱাহাটী ডনিপল’ ইণ্টাৰচিটি ৰে’লখন অৰুণাচলত প্রৱেশ নকৰি হাৰমতী ৰে’ল জংছনতে আবদ্ধ হৈ পৰে৷ আনহাতে অৰুণাচলৰ ৰাজধানী ইটানগৰত বসবাস কৰা হাজাৰ হাজাৰ লোকে জীৱনৰ মমতা লৈ অনাহাৰে-অনিদ্রাৰে দিন পাৰ কৰিছে৷ ঘৰৰ ভিতৰতে আবদ্ধ হৈ পৰা কিছু লোকে জীৱনক তুচছ কৰি ইটানগৰ, নাহৰলগুণৰ পৰা খোজ কাঢ়ি বান্দৰদেৱাত উপস্থিত হৈছে৷ ইফালে কালি নিৰাপত্তা বাহিনীৰ গুলী চালনাত মৃত্যু হোৱা দুজনৰ পৰিয়াললৈ ২০ লাখ, আহত সকললৈ ১০ লাখ টকাকৈ মুখ্যমন্ত্রীয়ে এককালীন সাহায্য ঘোষণা কৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি