Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:10 pm

Home » সম্পাদকীয় » পাকিস্থান-ভাৰতৰ যুদ্ধাংদেশী অৱস্থাৰ আৰত চীনৰ ভুমিকা আৰু টেবুল চপৰিয়াই যুদ্ধৰ সোৱাদ বিচৰা সকললৈ একলম:

পাকিস্থান-ভাৰতৰ যুদ্ধাংদেশী অৱস্থাৰ আৰত চীনৰ ভুমিকা আৰু টেবুল চপৰিয়াই যুদ্ধৰ সোৱাদ বিচৰা সকললৈ একলম:

দুই তিনিদিন ধৰি এটা কথাত ফেচবুক জোকাৰি থকা দেখা গৈছে। যুদ্ধও বোলে ফেচবুকত কৰা যায়? অৱশ্যে ফেচবুকত জনমত যে গঢ়িব পৰা যায় সেয়া কিন্তু নুই কৰিব নোৱাৰি। আজিকালি এই কথাষাৰ অৰ্থাৎ ফেচবুকত যুদ্ধৰ আহ্বান জনোৱা বুলি ব্যপক চৰ্চা পৰিলক্ষিত হৈছে। এটা কথা মনত ৰখা ভাল যে- ফেচবুকত বিতৰ্ক, ঘৰত চুবুৰীয়াৰে কাজিয়া, কোনোবা বৈদ্যুতিন মাধ্যমৰ এংকৰে টেবুল চপৰিয়াই যুদ্ধ বিচৰা আৰু আন্তৰ্জাতিক সীমান্তত দুখন দেশে যুদ্ধ কৰা একে কথা নহয় অথবা সম্পূৰ্ণ ভিন্ন। ডিঙিৰ সিৰ ফুলাই ফুলাই অৰ্ণৱ গোস্বামী, সুধীৰ চৌধুৰী, ৰজত শৰ্মা আদি যিয়েই নহওক নিউজ চেনেলৰ চকীত বহি টেবুল চপৰিয়াই যুদ্ধ লাগে যুদ্ধ লাগে বুলি চিঞৰিলেই জানো যুদ্ধ হয় ? যুদ্ধ মুখৰ কথাও নহয় হাতৰ মোলাও নহয় যে- হাঁহৰ দৰে পেঁকপঁক আৰু মোলাৰ দৰে কামুৰি কামুৰি খোৱা যায়। 
বহুতেই কাশ্মীৰৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি অতি দুখ লগা বুলি ক’লেও মই ক’ব নোৱাৰোঁ তাৰো কাৰণ বহু দীঘলীয়া আছে। বহুতেই ভাৰতৰ বৈদেশিক নীতিক এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বুলিও কোৱা দেখা যায় ; কিন্তু আচলোতে কথাবোৰ গমি চালে ক’ব লাগে স্বৰাজত্বৰ কথাবোৰ। বৃটিছে পাক লগাই থৈ যোৱা নহোৱাহেঁতেন (আৰু জৱাহৰলাল নেহৰু, জিন্না, মহাত্মা আদি সকলৰো সহজ সৰলতাও আজিৰ এই কাৰণ হ’ব পাৰে) আজিৰ এই পৰিস্থিতি নহ’লহেঁতেন। কাশ্মীৰ প্ৰসংগ যে ইংলেণ্ডে অকাই পকাই আজিৰ অৱস্থালৈ ঠেলি দিছে সেই কথা অস্বীকাৰৰ কোনো থল নাই। বৰং আজিও যে লণ্ডনত বহি দবাৰ চাল দি আছে সেই কথাও বিশ্বাস হয়। চীন ভাৰতৰ কাষত নাথাকে এই কথা সকলোৱে জ্ঞাত। এতিয়া কথা হৈছে ৰাজকোষৰ হেজাৰ কোটি ব্যয় কৰি পৃথিৱীৰ প্ৰায় সকলো দেশ ভ্ৰমণ কৰি অভিলেখ ৰচনা কৰা মোদীৰ কাষত আজি আমেৰিকা, ৰাছিয়া, ইউৰোপ, ইউ কে কোনো ৰাষ্ট্ৰ নাই বুলিও বহুতে অভিযোগ আনিছে। কিন্তু কথাবোৰ তেনে আচলোতে নহয়। দুখন দেশৰ আভ্যন্তৰিণ দিশত যিকোনো দেশেই হস্তগত কৰা ইমান সহজ নহয়। ইয়াৰোপৰি চীনৰ দৰে এখন সাম্ৰাজ্যবাদী শক্তিশালী দেশ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য আৰু সেই সাম্ৰাজ্যবাদী প্ৰভুত্ব বিস্তাৰকাৰী চীনে যে পাকিস্থানক ইন্ধন যোগান ধৰি আহিছে সেই কথাও আমি নজনা নহয়। 
প্ৰকৃততে ঘটনা কোনে ঘটাই আছে ? আমি অলপ আওঁপকীয়াকৈ চিন্তা কৰিলে কথাষাৰৰ স্বৰূপ অলপ অন্যফালে গতি কৰা যেন অনুমান হয় ; কিয়নো, কাশ্মীৰ পলুৱামত ৪৪ গৰাকী জোৱানক ১৪ ফেব্ৰুৱাৰীত বোমাৰে উৰুৱাই হত্যা কৰা সন্ত্ৰাসী ঘটনাৰ পাছতেই সমগ্ৰ দেশ শোকত এস্তমান হৈ পৰিছে আৰু আমিও তাৰ অংশিদাৰ হিচাপে মমবাতি জ্বলালোঁ। কিন্তু, প্ৰকৃততে সেই ঘটনাৰ আৰত কোন আছিল ? আমি যদি কথাষাৰ এইদৰে ভাৱো যে-ঘটনাৰ সপ্তাহ দুইয়েক পূৰ্বৰ এটা ঘটনা ! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্ব ভাৰত ভ্ৰমণ কৰিলে ! সেই সময়ত অৰুনাচলত বিমান বন্দৰকে ধৰি দুখন অত্যাধুনিক প্ৰকল্প উন্মোচন কৰিলে। তাৰ পিছে পিছে চীনে প্ৰধান মন্ত্ৰীৰ সেই ভ্ৰমণক লৈ খোলাখুলি অসন্তুষ্টি প্ৰকাশ আৰু বিৰোধীতা কৰিলে। অৰুণাচল ভাৰতৰ অংগৰ বিপৰীতে চীনৰহে অংগ বুলি দাবী কৰিলে চীনে। এই ঘটনাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই কাশ্মীৰত সংগঠিত হ’ল উক্ত বৰ্বৰ ঘটনা। 
গতিকে কথাষাৰ আমি কেৱল একাষৰীয়াকৈ চালে নহ’ব অলপ ইফাল-সিফাল কৰি চালেই ৰহস্যবোৰ অলপ অন্যফালেও গতি কৰিব বিচাৰে। ইতি পূৰ্বেও ম্যানমাৰ জেনোছাইডৰ সময়ত ভাৰতৰ প্ৰতি চীনৰ চক্ৰান্তক লৈ কেইবাটাও প্ৰবন্ধ লিখিছিলোঁ যদিও ভাৰত চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰিছে সেয়া নাজানোঁ। বহুতেই পাকিস্থান-চীনৰ সম্পৰ্ক বন্ধুত্বৰ বুলি দাবী কৰে প্ৰকৃততে চীন পাকিস্থানৰ বন্ধু নহয় বৰং কেইদিনৰ ভিতৰতেই যে পাকিস্থান চীনে শাসন কৰিব সেয়াও একপ্ৰকাৰ নিশ্চিত। পিছে আমি জানো চীনে ইতিমধ্যে পাকিস্থান দখল কৰিছেই। কোনোৱে নামানিলেও এয়াই যুক্তিসংগত বাস্তৱ ; কাৰণ, ইতিমধ্যে চীনৰ বহু সাধাৰণ নাগৰিক চীনে বহু কৌশলগতভাৱে স্থাপন কৰিছে পাকিস্থানত। কেৱল সামৰিক লোককেই যে চীনে পাকিস্থানত স্থাপন কৰিছে সেয়া নহয় বৰং ব্যৱসায়িক খাতিৰতেই হওঁক বা আন কোনো কাৰণতেই হওঁক সাধাৰণ নাগৰিকো স্থাপন যে কৰিছে সেয়া কিন্তু সকলোৱে জানে। এই স্থাপন যে চীনে পাকিস্থানক নিজৰ দখলভুক্ত কৰাৰ এক প্ৰাথমিক কৌশল সেই কথা পাকিস্থানে ধৰিব নোৱাৰিলেও আমাৰ কিন্তু এয়াই সন্দেহ হয়। চীনে অতি কৌশলগতভাৱে এই কাম কৰাৰ এটাই উদ্দেশ্য যে অনাগত ৫০/১০০ বছৰৰ ভিতৰত পাকিস্থান চীনৰ অংশ বুলি দাবী তুলিব আৰু পাকিস্থানেও তেতিয়া কৰিবলৈ একো নাথাকিব। 
এফালে চীনে পাকিস্থানত সাম্ৰাজ্য বিস্তাৰৰ মাধ্যমেৰে পাকিস্থানক দখল আৰু মাটিকালি বঢ়োৱা আনফালে ভাৰতৰ চাৰিওঁফালে থকা কম শক্তিশালী দেশ তথা ম্যানমাৰ,বাংলাদেশ সমূহত প্ৰথমে বিভিন্ন কৌশলে নিজৰ সাম্ৰাজ্য বিস্তাৰৰ পৰিকল্পনাৰে শেষত নিজৰেই দখলত লৈ অনা যি প্ৰচেষ্টা কৰি আছে সেয়া যে ভাৰতৰ ওপৰত এটা সময়ত অতি ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিব সেয়াও খাটাং। গতিকে কাশ্মীৰৰ পলুৱামৰ ঘটনাত যে চীনৰ হাত নাই সেই কথা আমি এলাগি কৰিলে আগন্তক দিনত বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে। যিদৰে পাকিস্থানৰ ওপৰত দৃষ্টি নিবেশ কৰা হৈছে, একেদৰে পলুৱামৰ ঘটনাক লৈ ভাৰতে চীনৰ ওপৰতো চোকা চিন্তা-চৰ্চ কৰাৰ দৰকাৰ আছে।
এটা কথা আমি জানো যে- দেশ এখনৰ বৈদেশিক মন্ত্ৰীয়ে সদায় অন্যান্য দেশ সমূহৰ সৈতে নিজৰ দেশৰ সু-সম্পৰ্ক গঢ়ি তোলাৰ দায়িত্বত যথেষ্টভাৱে ভুমিকা পালন কৰি আহে ; সেয়া কুটনৈতিক ভাৱেই হওক বা অতি সাধাৰণ ভাৱেই হওক। দুখলগা কথা যে- ভাৰতত একাই এশ বুলি ভাৱি প্ৰধান মন্ত্ৰী মোদীয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী গৰাকীক একাষৰীয়া কৰি থৈ অকলেই বিশ্বৰ সকলো দেশ পৰিভ্ৰমণ কৰি অভিলেখহে ৰচনা কৰিলে যদিও আজিলৈ আশা কৰা ধৰণে ফলাফল দেখা নগল। কোনো এখন শক্তিধৰ ৰাষ্ট্ৰৰে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে পাকিস্তানক ভৰ্ৎসনা কৰি ভাৰতৰ কাষত থিয় হোৱা নাই পলুৱামৰ ঘটনাক লৈ। কাইলৈৰ পৰা আন্তৰ্জাতিক আদালতত পাকিস্তানে বন্দী কৰি থোৱা ভাৰতীয় কুলভূষণ যাদৱৰ বিৰুদ্ধেও বিচাৰ আৰম্ভ হোৱাৰ কথা জনা গৈছে। 
বহুতেই দাবী কৰে কাশ্মীৰৰ ক্ষেত্ৰত আন্তৰ্জাতিক মঞ্চত পাকিস্তানক ভাৰতে অকলশৰীয়া কৰিব পৰা নাই কিয় ? কেৱল বাংলাদেশৰ বাহিৰে কোনো এখন ৰাষ্ট্ৰৰে আজি ভাৰতৰ লগত সম্পৰ্ক সিমান ভাল নহয়। হিন্দু বাংলাদেশীক লৈ বাংলাদেশৰ লগতো ভাৰতৰ সম্পৰ্ক বেয়া হবলৈ গৈ আছে। এই কথাবোৰ আজি সঘনে উচ্চাৰণ হ’বলৈ ধৰিছে যদিও কথাবোৰ ভৱা ধৰণে নহৈ উক্ত চীনা চক্ৰান্তও নহয় বোলাৰ কোনো থল নাই। আনহাতে ভাৰতে বা ভাৰতৰ কাকত,পত্ৰিকা,টিভি আদিয়ে যিহঁতক সন্ত্ৰাসবাদী আখ্যা দি প্ৰচাৰ কৰা হৈছে (?) একেদৰে পাকিস্থানে সিহঁতক মুক্তি যুজাৰু বুলি প্ৰচাৰ চালাই গৈছে। কথাবোৰ যে আমি ভৱাধৰণে নহয় বৰং অতি জটিল তথা স্পৰ্শকাতৰ সেই কথাবোৰ চিন্তা নকৰি উধাই-মুধাই কিবা ক’লেই জানো সমস্যাৰ সমাধান ঘটিব ? বহুতেই ফেচবুকত লিখিছে আৰু কৈছে- সাংবাদিকৰ নামত কলংক অৰ্ণৱ গোস্বামী বা চৰকাৰৰ সমৰ্থক সাংবাদিক কেইজনে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কেতিয়াওঁ নকৰে। যুদ্ধ কৰিব পৰাকৈ ভাৰতীয় সেনাৰ হাতত পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ মজুত আছেনে নাই সেই কথাও মন কৰিবলগীয়া ! 
এই দিশবোৰ চোৱাৰ লগতে আমাৰ চৰকাৰখন এই ক্ষেত্ৰত কিমান সজাগ আৰু সচেতন সেয়া জানিব লাগিব ইত্যাদি ইত্যাদি। এইবোৰ কোনো অপ্ৰাসংগিক নহয় যদিও যুদ্ধ কথাষাৰ কওঁতে বা শুনোতে যিমান সহজ প্ৰকৃততে হাতে কামে সিমান সহজ নহয় এয়াও চিন্তনীয় বিষয়। আমি ভাৱো যুদ্ধ কৰিলেও যে পাকীস্থানক হেয় কৰিব পৰা যাব সেই কথাও ইমান সহজ ভাৱে লোৱা অসম্ভৱ যদিহে পাকিস্থানৰ সামান্তৰালকৈ চীনৰ চোৰামীৰ কথাখিনি সেই যুদ্ধৰ পৰিকল্পনাত নাথাকে। আমি জানো যে পৃথীৱীৰ দ্বিতীয় বৃহত্তম সামৰিক সেনাৰ দেশ ভাৰত। ভাৰতত যিমান সামৰিক সৈনিক আছে পাকিস্থানত প্ৰায় সিমান জনসংখ্যাও নাই। তথাপিও কিয় পাকীস্থানে বাৰে বাৰে ভাতৃদেশ ভাৰতৰ লগত বেইমানী কৰি আছে ? আজিও ভাৰত-পাকিস্থানৰ তেজ ইখন-সিখন দেশৰ জনতাৰ গাৰ সিৰায় সিৰায় দৌৰি আছে ; তথাপিও কিয় এনে ভাতৃঘাতী অপকাণ্ড ? এই কথাবোৰ কেৱল ভাৰতেই বিবেচনাৰ বিষয় নহয় বৰং পাকিস্থানেও গভীৰ ভাৱে চাব লাগিব। অন্যথাই ভাৰততকৈ পাকীস্থানৰেই ক্ষতি বেছি হ’ব। 
ভাৰতে যুদ্ধ ঘোষণা কৰিলে পাকিস্থান ৰাষ্টখনেই যে ভাৰতে দখললৈ আনিবলৈ সক্ষম হ’ব সেই কথাও পাকিস্থানে মনত ৰখা ভাল যদিও ভাৰতে চুবুৰী তথা ভাতৃদেশত ভাতৃৰ লগত তেনেদৰে ৰক্তৰ হলি খেলিব বিচৰা নাই। আজি পাকিস্থানে ভাৰতক যিটো পৰ্যায়ত গতি কৰাইছে আৰু চীনৰ জালত পাকিস্থানেও যিদৰে ভৰি মেৰাই লৈছে সেয়া অতিকৈ দূৰ্ভাগ্যজনক আৰু গভীৰ চিন্তাৰ বিষয় ; কাৰণ এটা সময়ত পাকিস্থান চীনৰ দখলত যোৱাটো একপ্ৰকাৰৰ খাটাং আৰু তেতিয়া পাকিস্থান নামক ৰাষ্ট্ৰ এখন যে আছিল সেই কথাও কিতাপৰ পাতৰ বাহিৰে পাবলৈ নাথাকিব। সেয়ে পাকিস্থানেও ভাতৃৰাষ্ট্ৰ ভাৰতক বাদ দি চীনক নিজৰ বন্ধু বুলি গণ্য কৰাটো এক মূৰ্খামিহে। নতুন দিল্লীত চৰকাৰে সৰ্বদলীয় বৈঠকৰ আয়োজন কৰি স্বয়ং প্ৰধানমন্ত্ৰী অনুপস্থিত থকা বুলি বহুতেই ইতিমধ্যে চৰ্চা অব্যাহত ৰাখিছে। দেশৰ প্ৰধান মন্ত্ৰী মোডী আৰু শাসনভাৰ বিজেপিৰ হাতত বাবেই সকলো দায়িত্ব সিহঁতৰ মাজত বুলি ধৰি ল’ব নোৱাৰী। আমি সকলো পক্ষক অনুৰোধ জনাম এনে এক স্পৰ্শকাতৰ সময়ত সকলোৱে নিজৰ নিজৰ চিন্তাৰে কাম কৰিব লাগিব যদিও সেয়া কিন্তু অৱশ্যেই এটা মঞ্চৰ পৰা আৰাম্ভ কৰাটো দৰকাৰ।
ফোন : ৭০০২০৬৪৯৮২

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি