Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:07 pm

Home » সাহিত্য » কবিতা » আমি যে সংবাদ প্ৰহৰী … (কবিতা)

আমি যে সংবাদ প্ৰহৰী … (কবিতা)


আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী …
আমি জনতাৰ বাণী আমিয়েই যে জনতাৰ আস্থা
আমাৰ প্ৰতিটি খবৰ নিৰপেক্ষ, আমি মুক্তকণ্ঠ
শূন্য মৰুত যাত্ৰা আমাৰ
বিচাৰি লমে এদিন সেউজীয়াৰ ঠিকনা
অসাধ্য সাধনৰ ই যে যাত্ৰা আমাৰ
সত্য সন্ধানত আমাৰ এই যুদ্ধ অবিৰাম
আমি যে অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী ….
আমি নহও অৰ্জ্জুন, আমাৰ নাই গাণ্ডিবী
তথাপিতো শৰ সন্ধানত আমি এদিন হমেই নিপুন
আমি পৰিশ্ৰমী, আমাক লাগে মাথো জনতাৰ সহাঁৰি
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী…
আমি নিবিচাৰো নিজৰ মহানতা
নালাগে আমাক মহানুভৱতা
আমি যে সময়ৰ আহব্বান
দহৰ বাবে আমাৰ এই সাধনা অমি জাগ্ৰত চেতনা
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী..
নিসকন্ঠ জনতাৰ কন্ঠ আমি
নিস্পেষিত জনতাৰ সবল হাত
বাধাৰ প্ৰাচীৰ ভাঙি আমি চিঞৰিম
আমি চিঞৰিম সত্যক আকোৱালি
অমি যাম, আমি যামেই আগুৱাই
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী…
আমি গাম শান্তিৰ নৱ গান
আজোৰি আনিম দেশৰ মান
আমি সতন্ত্ৰ সেনানী আমি নিৰ্ভিক
আমি নিৰ্ভিক প্ৰহৰী
আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী…।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি