|

আমি যে সংবাদ প্ৰহৰী … (কবিতা)

# হেলমিনা খাতুন আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী … আমি জনতাৰ বাণী আমিয়েই যে জনতাৰ আস্থা আমাৰ প্ৰতিটি খবৰ নিৰপেক্ষ, আমি মুক্তকণ্ঠ শূন্য মৰুত যাত্ৰা আমাৰ বিচাৰি লমে এদিন সেউজীয়াৰ ঠিকনা অসাধ্য সাধনৰ ই যে যাত্ৰা আমাৰ সত্য সন্ধানত আমাৰ এই যুদ্ধ অবিৰাম আমি যে অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী …. আমি নহও অৰ্জ্জুন, আমাৰ নাই গাণ্ডিবী তথাপিতো শৰ সন্ধানত আমি এদিন হমেই নিপুন আমি পৰিশ্ৰমী, আমাক লাগে মাথো জনতাৰ সহাঁৰি আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী… আমি নিবিচাৰো নিজৰ মহানতা নালাগে আমাক মহানুভৱতা আমি যে সময়ৰ আহব্বান দহৰ বাবে আমাৰ এই সাধনা অমি জাগ্ৰত চেতনা আমি অতন্দ্ৰ প্ৰহৰী আমি যে সংবাদ প্ৰহৰী.. নিসকন্ঠ জনতাৰ কন্ঠ

|

বিশিষ্ট সাংবাদিক সঞ্জীৱ কুমাৰ ফুকনলৈ সংবাদ প্ৰহৰী বঁটা–২০১৯ প্রদান

সংবাদ প্ৰহৰীৰ চতুর্থ বর্ষপূর্তি অনুষ্ঠান সম্পন্ন গুৱাহাটী : সম্প্রতি সংবাদ মাধ্যম ধনবলৰ জৰিয়তেহে চলি আছে। বিশেষকৈ কাকত আৰু টিভি চেনেলসমূহত ধনবলেৰে বহু সসময়ত সংবাদ প্রতিষ্ঠানক হেঁচা প্রয়ােগ কৰা হয়। কিন্তু ৱেব মিডিয়াৰ ক্ষেত্ৰত সম্পূর্ণ পৃথক। ৱেব মিডিয়াত ক’বলৈ গ’লে কোনাে স্পীড ব্রেকাৰ অর্থাৎ তেনে কোনাে বাধা নাই। গতিকে ৱেব মিডিয়াসমূহ সুন্দৰকৈ আগুৱাই যাব পাৰে। এই মন্তব্য বিশিষ্ট সাংবাদিক অতনু ভূঞাৰ। আজি দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হােৱা ৱেব মিডিয়া সংবাদ প্ৰহৰীৰ চতুর্থ বর্ষপূর্তি অনুষ্ঠানত অতিথি হিচাপে অসমত ৱেব মিডিয়াৰ পথ প্রদর্শক স্বৰূপ ভূঞাই অংশগ্রহণ কৰি ৱেব মিডিয়া সন্দৰ্ভত নিজৰ ভাষণত এনেদৰে মন্তব্য কৰে। উল্লেখ্য যে অসমত স্বতন্ত্রভাৱে চলি থকা ৱেব মিডিয়া সংবাদ প্ৰহৰী’য়ে ইতিমধ্যে পঞ্চমটো বৰ্ষত ভৰি দিয়ে। তদুপলক্ষে আজি দিছপুৰ