Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:33 am

Home » আঞ্চলিক » হ্রাস পাইছে ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্রহ

হ্রাস পাইছে ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্রহ

গুৱাহাটী : ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্রহৰ পৰিমাণ পুনৰ নিম্নগামী হৈছে৷ বিশেষকৈ ৰাজ্যৰ সকলো শ্রেণীৰ জনতাক সামৰি সংগ্রহ কৰা ভূমি ৰাজহৰ পৰিমাণ নিম্নগামী হ’বলৈ লৈছে৷ ৰাজ্যত বিজেপি- নেতৃত্বাধীন চৰকাৰ ২০১৬ চনত শাসনলৈ আহিছিল আৰু ২০১৭ চনৰ পৰা বর্তমানলৈ প্রায়কেইখন জিলাতেই বহু পৰিমাণৰ ভূমি ৰাজহ অনাদায় হৈ আছে৷ ঔদ্যোগিক ভূমিৰ পৰা কৃষিভূমিলৈ সকলো ক্ষেত্রতে হ্রাস পাইছে ভূমি ৰাজহৰ সংগ্রহৰ পৰিমাণ৷ চাহ খেতি কৰা ভূমিৰ পৰাও সংগৃহীত ৰাজহৰ পৰিমাণ বিগত দুটা বছৰত নিম্নগামী হৈছে৷ উল্লেখযোগ্য যে নগৰ অঞ্চলৰ বহু ভূমি ঔদ্যোগিক ক্ষেত্রত ব্যৱহাৰ হৈ আহিছে আৰু সেই ঔদ্যোগিক ক্ষেত্রত ব্যৱহূত ভূমিৰ পৰাও চৰকাৰে সময়মতে ৰাজহ আদায় কৰাত সক্ষম হোৱা নাই৷
ঔদ্যোগিক ক্ষেত্রৰ ব্যৱহূত ভূমিৰ পৰা সময়মতে ৰাজহ সংগ্রহ নকৰি চৰকাৰখনে প্রকৃততে কাক উদগনি জনাইছে, তাক লৈ এতিয়া প্রশ্ন উত্থাপন হৈছে৷ বিগত দুটা বছৰত বি টি এ ডিৰ চাৰিখন জিলা ক্রমে কোকৰাঝাৰ, চিৰাং, বাক৲সা আৰু ওদালগুৰিৰ লগতে কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাও জিলাক বাদ দি ২৬খন জিলাৰ পৰা প্রায় ১৩৩ কোটি টকাৰ ভূমি ৰাজহ অনাদায় হৈ আছে৷
অর্থাৎ ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলাকেইখন বাদ দি ২৬খন জিলাৰ কৃষিভূমি, ঔদ্যোগিক ক্ষেত্রত ব্যৱহূত ভূমি, বসৱাস কৰা ভূমিৰ পৰা বিগত দুটা বছৰত ৰাজ্য চৰকাৰখনে প্রায় ১৩৩ কোটি টকা ভূমি ৰাজহ হিচাপত পাবলৈ বাকী আছে৷ ভূমি ৰাজহ সর্বাধিক অনাদায় হৈ থকা জিলাৰ ভিতৰত শীর্ষত আছে কামৰূপ মহানগৰ জিলা৷ কামৰূপ মহানগৰ জিলাৰ পাছতেই লখিমপুৰ আৰু নগাঁও জিলাত বুজন পৰিমাণৰ ভূমি ৰাজহ অনাদেয় হৈ আছে৷
কামৰূপ মহানগৰ জিলাত অনাদেয় ভূমি ৰাজহৰ পৰিমাণ ১৭ কোটিতকৈ অধিক৷ সেইদৰে লখিমপুৰ জিলাত প্রায় ১২ কোটি আৰু নগাঁৱত প্রায় ১৪ কোটি টকাৰ ভূমি ৰাজহ অনাদেয় হৈ আছে৷ অন্য ভালেকেইখন জিলাতো ৭৮ কোটিকৈ ভূমি ৰাজহ অনাদেয় হৈ আছে৷ অতি কম পৰিমাণৰ ভূমি ৰাজহ অনাদেয় হৈ আছে কেৱল গোলাঘাটত৷ ভূমি ৰাজহ অনাদেয় হৈ থকাৰ পৰিপ্রেক্ষিতত স্বাভাৱিকতে চৰকাৰখনক উন্নয়নমূলক কাম-কাজত ব্যাঘাত জন্মাইছে৷ অথচ এই কথা স্বীকাৰ নকৰে ৰাজ্য চৰকাৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি