Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:01 pm

Home » আঞ্চলিক » কোনো বিদেশীয়ে অসম দখল কৰিব নোৱাৰে— সৰ্বানন্দ সোণোৱাল

কোনো বিদেশীয়ে অসম দখল কৰিব নোৱাৰে— সৰ্বানন্দ সোণোৱাল

বৰপেটা : ‘কোনো বিদেশীয়ে অসম দখল কৰিব নোৱাৰে৷ এইখন ৰাজ্য খিলঞ্জীয়া অসমীয়াৰ৷ ইয়াত খিলঞ্জীয়াই সদায় আধিপত্য বিস্তাৰ কৰি থাকিব৷’ বজালী মহকুমাৰ অকয়াৰ ন-পুৰণি পথাৰ বীৰ চিলাৰায় ক্ষেত্রত অনুষ্ঠিত বিশ্ববীৰ চিলাৰায়ৰ ৫০৯সংখ্যক জয়ন্তী উপলক্ষে আয়োজন কৰা সভাত উপস্থিত থাকি এই মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত আৰু বৰপেটা জিলা প্রশাসনৰ সহযোগত অনুষ্ঠিত দিৱসৰ কার্যসূচীত মুখ্যমন্ত্রীজনে কয়– ‘বীৰ চিলাৰায়ৰ শৌর্য-বীর্য আৰু গৰিমা যাউতিযুগীয়া কৰাৰ কাৰণে অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷
নৰনাৰায়ণ চিলাৰায়ৰ ৰাজত্বকালত প্রজাৰ সুবিধাৰ বাবে নির্মাণ হোৱা ঐতিহাসিক গোসাঁই কমল আলি সংৰক্ষণ তথা নামকৰণৰ কাৰণে ব্যৱস্থা গ্রহণ কৰা, চিলাৰায়ৰ আৱাসগৃহ স্থাপন আদি কাম হাতত লোৱাৰ উপৰি অসমৰ এসময়ৰ জনপ্রিয় মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহৰ শাসনকালত জনতা ভৱনটো বর্তমান সচিবালয় ভৱনলৈ পৰিণত হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে শৰৎ চন্দ্র সিংহই অসম সচিবালয় ভৱনটো জনতা ভৱন হিচাপে নামকৰণ কৰিছিল৷
কিন্তু পৰৱর্তী চৰকাৰসমূহে এই নামটো উঠাই দি অসম সচিবালয় নামকৰণ কৰিছিল৷ কিন্তু আমি এই জননেতাগৰাকীৰ প্রতি শ্রদ্ধা জনাই তেওঁ পূর্বে দিয়া নাম জনতা ভৱনে ৰখাৰ সিদ্ধান্ত কৰিছোঁ৷ যোৱা প্রায় আঢ়ৈ বছৰত ভাৰতীয় জনতা পার্টিৰ চৰকাৰখনে অভিলেখসংখ্যক সামাজিক কাম হাতত লৈছে৷ ইতিমধ্যে চৰকাৰে ১৯খন কেন৲ছাৰ চিকিৎসালয়, বহুতো বিশ্ববিদ্যালয়, কেইবাটাও উদ্যোগ আদি প্রতিষ্ঠা কৰি এক পৰিৱর্তনৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে৷ অসমত এতিয়া যিবোৰ উদ্যোগ গঢ় লৈ উঠিব এই উদ্যোগত উৎপাদিত সামগ্রীসমূহে নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ আদি আন্তর্তিক বজাৰসমূহ দখল কৰিবলৈ প্রস্তুতি গ্রহণ কৰিছে৷ পৰৱর্তী সময়ত অসমত উৎপাদিত সামগ্রীয়ে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন বজাৰ দখল কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷
উদ্যোগ ক্ষেত্রতো অসমে পৰৱর্তী সময়ত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব পাৰিব৷ ইয়াৰ বাবে অসমত এটা শক্তি আগুৱাই আহিব লাগিব৷ অসমীয়া খিলঞ্জীয়া শিক্ষিত ডেকা শক্তিসমূহে এই উদ্যোগৰ গুৰি ধৰিব পাৰিলে অসমে ভাৰতৰ ভিতৰতে এক উল্লেখযোগ্য ৰাজ্য হিচাপে পৰিগণিত হ’ব৷ ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে পূর্বৰ প্রধানমন্ত্রী মনমোহন সিঙক সমালোচনা কৰি কয় যে অসমৰ ৰাজ্য সভাৰ পৰা নির্বাচিত হৈ প্রধানমন্ত্রী হোৱাৰ পিছতো সিঙে অসমৰ কাৰণে একোৱেই নকৰিলে৷ কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কার্যভাৰ হাতত লৈয়েই অসমৰ উন্নয়নৰ কাৰণে যিবোৰ আর্থিক অনুদান প্রদান কৰিলে পূর্বৰ সকলো চৰকাৰৰ দিনৰে অভিলেখ ভংগ কৰিলে৷
এইজন প্রধানমন্ত্রীৰ হাত শক্তিশালী কৰিবলৈ অসমৰ ডেকা শক্তিটোক আহবান জনায়৷ তেওঁ কয় যে কঠোৰ পৰিশ্রমেই উন্নতিৰ মূলমন্ত্র৷ পৰিশ্রম নহ’লে বিকাশ নহয়৷ আনহাতে আজি বিয়লি বজালী মহকুমাত মহাপুৰুষ শ্রীশ্রীমাধৱদেৱে নির্মাণ কৰা ঐতিহ্যপূর্ণ অকয়া সত্র পৰিৱেশন কৰে৷ আৰু এই সত্রৰ জৰাজীর্ণ ৰূপ প্রত্যক্ষ কৰি সত্রখনৰ উন্নয়নৰ বাবে তেওঁ পঁচিশ লাখ টকাৰ আর্থিক অনুদান প্রদান কৰিব বুলি আজি ভাষণত উল্লেখ কৰে৷
তদুপৰি বজালীৰ দৈশিঙ্গৰী ৰাইজৰ অনুৰোধত অঞ্চলটোত আঠ লাখ টকা ব্যয়সাপেক্ষে বীৰ চিলাৰায়ৰ ভৱন নির্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ চিলাৰায় উদ৲যাপন সমিতিৰ সভাপতি তথা সৰভোগৰ বিধায়ক আৰু ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বীৰ চিলাৰায়ৰ শৌর্য-বীর্যৰ কথা উল্লেখ কৰি তেওঁৰ আদর্শেৰে অনুপ্রাণিত হ’বলৈ সকলোকে আহবান জনায়৷ সভাত দৰং সাহিত্য সভাৰ প্রাক্তন সভাপতি ডo অমৰেন্দ্র নাৰায়ণ দেৱে নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বীৰ চিলাৰায়ৰ বীৰত্ব আৰু গৰিমাৰ বিষয়ে আলোকপাত কৰে৷
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালিকা মধুৰিমা সেনে আদৰণী ভাষণ পাঠ কৰা অনুষ্ঠানত বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্র শর্মা, বৰপেটাৰ বিধায়ক গুণীন্দ্র নাথ দাস, পাটাছাৰকুছিৰ বিধায়ক পবিন্দ্র ডেকা, গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰয় সৰকাৰ, অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, বজালী জিলা বিজেপিৰ সভাপতি ফণী পাঠক আদিকে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ অনুষ্ঠানৰ আগেয়ে বীৰ চিলাৰায়ৰ প্রতিচছবিত মাল্যার্পণ আৰু বন্তি প্রজ্বলন কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ সভাৰ আগেয়ে গুৰু বন্দনা পৰিৱেশন কৰে চন্দ্রকান্ত দাস আৰু তেওঁৰ সংগীবৃন্দই৷ সভাত ‘বীৰ চিলাৰায়’ নামেৰে এটি গীতো পৰিৱেশন কৰা হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি