Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 9:37 am

Home » সম্পাদকীয় » নেলী গণহত্যাৰ সুবিচাৰ হ’বনে?

নেলী গণহত্যাৰ সুবিচাৰ হ’বনে?


অসমৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণ, ভােটাধিকাৰ কৰ্তন আৰু বহিস্কৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা। (আছুই ১৯৭৯চনৰ ৮জুন তাৰিখে আহ্বান দিয়া ১২ ঘন্টীয়া অসম বন্ধৰে অসম আন্দোলন আৰম্ভ হৈছিল। অসম আন্দোলনত আছুৰ অংশীদাৰ হিচাপে পূর্বাঞ্চলীয় লোেক পৰিষদ, জাতীয়তাবাদী দল, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, যুব উকীল সন্থা, অসম সাহিত্য সভা আৰু আন বহু সংস্থা আৰু ব্যক্তি। অসম আন্দোলনৰ সকলাে সহযােগী সংগঠনৰ নেতৃস্থানীয় ব্যক্তিক লৈ অসম গণ সংগ্রাম পৰিষদ গঠন কৰা হয়। আন্দোলন আগবাঢ়িল। লাহে লাহে আন্দোলনত অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অংশ বাঢ়ি আহিল। কিন্তু লাহে লাহে এই আন্দোলনৰ গতিৰ প্রকৃতি কিছু সলনি হ’বলৈ ধৰে। বিদেশী বিতাৰণৰ নামত এই আন্দোলন বাংলাভাষী মুছলমানকেন্দ্রিক হৈ উঠিল। এই আন্দোলন মূলতঃ ব্রহ্মপুত্র উপত্যকাতহে হৈছিল। বৰাক উপত্যকা আৰু পাহাৰীয়া জিলা দুখনত এই আন্দোলনৰ কোনাে প্রভাব পৰা নাছিল। | অসম আন্দোলনৰ প্রেক্ষাপটত হিন্দু ধর্মীয় সংগঠন ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু সোঁপন্থী ৰাজনৈতিক দল বিজেপিৰ আবির্ভাব ঘটিল।
১৯৮৩ চন। ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্রেছ (ই) দলৰ কেন্দ্ৰীয় চৰকাৰে অসমত নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ললে। কিন্তু অসম আন্দোলনৰ নেতৃত্বই ভােটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কর্তন নকৰা পর্যন্ত অসমত যিকোনাে নির্বাচন বিৰােধিতা কৰি ইয়াক প্রতিহত কৰাৰ সকিয়নী দিলে। অসম আন্দোলন সেই মুহূর্তত ভাৰতীয় ৰাষ্ট্রৰ লগত এক মুখা-মুখি প্রত্যাহ্বানত নামি পৰিল। নির্বাচন আয়ােগে ফেব্রুবাৰী মাহত অসমত অসম বিধান সভা নির্বাচন অনুষ্ঠিত কৰিলে। নির্বাচনী প্রচাৰলৈ আহি নির্বাচনত অংশ গ্রহণ কৰা প্রতিজন নাগৰিকক নিৰাপত্তা প্রদানৰ আশ্বাস দিলে প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে। ১৯৮৩ চনৰ ১৪ ফেব্রুবাৰীত অনুষ্ঠিত হােৱা প্রথম পর্যায়ত অতি কম সংখ্যক ভােটাৰে ভােটদানত অংশ গ্রহণ কৰিছিল। জনতা দল, লােক দল আৰু বিজেপিয়ে এই নির্বাচন বর্জন কৰিলে। ইয়াৰ বিপৰীতে কংগ্রেছ (ই), কংগ্রেছ (ইউ) আৰু পিটিচিয়ে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’লে। ১২৬ টা বিধানসভা সমষ্টিৰ বাবে মুঠ ৬২৮ খন মনােনয়ন দাখিল হ’ল যাৰ ভিতৰত ৫২৭ জন প্রতিদ্বন্দ্বি ৰল। মুঠ ১৭ টা সমষ্টিত নির্বাচন অনুষ্ঠিত কৰিব পৰা নগ’ল। কিছুমান খিলঞ্জীয়া অধ্যুষিত বিধান সমষ্টিত ভােটদানৰ হাৰ ০.৩৯, ০.৪০ আদি। কিন্তু খিলঞ্জীয়া অধ্যুষিত সমষ্টিত এনে নগণ্য ভােটদানৰ হাৰ সত্বেও ১৯৮৩ৰ অসম বিধান সভা নির্বাচনত সামগ্রীক ভােটদানৰ হাৰ আছিল ৩১.৪৮। ইয়াৰ কাৰণ হ’ল অসমৰ পার্বত্য জিলা দুখন আৰু বৰাক উপত্যকাত নিয়মীয়া ভােটাদান।
অসমৰ এক অংশই নির্বাচন বর্জনৰ বিপৰীতে ১৯৮৩ চনৰ নিৰ্বাচনত অসমৰ সংখ্যালঘু মুছলমান অংশ গ্রহণে বর্জনকাৰী প্ৰতিজনৰ বিদ্বেষ বঢ়াই তুলিলে যাৰ ফলশ্ৰুতিত অসমৰ ইতিহাসত ১৯৮৩ চনটো এক বিৰল তথা কলংকিত অধ্যায়ৰূপে পৰিগণিত হ’ল। বিতর্কিত নির্বাচনক বাধা দিয়াৰ গইনাৰে আন্দোলনৰ ভিতৰত থকা উগ্র সাম্প্রদায়িক শক্তিয়ে পৰিস্থিতিৰ সুযােগ লৈ বংগমূলীয় মুছলমানৰ ওপৰত নির্বাচন বর্জনৰ আহ্বান নমনাৰ দোষ জাপি দি অতি পৰিকল্পিতভাবে বিভিন্ন ঠাইত জনগােষ্ঠীটোৰ লােকক আক্রমণ কৰিবলৈ ৰাইজক উত্তেজিত কৰি তুলিছিল। অবিভক্ত নগাঁও জিলাৰ জাগীৰােড থানাৰ অন্তৰ্গত নেলী অঞ্চলত ১৮ ফেব্রুবাৰীতপুৱা ৮.৩০ মান বজাৰ পৰা দুষ্কৃতিকাৰীৰ বৃহৎ দলে অস্ত্র-শস্ত্ৰৰে সজ্জিত হৈ বংগমূলীয় মুছলমান ওপৰত ব্যাপক আক্রমণ চলায়। মাত্র ৬ ঘন্টাৰ আক্ৰমণত চৰকাৰী হিচাপমতে ১,৮১৯ জন নিৰীহ আবাল-বৃদ্ধ-বনিতা নিহত হয়। শিশু আৰু মহিলাৰ সংখ্যা অধিক। নেলীৰ বৰবৰী গাঁৱৰ এটা গণ কবৰত ৫৮৫টা মৃতদেহ একেলগে কবৰস্থ কৰা হয়। বেচৰকাৰী হিচাপ মতে নিহতৰ সংখ্যা আছিল তিনি হাজাৰৰ ওচৰা-ওচৰি। নগাঁও জিলাৰ কামপুৰ, লাওখােৱা, চাপৰমুখ অঞ্চলত কপিলি নৈৰ পাৰে পাৰে থকা মুছলমান বসতি প্রধান গাঁওবােৰ আততায়ীবিলাকে আক্রমণ কৰাত অজস্র মানুহৰ ঘৰবাৰী পুৰি চাৰখাৰ হয় আৰু বহু নিৰীহ মানুহ নিহত হয়। 
দৰং জিলাৰ মঙ্গলদৈ মহকুমাৰ চাউলখােৱা চাপৰিত হিংস্র আততায়ীবিলাকে অস্ত্র-শস্ত্ৰ আৰু বন্দুকেৰে সজ্জিত হৈ বংগমূলীয় মুছলমানৰ ওপৰত আক্রমণ চলায় আৰু সাত শতাধিক মানুহক হত্যা কৰে। অবিভক্ত দৰং জিলাৰ গহপুৰত সংঘটিত গণহত্যাত ৫০০ ৰাে অধিক লােকে প্রাণ হেৰুৱাইছিল। আক্রান্তসকলৰ অধিকাংশ আছিল জনজাতীয় বড়াে সম্প্রদায়ৰ লােক। এনেদৰেই অসম ৰক্তাক্ত হৈ পৰিছিল। নেলী হত্যাকাণ্ডই অসম আন্দোলনৰ গতিকো সলনি কৰিছিল আৰু ইয়াৰ গণতান্ত্রিক আৰু অহিংস চৰিত্ৰত কালিমা সানিছিল। নেলীৰ ঘটনাৰ পৰৱৰ্তী সময়ত এই ঘটনাৰ দায়িত্ব আন্দোলনৰ নেতৃত্বই স্থানীয় তিৱা জনগােষ্ঠীলৈ ঠেলি দিছিল। ৮৫৫জন শহীদ আৰু কেইবা হেজাৰ মানুহৰ মৃত্যুৰ বিনিময়ত অসম চুক্তিৰ মাধ্যমেৰে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল। অবৈধ বাংলাদেশী প্রব্রজনৰ অভিযােগেৰে তিনি দশকতকৈ অধিক কাল ধৰি অশান্ত অসম তথা অসমবাসীৰ ৩৮ বছৰীয়া সংগ্রাম আৰু ৮৫৫ জন শ্বহীদ বলিদানক শ্রদ্ধা জনাই অসম আৰু অসমীয়াৰ স্বাৰ্থত অসম চুক্তি অনুসৰি ইতিমধ্যে প্রকাশিত হ’ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পূর্ণাংগ খচৰা। ইয়াৰ জৰিয়তে ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬ শ ৭৭ জন নাগৰিকৰ নাম সন্নিবিষ্ট হ’ল। ইয়াৰ বিপৰীতে বাদ পৰি ৰল প্রায় ৪০ লাখ জনসাধাৰণৰ নাম যাৰ প্রক্রিয়া চলি আছে। অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা হিন্দু-মুছলমান, আস্তিত-নাস্তিক আদি কোনাে অবৈধ বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব নাপায়। কিন্তু বিজেপি চৰকাৰৰ নাগৰিকত্ব সংশােধনী বিলখনে ১৯৭১চনৰ পাছত অহা হিন্দু বাংলাদেশীকো নাগৰিকত্ব দিয়াৰ বিশেষ পদক্ষেপে অসম চুক্তি নস্যাৎ কৰিব।
নেলী হত্যাকাণ্ডসংঘটিত হােৱা ৩৬ বছৰ অতিক্ৰম কৰিলে। এই হত্যাকাণ্ডৰ বলি লােকসকল তথা নিকটাত্মীয়সকলে আজিলৈকে ন্যায় নাপালে। নেলী হত্যাকাণ্ডৰ এবছৰ পিছত দিল্লীত সংঘটিত শিখ সংঘৰ্ষৰ বলি হােৱাসকল অথবা তেওঁলােকৰ নিকটাত্মীয়সকলক সকাহ দিবলৈ কেন্দ্রীয় আৰু দিল্লীচৰকাৰে নিজাববীয়া উদ্যোগ তথা উচ্চতম ন্যায়ালয়ৰ নির্দেশনা অনুসৰি ১৫ লাখ টকাকৈ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে দোষীক কাৰাদন্ড ব্যবস্থা কৰি এক বিৰল নিদের্শন সৃষ্টি কৰিছিল। কিন্তু নেলী হত্যাকাণ্ডৰ বলি হােৱাসকলৰ ক্ষেত্ৰত তেনে পদক্ষেপ গ্রহণ কৰা নহ’ল। 
এই নির্মম ঘটনা সংঘটিত হােৱাৰ পৰৱৰ্তী সময়ত স্থানীয় ভুক্তভােগীসকলে দুবৃর্তক চিনাক্ত কৰি ৬৮৮ খন এজাহাৰ দাখিল কৰিছিল। তাৰে মাত্র ২৯৯ টা গােচৰ পঞ্জীয়ন হৈছিল। এই গােচৰ কেইটাৰ চার্জশীট আদালতত দাখিল কৰা হৈছিল যদিও পৰৱর্তী এই গােচৰসমূহ প্রফুল্ল মহন্ত নেতৃত্বাধীন অগপ দলৰ প্ৰথমটো কার্যকালতে উঠাই দিয়া হয়। নেলী গণহত্যাৰ তদন্তৰ বাবে হিতেশ্বৰ শইকীয়া চৰকাৰে এজনীয়া এখন আয়ােগ গঠন কৰি দিছিল। উত্তৰ প্ৰদেশ চৰকাৰৰ প্রাক্তন মুখ্য সচিব এম ডি তিৱাৰীৰ নেতৃত্বত গঠিত আয়ােগে পৃথিৱীৰ ইতিহাসৰ সেই কলংকিত অধ্যায়ৰ তদন্ত কৰি চৰকাৰৰ ওচৰত ৬০০ পৃষ্ঠাৰ এখন প্রতিবেদন জমা দিছিল। সেই প্রতিবেদন হিতেশ্বৰ শইকীয়া, প্রফুল্ল মহন্তৰ দুটা শাসন কাল, তৰুণ গগৈৰ তিনিটা কার্যকালতাে ৰাজহুৱা  নহ’ল। দোষীয়ে শাস্তি নাপালে, ন্যায় নাপালে নেলীৰ দুৰ্ভগীয়া ভাৰতীয়ই৷বৰং এখােজ আগুৱাই গৈ প্রফুল্ল কুমাৰ মহন্তৰ প্রথমখন চৰকাৰে অসম আন্দোলনৰ সময়ত ন্দোলনকাৰীয়ে সংঘটিত কৰা হত্যা সংক্রান্তীয় সমস্ত গােচৰবােৰ উঠাই লয়। ১৯৯১চনত হিতেশ্বৰ শইকীয়া, ১৯৯৬ চনত প্রফুল্ল কুমাৰ মহন্ত, ২০০১ৰ পৰা ২০১৬ লৈকে তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ কোনাে এখন চৰকাৰেই তিৱাৰী আয়ােগৰ প্রতিবেদন ৰাজহ্বা কৰিবলৈ সাহস নকৰিলে আৰু হয়তাে কোনাে দিনে ৰাজহুৱা নহ’ব।
দূৰভাষ  : ৯৪৩৫৮১৮৭২৬

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি