Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:46 am

Home » আঞ্চলিক » পুলৱামা কাণ্ড : ৰাজ্যজুৰি ব্যাপক প্রতিবাদ, পাকিস্তানী পতাকা দাহ

পুলৱামা কাণ্ড : ৰাজ্যজুৰি ব্যাপক প্রতিবাদ, পাকিস্তানী পতাকা দাহ

ব্যুৰ’ সংবাদ : জম্মু-কাশ্মীৰত চি আৰ পি এফৰ জোৱানৰ ওপৰত সন্ত্রাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ আক্রমণৰ ঘটনাৰ প্রতিবাদত আজি সমগ্র দেশৰ লগতে অসমতো দল-সংগঠনে সন্ত্রাসবাদী সংগঠনৰ লগতে পাকিস্তানৰ কর্ম-কাণ্ডক গৰিহণা দিছে৷ পাকিস্তানৰ পতাকা দাহ কৰাৰ লগতে জৈছ-ই-মহম্মদৰ মুৰববীৰ পুত্তলিকা দাহ কৰে৷ বজৰংগ দল, কৃষক শ্রমিক উন্নয়ন পৰিষদ, অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, গৰিয়া-মৰিয়া যুৱ পৰিষদ, বিজেপি আদিয়ে আজি পুৱাৰ পৰা অঞ্চলে অঞ্চলে সন্ত্রাসবাদী সংগঠনটোৰ মুৰববী আৰু পাকিস্তানৰ পতাকা দাহ কৰি পাকিস্তান-বিৰোধী শ্ল’গান দিয়ে৷ গুৱাহাটীত কৃষক শ্রমিক উন্নয়ন পৰিষদ, গৰিয়া-মৰিয়া যুৱ পৰিষদ আদিয়ে পাকিস্তানৰ পতাকা দাহ কৰি পাকিস্তান মুর্বাদ, জৈছ-ই-মহম্মদ মুর্বাদ ধবনি দিয়ে৷ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, বজৰংগ দলেও গুৱাহাটীত পাকিস্তান-বিৰোধী শ্ল’গান দিয়ে৷ তিনিচুকীয়া, নলবাৰী, তেজপুৰ, শোণিতপুৰ, ধুবুৰী আদিতো বিভিন্ন সংগঠনে পাকিস্তানৰ পতাকা দাহ কৰি শ্ল’গান দিয়ে৷ সন্ত্রাসবাদী সংগঠনৰ এনে নির্মম আক্রমণ ভৱিষ্যতলৈ সহ্য কৰা নহ’ব বুলি হুংকাৰ দিয়ে৷ ইফালে কালিৰ ঘটনাক তীব্র গৰিহণা দি অসম প্রদেশ কংগ্রেছ কমিটী আৰু ৰাজ্যিক বিজেপিয়ে বীৰ শ্বহীদসকলক সোঁৱৰণ কৰি বন্তি প্রজ্বলন কৰে৷ সন্ত্রাসবাদীৰ আক্রমণক গৰিহণা দিছে অসম সাহিত্য সভায়ো৷
লখিমপুৰত পাকিস্তানৰ পতাকা দাহ
জম্মু আৰু কাশ্মীৰৰ পুলবামা জিলাত জৈছ-ই মহম্মদৰ সন্ত্রাসবাদীয়ে কৰা ভয়াৱহ আত্মঘাতী আক্রমণৰ ঘটনাত সমগ্র দেশৰ লগতে আজি লখিমপুৰতো বিভিন্ন সন্থা-সংগঠনে তীব্র প্রতিক্রিয়া প্রকাশ কৰি প্রতিবাদ সাব্যস্ত কৰাৰ লগতে পাকিস্তানী পতাকা দাহ কৰি পাকিস্তান মুর্বাদ, ইমৰান খান মুর্বাদ আদি ধবনি দিয়ে৷ মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত আজি গ্রহণ কৰা এই প্রতিবাদী কার্যসূচীত মাৰোৱাৰী যুৱ মঞ্চৰ প্রগতি শাখা, সদৌ লখিমপুৰ জিলা ছাত্র সন্থা, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, হিন্দু যুৱ-ছাত্র পৰিষদ, হিন্দু যুৱ পৰিষদে অংশগ্রহণ কৰি পতাকা দাহৰ কার্যসূচী ৰূপায়ণ কৰাৰ লগতে সন্ত্রাসবাদীৰ আক্রমণত প্রাণ হেৰুওৱা বীৰ সৈনিকসকলৰ স্মৃতিত আয়োজিত সমূহীয়া শ্রদ্ধাঞ্জলি আৰু মৌন প্রার্থনা কৰে৷
কাশ্মীৰত সন্ত্রাসবাদীয়ে চলোৱা আক্রমণৰ বিৰুদ্ধে ৰঙিয়াত প্রতিবাদ
ৰঙিয়াৰ নিজা বাতৰি দিওঁতাই জনাইছে যে পুলবামাৰ ঘটনাৰ প্রতিবাদত ৰঙিয়াৰ খন্দিকৰত আজি এ বি এমছুৱে জৈছৰ মুৰববী মাছুদ আজহাৰৰ পুত্তলিকা দাহ কৰে৷ এ বি এমছুৰ তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু খন্দিকৰ আঞ্চলিক সমিতিৰ উদ্যোগত দিনৰ ১১ বজাত খন্দিকৰ চকত সংগঠনটোৰ শতাধিক সদস্য সমবেত হয় আৰু সন্ত্রাসবাদ নিপাত যাওক, জৈছ মহম্মদ মুর্বাদ, পাকিস্তান মুর্বাদ, বীৰ শ্বহীদ জোৱান অমৰ হওক আদি ধবনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ পাছত সংগঠনটোৱে পথৰ ওপৰতে মাছুদ আজহাৰৰ পুত্তলিকা দাহ কৰে৷ আজিৰ প্রতিবাদী কার্যসূচীত সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক নজৰুল ইছলামৰ উপৰি তামুলপুৰ জিলা সমিতিৰ সভাপতি জেহেৰুল হক, খন্দিকৰ আঞ্চলিক সমিতিৰ সভাপতি ফাৰুক আলী আৰু সাধাৰণ সম্পাদক কামাল হুছেইন উপস্থিত থাকে৷ ইপিনে সন্ত্রাসবাদী সংগঠনটোৰ বর্বৰতাপূর্ণ আক্রমণত প্রাণ হেৰুওৱা বীৰ জোৱানসকলৰ স্মৃতিত বিশ্ব হিন্দু পৰিষদৰ ৰঙিয়া জিলা সমিতিয়ে আজি চহৰখনৰ গান্ধী মণ্ডপৰ সন্মুখত বন্তি প্রজ্বলন কৰে৷ সংগঠনটোৰ এই কার্যসূচীত উপস্থিত থাকে সংগঠনটোৰ জিলা সভাপতি বীৰেন্দ্র চৌধুৰী আৰু অঞ্জন ভূঞাকে ধৰি ভালেসংখ্যক কর্মকর্৷
আমছু, সংখ্যালঘু সংগ্রাম পৰিষদৰ গৰিহণা
পুলবামাত কালি সন্ত্রাসবাদীয়ে সংঘটিত কৰা কাণ্ডক ইত্তেহাদ ফ্রণ্ট, আমছু, সংখ্যালঘু সংগ্রাম পৰিষদৰ অসম ৰাজ্যিক সমিতিয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে৷ ৪৪জনকৈ ভাৰতীয় বীৰ সৈনিক শ্বহীদ হোৱাৰ লগতে ২ শতাধিক সৈনিক আহ হোৱাত আজি সমগ্র দেশবাসীৰ লগতে ইত্তেহাদ ফ্রণ্ট অসম নামৰ সংগঠনৰ সভাপতি শ্বাহাবউদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক নুৰ ইছলাম, আমছুৰ কেন্দ্রীয় সমিতিৰ কার্যকৰী সভাপতি আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহমান বিশ্বাস, সংখ্যালঘু সংগ্রাম পৰিষদৰ সাধাৰণ সম্পাদক মহম্মদ খলিফাই অত্যন্ত মর্মাহত হোৱা বুলি সংবাদ মাধ্যমৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰিছে৷
পুলবামা কাণ্ডক লৈ তেজপুৰতো তীব্র প্রতিবাদ
কাশ্মীৰৰ পুলবামাত কালি সন্ত্রাসবাদীৰ ভয়াৱহ আক্রমণত চি আৰ পি এফ বাহিনীৰ ৪৪গৰাকী জোৱান শ্বহীদ হোৱাৰ লগতে ৪৫গৰাকীকৈ অধিক জোৱান আহত হোৱা ঘটনাক কেন্দ্র কৰি দেশৰ বিভিন্ন প্রান্তৰ লগতে তেজপুৰতো ব্যাপক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হয়৷ তেজপুৰৰ মাজমজিয়াস্থিত মাধৱ ধামত স্থাপিত ভাৰত মাতাৰ মূর্তিৰ সন্মুখত বন্তি প্রজ্বলনেৰে শ্বহীদসকলৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বীৰ শ্বহীদকেইগৰাকীৰ আত্মাৰ সদ৲গতিৰ বাবে দুই মিনিট সময় মৌন প্রার্থনা কৰে বিভিন্ন ৰাষ্ট্রবাদী দল-সংগঠনৰ কর্মীসকলে৷ তেজপুৰৰ চানমাৰী ৰে’লগে’ট, বৰগোলা চাৰিআলি, গণেশমিল চাৰিআলি, ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সন্মুখত, দৰং কলেজৰ সমীপ আদি বিভিন্ন প্রান্তত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, জুবিন ফেন ক্লাব, ৰে’লগে’ট ব্যৱসায়ী সন্থা, বজৰং দল আদি বিভিন্ন দল-সংগঠনে পাকিস্তানৰ পতাকা দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷ পাঠশালাত পাকিস্তানৰ পতাকা দাহ ঃ বজালীৰ নিজা বাতৰি দিওঁতা ঃ কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণত ৪৪গৰাকী চি আৰ পি এফৰ জোৱানৰ মৃত্যু হোৱাত আজি পাঠশালাৰ মূল চকত বন্তি প্রজ্বলন, শ্বহীদ তর্পণ অনুষ্ঠান অগণন ব্যক্তি, সংগঠনৰ উপস্থিতিত সম্পন্ন কৰাৰ লগতে পাকিস্তানৰ পতাকা দাহ কৰে৷ হিন্দু যুৱ-ছাত্র পৰিষদে মূল কার্যসূচীৰ আঁত ধৰাৰ লগতে সন্ত্রাসবাদীৰ কার্যক গৰিহণা দিয়ে আৰু মৃত জোৱানৰ পৱিত্র আত্মাৰ চিৰশান্তি কামনা কৰে৷
জম্মু-কাশ্মীৰত নিহত জোৱানৰ প্রতি বৰভাগ আছুৰ শ্রদ্ধাঞ্জলি
পুলবামাত উগ্রপন্থী সংগঠনৰ ভয়াৱহ আক্রমণত নিহত বাক৲সাৰ মনেশ্বৰ বসুমতাৰীসহ আন আন ভাৰতীয় জোৱানৰ আত্মাৰ সদগতি আৰু আহতসকলৰ আশু আৰোগ্য কামনাৰে বৰভাগ আঞ্চলিক ছাত্র সন্থাই কালাগ হাটখোলাস্থিত মুখ্য শ্বহীদ বেদী প্রাংগণত বন্তি প্রজ্বলন কার্যসূচী ৰূপায়ণ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দ্বীপজ্যোতি তালুকদাৰ আৰু সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতাই আঁত ধৰা বন্তি প্রজ্বলন কার্যসূচীত অংশ লৈ নলবাৰী জিলা আছুৰ সহঃ সম্পাদক সমৰজ্যোতি মহন্তই উগ্রপন্থীৰ এই বর্বৰ আক্রমণক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰক উগ্রপন্থীক কঠোৰ হাতেৰে দমন কৰিবলৈ আহবান জনায়৷
ঠেলামৰাত বজৰং দলৰ পাকিস্তানৰ পতাকা দাহ
পুলবামা জিলাত সংঘটিত আত্মঘাতী বোমা বিস্ফোৰণত ৪২গৰাকীকৈ চি আৰ পি এফ বীৰ জোৱান শ্বহীদ হোৱা ঘটনাই সমগ্র দেশ শোকত ম্রিয়মাণ হোৱাৰ লগতে বিশ্বই ধিক্কাৰ দি এই বর্বৰ কাণ্ডক গৰিহণা দিছে৷ ইয়াৰ অংশস্বৰূপে ঠেলামৰাত আজি দিনৰ ভাগত বজৰং দলৰ সদস্যসকলে এই শ্বহীদ বীৰ জোৱানসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছত ১৫নং ৰাষ্ট্রীয় ঘাইপথত পাকিস্তান মুর্দাবাদ, হুঁচিয়াৰ, সন্ত্রাসবাদী হুঁচিয়াৰ, সন্ত্রাসবাদ নিপাত যাওক, ভাৰত মাতা কি জয়, সন্ত্রাসবাদী সংগঠন জৈছ-ই মহম্মদক নিঃশেষ কৰক আদি শ্ল’গান দিয়ে৷ লগতে সংগঠনটোৱে পাকিস্তানৰ পতাকা দাহ কৰি তীব্র প্রতিবাদ সাব্যস্ত কৰি ভাৰত চৰকাৰক ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনায়৷
ৰহাত বন্তি প্রজ্বলন
কালি সন্ত্রাসবাদীৰ বোমা বিস্ফোৰণত কাশ্মীৰত নিহত হোৱা ৪৪জন বীৰ শ্বহীদ জোৱানৰ আত্মাৰ সদগতি কামনা কৰি আজি ৰহা নতুন চাৰিআলিত ৰহা সমষ্টি যুৱ কংগ্রেছৰ সদস্যসকলে বন্তি প্রজ্বলন কৰে আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে শ্ল’গান দিয়ে৷ আনহাতে আজি পুৱা ৰহাস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত থকা ৰহা মীন মহাবিদ্যালয়ৰ সমূহ অধ্যাপক, ছাত্র-ছাত্রী আৰু কর্মচাৰীসকলে এক শোকসভা অনুষ্ঠিত কৰি কাশ্মীৰত প্রাণ বলিদান দিয়া বীৰ শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰে৷
লক্ষীপুৰত উগ্রপন্থীৰ হাতত নিহত বীৰ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি
গোৱালপাৰা জিলাৰ লক্ষীপুৰত আজি লক্ষীপুৰ মণ্ডল বিজেপি সমিতিৰ উদ্যোগত জম্মু-কাশ্মীৰত সন্ত্রাসবাদীৰ আক্রমণত নিহত বীৰ জোৱানসকললৈ শ্রদ্ধাঞ্জলি জনোৱা হয়৷ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ পূর্বে বীৰ শ্বহীদসকলৰ আত্মাৰ চিৰ শান্তিৰ বাবে মৌন প্রার্থনা কৰে৷ শ্রদ্ধাঞ্জলি অনুষ্ঠানত জ্যেষ্ঠ বিজেপিৰ কর্মী নিশিকান্ত হাজং, লক্ষীপুৰ মণ্ডল বিজেপি সমিতিৰ সভাপতি তজেন্দ্র ৰাভা, সম্পাদক দীপকণ মজুমদাৰ, জিলা উপ-সভানেত্রী অঞ্জলিমা ব্রহ্ম, ফাইজুৰ ৰহমান, লক্ষীপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া দুর্লভ চন্দ্র দাস, সমাজকর্মী মতিউৰ ৰহমান প্রমুখ্যে গণ্য-মান্য ব্যক্তি আৰু জোৱানসকলে কার্যসূচীত অংশগ্রহণ কৰে৷
ৰঙাপৰাত শ্রদ্ধাঞ্জলি অনুষ্ঠান
শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৰঙাপৰা প্রেছ ক্লাব আৰু বিভিন্ন দল- সংগঠনৰ সহযোগত জম্মু-কাশ্মীৰৰ পুলবামা জিলাত সন্ত্রাসবাদীৰ আক্রমণত প্রাণ ত্যাগ কৰা চি আৰ পি এফৰ বীৰ জোৱানসকলৰ আত্মাৰ শান্তি কামনাৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অনুষ্ঠানৰ আঁত ধৰে ৰঙাপৰা প্রেছ ক্লাবৰ সহকাৰী সম্পাদক চাহিন আহমেদে৷ ৰঙাপৰা গান্ধী মূর্তিৰ সন্মুখত সন্ধ্যা ৫-৩০ বজাত আয়োজিত এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া খুৰছেদ আলী, ৰঙাপৰা আঞ্চলিক ছাত্র সন্থা, ৰঙাপৰা আঞ্চলিক গোর্খা ছাত্র সন্থা, চেম্বার্ছ অব৲ কমার্চ, চি পি আই (এম), অসম জাতীয় ঐক্য মঞ্চ, নামনিগাঁও মিলন সংঘ আদি বহুকেইটা অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে শতাধিক লোক উপস্থিত থাকি বীৰ শ্বহীদৰ আত্মাৰ সদগতি কামনা কৰে৷
ধিঙত বন্তি প্রজ্বলনেৰে বীৰ শ্বহীদ সেনা-জোৱানলৈ গভীৰ শ্রদ্ধাঞ্জলি
বীৰ শ্বহীদ জোৱানসকলৰ পৱিত্র আত্মাৰ চিৰশান্তিৰ কামনাৰে নগাঁও জিলাৰ ধিঙতো এক শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়৷ ধিং আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত সন্ধিয়া ৬ বজাত ধিং বজাৰৰ মাজমজিয়াত ৰাজহুৱাভাৱে আয়োজিত উক্ত শ্রদ্ধাঞ্জলি অনুষ্ঠানত ধিং আছুৰ নেতৃবর্গৰ লগতে স্থানীয় বিভিন্নজন লোকে অংশগ্রহণ কৰি বন্তি প্রজ্বলনেৰে সন্ত্রাসবাদীৰ নৃশংস আক্রমণত নিহত হোৱা দেশৰ বীৰ শ্বহীদ সেনা-জোৱানসকললৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সেইসকলৰ পৱিত্র বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে৷
বিশ্বনাথত পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান আৰু মাছুদ আজহাৰৰ প্রতিকৃতি দাহ
বিশ্বনাথৰ ভাৰত মাতা পূজন সমিতিয়ে কাশ্মীৰত উগ্রপন্থীৰ আক্রমণত নিহত হোৱা চি আৰ পি এফৰ বীৰ জোৱানসকললৈ শ্রদ্ধাঞ্জলি জনাই বিশ্বনাথৰ বিভিন্ন স্থানত বন্তি প্রজ্বলন কার্যসূচী গ্রহণ কৰাৰ লগতে বিশ্বনাথ নগৰৰ মাজমজিয়াত পাকিস্তানৰ পতাকা ভৰিৰে মোহাৰি প্রধানমন্ত্রী ইমৰান খান আৰু মাছুদ আজহাৰৰ প্রতিকৃতি দাহ কৰে৷ আজি বিশ্বনাথৰ সঞ্জীৱনী হস্পিটেলৰ স্বত্ত্বাধিকাৰী ডাঃ বিকাশ সৰকাৰৰ নেতৃত্বত সমূহ কর্মচাৰী, নার্ছ ৰাজপথলৈ ওলাই আহি জম্মু- কাশ্মীৰৰ পুলবামাত সংঘটিত সন্ত্রাসবাদীৰ আক্রমণত প্রাণ আহুতি দিয়া বীৰ শ্বহীদসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্বহীদৰ আত্মাৰ চিৰশাস্তি কামনা কৰি দুই মিনিট মৌন প্রার্থনা কৰে৷ আমছুৰ বিশ্বনাথ জিলা সমিতিয়েও বন্তি প্রজ্বলনেৰে শ্বহীদসকলকৈ শ্রদ্ধাঞ্জলি জনায়৷ক্ত শুকুৰবাৰে নাহৰকটীয়া আৰু জয়পুৰত সন্ধিয়া বিভিন্ন দল-সংগঠনে বন্তি প্রজ্বলন কৰাৰ লগতে শীঘ্রে ঘটনাৰ লগত জড়িত উগ্রপন্থীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়৷
ডিব্রুগড় বিশ্ববিদ্যালয়ত বন্তি প্রজ্বলন 
আজি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্রৰ সন্মুখত কাশ্মীৰত শ্বহীদ হোৱা বীৰ জোৱানৰ আত্মাৰ সদগতিৰ বাবে বিশ্ববিদ্যালয়ৰ আছু গোটৰ উদ্যোগত বিশ্ববিদ্যালয়ৰ ছাত্র সমাজে বন্তি প্রজ্বলন কৰে৷ উক্ত কার্যসূচীত হাতে হাতে প্লে কার্ড লৈ ‘সন্ত্রাসবাদ নিপাত যাওক’, ‘হে শ্বহীদ অমৰ হোৱা’ আদি বিভিন্ন শ্ল’গান দিয়ে৷
তালাপবাসী ৰাইজে তালাপ বজাৰৰ প্রাণ কেন্দ্র তিনিআলিত সমবেত হৈ বন্তি প্রজ্বলন কৰি বীৰ শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জাতি-বর্ণ-ধর্ম নির্বিশেষে স্বতঃস্ফূর্তভাৱে ৰাইজ ওলাই অহা অনুষ্ঠানত বন্তি প্রজ্বলনৰ শুভাৰম্ভ কৰে অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া ললিত বৰাই৷ আঁত ধৰে সীমান্ত শর্মাই৷ তালাপ বজাৰৰ ব্যৱসায়ীসকলেও নিজৰ প্রতিষ্ঠানৰ সন্মুখতো বন্তি প্রজ্বলন কৰি শ্বহীদৰ প্রতি সন্মান প্রদর্শন কৰে৷ ইফালে তালাপ ৰে’লৱে ষ্টেছনতো ৰাইজে বীৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধা নিৱেদন কৰি বন্তি প্রজ্বলন কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি