Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:42 am

Home » দেশ-বিদেশ » কাশ্মীৰৰ পুলৱামাৰ আত্মঘাতী আক্রমণকাৰী কোন এই আদিল

কাশ্মীৰৰ পুলৱামাৰ আত্মঘাতী আক্রমণকাৰী কোন এই আদিল

ৱেব সংবাদ : ভাৰতৰ লগতে বিশ্ব সম্প্রদায়ক শংকিত কৰি তােলা কাশ্মীৰৰ পুলৱামাৰ আত্মঘাতী আক্রমণ সংঘটিত কৰিছিল ১০ কিলােমিটাৰ আঁতৰত থাকি পৰিকল্পনাৰ জৰিয়তে। পাকিস্তান সন্ত্রাসবাদী সংগঠন জইচ-ই-মহম্মদে ৪৪জন চি আৰ পি এফ জোৱানে প্রাণ হেৰুওৱা ভয়াৱহ আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছতেই ছ’চিয়েল মিডিয়াযােগে এই আত্মঘাতী আক্ৰমণৰ যুৱকজনৰ ভিডিঅ’ ভাইৰেল হৈ পৰে।
কাশ্মীৰৰ পুলৱামাত চি আৰ পি এফ বাহিনীৰ বাছৰ কনভয়ত আত্মঘাতী আক্রমণ কৰা সন্ত্রাসবাদী আদিল আহমেদ ডৰ নামৰ কাশ্মীৰী যুৱকজনৰ ঘৰ ঘটনাস্থলীৰ পৰা প্ৰায় ১০ কিলােমিটাৰ নিলগত। এই ১০ কিলােমিটাৰ নিলগৰ ঘৰৰ কাষতেই বিলাসী গাড়ী স্ক’ৰপিঅ’ত ৩৫০ কিলােগ্রাম বিস্ফোৰকেৰে ৭৮খন চি আৰ পি এফ বাহিনীৰ বাছ এখনত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। অর্থাৎ ১০ কিলােমিটাৰ আঁতৰত থাকিয়েই আত্মঘাতী সন্ত্রাসবাদীটোৱে বিগত দুটা দশকৰ ভিতৰত সর্ববৃহৎ সন্ত্রাসবাদী আক্রমণ সফল কৰি তুলিছিল। উল্লেখ্য যে ২০১৭ চনৰ মাৰ্চত দ্বাদশ শ্ৰেণীৰ অধ্যয়ন শেষ নকৰাকৈ বিদ্যালয় এৰি আদিল আহমেদ ডৰে জইচ-ই-মহম্মদত ভর্তি হৈছিল আৰু নাম পাইছিল কাছ কমাণ্ডা। ২২ বছৰীয়া এই সন্ত্রাসবাদীটোৱে চি আৰ পি এফ বাহিনীৰ কনভয়ত আক্রমণ কৰি ৰক্তাক্ত কৰিছিল জম্মু-কাশ্মীৰ।
ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে আত্মঘাতী বােমাৰু ডৰে তিনি মাহ প্রশিক্ষণ লৈছিল৷ স্থানীয় বাট-পথত গাড়ী দ্রুতগতিৰে চালনাৰ অভ্যাসে গঢ়ি তুলিছিল। অৱশ্যে আৰক্ষীৰ হাতত থকা তথ্য মতে, ২০১৮ চনত সন্ত্রাসবাদী সংগঠনটোত ভর্তি হােৱা ডৰ আছিল চি কেটেগৰীৰ সন্ত্রাসবাদী। সন্ত্রাসবাদীটোক জইচ-ইমহম্মদ, হিজবুল মুজাহিদীন আৰু লস্কৰ-ই-তৈবাৰ সদস্যৰ সৈতে দেখা পােৱা গৈছিল। ডৰৰ লগত কোনাে অত্যাধুনিক অস্ত্র নাছিল, পুলৱামাৰ আন সন্ত্রাসবাদীৰ দৰেই আছিল আৰু ২০১৮ চনত সন্ধানহীন হৈছিল।
মন কৰিবলগীয়া যে চৰকাৰী সূত্রই প্রকাশ কৰা মতে, ডৰ হৈছে সন্ত্রাসবাদী সংগঠনৰ
দ্বাৰা নিযুক্তি দিয়া তৃতীয়টো স্থানীয় আত্মঘাতী সন্ত্রাসবাদী। ইয়াৰ পূর্বে ২০১৭ চনৰ ৩১ ডিচেম্বৰত ট্র’লত ফাৰদিন আহমেদ খান নামৰ ১৬ বছৰীয়া এটা আত্মঘাতী সন্ত্রাসবাদীয়ে চি আৰ পি এফ প্রশিক্ষণ শিবিৰত আক্রমণ চলাইছিল। তেনেদৰে ২০০০ চনৰ প্ৰাৰম্ভতে শ্রীনগৰৰ সমীপৱৰ্তী বাদামীবাগত সেনাবাহিনীৰ মুখ্য কার্যালয়ত বিস্ফোৰক ভর্তি গাড়ীৰে প্ৰথমটো স্থানীয় আত্মঘাতী বােমাৰুৱে আক্রমণ চলাইছিল। এই বােমাৰুটোৰ নাম আছিল আফাক আহমেদ শ্বাহ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি