Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:39 am

Home » অন্যান্য » অর্থনীতি » ব্যৱসায়-বাণিজ্য » বন্ধ নহয় বি এছ এন এল সেৱা : অসমতো হ’ব ৪জি সেৱা

বন্ধ নহয় বি এছ এন এল সেৱা : অসমতো হ’ব ৪জি সেৱা

গুৱাহাটীঃ বন্ধ হ’ব নেকি বি এছ এন এল সেৱা? এই লৈ বিগত কিছুদিনৰ পৰা সমগ্ৰ দেশ জুৰি চলা চৰ্চাৰ পিছতে শুকুবাৰে ভাৰত সঞ্চাৰ নিগম লিমিটেড অৰ্থাৎ বি এছ এন এলৰ অসম চাৰ্ক’লৰ চি জি এম সন্দীপ গোভিলৰে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদমলেত তেওঁ বি এছ এন এল সেৱা বন্ধ হোৱাক লৈ প্ৰচাৰ হোৱা বাতৰি ভুৱা বুলি মন্তব্য কৰে।
বি এছ এনে এলৰ সেৱা বন্ধ কৰাৰ বাবে চৰকাৰৰ ওচৰত কোনো প্ৰস্তাৱ নাই বুলি স্পষ্ট কৰি সন্দীপ গোভিলৰে কয় যে অচিৰেই অসমতো বি এছ এন এলে ৪জি সেৱা আগবঢ়াব। উন্নত নেটৱৰ্ক আৰু বাফাৰিঙৰে অসমত ৪জি সেৱা প্ৰচলনৰ বাবে ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে বুলিও জানিবলৈ দিয়ে চি জি এম গৰাকীয়ে।
আনফালে পূৰ্বৰ তুলনাত বৰ্তমানে বি এছ এন এলৰ গ্ৰাহকক সংখ্যা ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে, বৰ্তমান সময়তো বি এছ এন এলৰ অফাৰ আৰু নেটৱৰ্কৰ বাবে গ্ৰাহকে বি এছ এন এল সেৱা গ্ৰহণ কৰিবৰ বাবে আগ্ৰহী হৈ আছে। লগতে বৰ্তমান সময়ত জিঅ’ই বি এছ এন এলৰ প্ৰথম প্ৰতিপক্ষ বুলি মন্তব্য কৰে সন্দীপ গোভিলৰে। তেওঁ কয় যে অসমত বৰ্তমান সৰ্বাধিক গ্ৰাহকৰ সংখ্যা থকা নেটৱৰ্ক অপাৰেটৰ হিচাপে জিঅ’ৰ পিছতে বি এছ এন এলৰ স্থান। উল্লেখ্য যে, বি এছ এন এল হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এটা চৰকাৰী নেটৱৰ্ক অপাৰেটৰ। ২০০০ চনৰ ১৫ চেপ্তেম্বৰত ভাৰত চৰকাৰৰ অধীনস্থ হোৱা অপাৰেটৰটোৰ বৰ্তমান চি ই অ’ হৈছে অনুপম শ্ৰীবাস্তৱ। গোটেই দেশত বি এছ এন এলৰ মুঠ ১৩.৭৮৯ মিলিয়ন গ্ৰাহক আছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি