Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:21 am

Home » আঞ্চলিক » স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ (স্বয়ম)ৰ অধীনত অনুমােদন পত্র বিতৰণ

স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ (স্বয়ম)ৰ অধীনত অনুমােদন পত্র বিতৰণ

  • অর্থনৈতিক আৰু সাংস্কৃতিক আন্দোলনৰ জৰিয়তেহে এটা জাতিয়ে শক্তিশালী ৰূপত আগবাঢ়ি যাব পাৰে : মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল
  • সংকুচিতৰ পৰিৱর্তে সম্প্রসাৰিত মানসিকতা গঢ়ি তােলাৰ বাবে মুখ্যমন্ত্ৰীৰ যুৱ প্ৰজন্মলৈ আহ্বান

গুৱাহাটী : ‘অর্থনৈতিক আৰু সাংস্কৃতিক আন্দোলনৰ জৰিয়তেহে এটা জাতিয়ে শক্তিশালী ৰূপত আগবাঢ়িব যাব পাৰে। এই দুয়ােটা বিষয় ভিত্তিক আন্দোলনে মানুহৰ মানসিক উত্তৰণ সম্ভৱ কৰি বৌদ্ধিক যাত্রা পথ সুগম কৰে। আমাৰ যুৱ প্ৰজন্মই ৰাজ্যখনক শক্তিশালী দিশেৰে আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে প্রয়াস চলাব লাগিব। এই ক্ষেত্ৰত আমাৰ সমৃদ্ধিশালী ঐতিহ্য তথা মহান মনীষীৰ চিন্তাধাৰা অধ্যয়ন কৰি এক সৱল মানসিকতাৰে আগুৱাই যােৱাৰ দৃঢ়তা আহৰণ কৰিব লাগিব। আজি অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত মাছখােৱা আই টি এ প্রকল্পত স্বামী বিবেকানন্দ অসম যুৱ সৱলীকৰণ যােজনা (স্বয়ম)ৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ অনুমােদন পত্ৰ বিতৰণ উপলক্ষে আয়ােজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়। উল্লেখ্য যে এই আঁচনিৰ অধীনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ সৰ্বমুঠ ১২০০ হিতাধিকাৰী উপকৃত হব।
মুখ্যমন্ত্রী সােণােৱালে কয় যে যুৱ প্ৰজন্মক আর্থিক সহযােগিতা প্রদানেৰে উৎপাদন, বাণিজ্য আৰু সেৱা ক্ষেত্ৰত আয় বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বাজেটত ‘স্বয়ম’ আঁচনিৰ কথা ঘােষণা কৰিছিল যাতে নিবনুৱা যুৱক-যুৱতীসকলে উপার্জনৰ ক্ষেত্ৰত স্বাৱলম্বী হ’ব পাৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ আদৰ্শৰে যুৱ প্ৰজন্মৰ দক্ষতা বৃদ্ধি ঘটাই আজি সমগ্ৰ অসমতে হিতাধিকাৰীসকলক অনুমােদন পত্র বিতৰণ কৰাটো সম্ভৱ হৈ উঠিল। যুৱ সমাজে নিজৰ ব্যক্তিত্ব বিকাশৰ বাবে আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জৰিয়তে কাৰিকৰী দক্ষতা আহৰণ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যুৱ প্ৰজন্মই নিজস্ব প্রতিভাৰে উজলি উঠি সমাজৰ নেতৃত্বত বহন কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে স্বামী বিবেকান্দই যুৱ প্রজন্মলৈ জনােৱা আহ্বান হৃদয়ংগম কৰি আগুৱাই যােৱাৰ মানসিকতা আহৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ যুৱ প্ৰজন্মক সাম্প্রতিক নিয়ােজনমুখী ব্যৱস্থাটোৰ মাজত নিজৰ স্থিতি সৱল কৰাৰ বাবে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰােপেৰে চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে। এই ক্ষেত্ৰত উন্নয়ন খণ্ড পর্যায়ত দক্ষাত বৃদ্ধি কেন্দ্র স্থাপন কৰাৰ উপৰি ছিংগাপুৰৰ সৈতে এখন দক্ষতা বিশ্ববিদ্যালয় স্থাপনৰ ক্ষেত্ৰটো পদক্ষেপ গ্রহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই বিশ্ববিদ্যালয়খন সম্পূর্ণ হৈ উঠিলে প্রতিবছৰে ১০ হাজাৰ দক্ষতা সম্পন্ন যুৱকৰ সৃষ্টি হ’ব বুলিও তেওঁ কয়।
জীৱনৰ বাটত সন্মানীত ব্যক্তি হিচাপে জীয়াই থকাৰ সংকল্প গ্রহণ কৰি আমাৰ যুৱ প্ৰজন্মই নিজৰ কর্মপথাৰত মনােনিৱেশ কৰিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে যুৱ শক্তিক উদগণি দিয়াৰ বাবে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে। তদানুৰূপভাৱে ৰাজ্য চৰকাৰেও একে আদৰ্শৰে যুৱ প্ৰজন্মক আগুৱাই নিয়াৰ বাবে আঁচনি গ্ৰহণ কৰি বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে কাৰিকৰী দক্ষতা আহৰণেৰে দক্ষিণ পূৱ এছিয়াত অসমৰ যুৱকযুৱতীয়ে শক্তিশালী অৱস্থান গ্রহণ কৰি ৰাজ্যৰ স্বাভিমান বৃদ্ধি কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ওপৰত গুৰুত্ব আৰােপ কৰি বাজেটত সর্বাধিক ধন ধার্য কৰা হৈছে। বিনামূলীয়া নামভৰ্ত্তি, বিনামূলীয়া ইউনিফর্ম, বিনামূলীয়া পাঠ্যপুথিকে ধৰি একাধিক পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিছে। পিতৃ-মাতৃ আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধিৰ বাবে প্রয়াস চলাব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে খিলঞ্জীয়াৰ স্বার্থ সুৰক্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু প্রতিজ্ঞাবদ্ধ। বর্তমানৰ চৰকাৰৰ বিগত কার্যকালৰ খতিয়ান অধ্যয়ন কৰিলে সকলাে কথা আবিষ্কাৰ কৰাটো সম্ভৱ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে দুর্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰি ইতিমধ্যে বহুলাংশে সফলতা অর্জন কৰিছে। অসমৰ দল-সংগঠন সমূহে ৰাজ্যখনৰ বিকাশৰ গতি ত্বৰান্বিত কৰাৰ বাবে অর্থনৈতিক আন্দোলনৰ সূচনা কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্রীয় চৰকাৰে গেছ আৰু প্রেট্রলিয়াম খণ্ডত ৪০ হাজাৰ কোটি টকাৰ বৃহৎ বিনিয়ােগ সম্ভৱ কৰি তুলিছে। এই বিনিয়ােগে যুৱ প্ৰজন্মৰ সংস্থাপনৰ সম্পূর্ণ সম্ভাৱনা কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মক এই দিশটোৰ প্রতি লক্ষ্য ৰাখি নিজকে প্রস্তুত কৰিব লাগিব বুলিও কয়। আমি সংকুচিত হ’ব নালাগে, সম্প্রসাৰিত হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ যুৱ প্ৰজন্মই আমাৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মুখা-মুখি হ’ব পৰাকৈ নিজকে প্রস্তুত কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ‘স্বয়ম’ আঁচনিৰ জৰিয়তে আমাৰ যুৱ প্ৰজন্মক সৱলীকৰণ কৰিব বিচৰা হৈছে। মুখ্যমন্ত্ৰীয়ে বেংকৰ লেনদেন সঠিকভাৱে কৰি ভৱিষ্যতে আৰু অধিক ঋণ প্রাপ্তিৰ পথ মুকলি কৰি ৰাখিবলৈও হিতাধিকাৰী সকলক আহ্বান জনায়।
সভাত ভাষণ দি উদ্যোগ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে কয় যে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যােগাযােগ ক্ষেত্ৰখন অধিক শক্তিশালী কৰিব বিচাৰিছে। যােগাযােগ ব্যৱস্থাটো শক্তিশালী হ’লেহে উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰখন সম্প্রসাৰিত হব বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে যুৱ প্ৰজন্মক স্বনিয়ােজনৰ বাবে নিজকে প্রস্তুত কৰাৰ বাবে আহ্বান জনায়। | আজিৰ এই অনুষ্ঠানত বিধায়িকা সুমন হৰিপ্রিয়া, এছ বি আইৰ মুখ্য প্ৰৱন্ধক সুশীল কুমাৰ টেণ্ডন, অসম গ্রামীণ বিকাশ বেংকৰ অধ্যক্ষ সঞ্জয় আনন্দেও ভাষণ দিয়ে। উদ্যোগ বিভাগৰ আয়ুক্ত পুৰু গুপ্তাই আদৰণি ভাষণ দিয়া এই অনুষ্ঠানত উদ্যোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, এ আই ডি চিৰ উপাধ্যক্ষ জিতু তালুকদাৰ প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি