Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:22 am

Home » আঞ্চলিক » পুনৰ হ’ব পাৰে অগপ-বিজেপিৰ মিত্ৰতা

পুনৰ হ’ব পাৰে অগপ-বিজেপিৰ মিত্ৰতা

গুৱাহাটী : ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাৰ পাছতে সমগ্ৰ ৰাজ্যত বৈছে এতিয়া আনন্দৰ বন্যা। জাতিধ্বংসী বিধেয়কখনক লৈ বিগত দিনত ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ দল-সংগঠন সমূহৰ ব্যাপক প্ৰতিবাদৰ সন্মুখত অৱশেষত সেও মানিছিল কেন্দ্ৰীয় চৰকাৰে। অসমত বিজেপি চৰকাৰৰ সৈতে মিত্ৰতাত থকা অসম গণ পৰিষদেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ভংগ কৰিছিল মিত্ৰতা। ইয়াৰ পাছতে অগপ দলৰ নেতৃত্বই দেশৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰি বিলখনৰ বিপক্ষে থিয় হ’বলৈ আহ্বান জনাইছিল। সেই মৰ্মে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিয়েই ৰাজ্যসভাত বিজেপি চৰকাৰে উত্থাপন কৰা নাছিল বিধেয়কখন।
বিধেয়কখন বাতিল হোৱাৰ পাছতেই বৃহস্পতিবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত দেখা গ’ল ব্যাপক উছাহ উদ্দীপনা। অগপ দলৰ নেতা-কৰ্মীয়ে অতুল বৰা আৰু কেশৱ মহন্তক ফটকা ফুটাই দলীয় কাৰ্যালয়লৈ আদৰণি জনায়।ইয়াৰ পাছতেই অগপ নেতৃত্বই সম্বোধন কৰে এখন সংবাদ মেল। সংবাদ মেলত কেশৱ মহন্ত, অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাৰ লগতে উপস্থিত থাকে কেইবাগৰাকীও জ্যেষ্ঠ নেতা।
সংবাদ মেলত অগপ সভাপতি অতুল বৰাই কয়, ‘বিধেয়কখনৰ বিৰুদ্ধে আমি দীৰ্ঘ দিন ধৰি আন্দোলন আব্যাহত ৰাখিছিলো। আমি তিনিজনকৈ সমস্য অসম চৰকাৰৰ মন্ত্ৰীসভাত আছিলো। তৎসত্বেও আমি কেৱল মুখেৰে প্ৰতিবাদ কৰাই নহয়, আমি আন্দোলনতো নামি পৰিছিলো। ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচীৰ লগতে ৰাইজক সজাগ কৰিবৰ বাবে নাগৰিক সভাও আয়োজন কৰিছিলো। গৃহমন্ত্ৰী, উপৰাষ্ট্ৰপতিক আমি লগ ধৰাৰ লগতে যুটীয়া সংসদৰ সদস্য সকলক লগ ধৰি তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিলো। বহু কেইজন নেতাৰ গৃহলৈ গৈ আমি সাক্ষাৎ কৰিছিলো।’ সংবাদ মেলৰ মাজতে সাংবাদিকে অগপ আৰু বিজেপিৰ মিত্ৰতা আকৌ হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয়, ‘আমি ইতিমধ্যে মিত্ৰতা ভংগ কৰিছো। আৰু চলি থকা বিধানসভাত আমি বিৰোধীৰ আসনত বহিছো।’
মিত্ৰতা সন্দৰ্ভত অতুল বৰাই স্পষ্টভাৱে একো নক’লেও তেওঁ কয়, ‘আগন্তুক সময়ত আমি কেনেকৈ আগবাঢ়িম সেয়া দলৰ মজিয়াত আলোচনা কৰিহে জনাব পৰা হ’ব।’ সংবাদ মেলত বিধেয়কৰ সন্দৰ্ভত অতুল বৰাই স্পষ্টভাৱে কয়, ‘কোনোবাই কিবা ক’লেও এই বিলখন সহজে আৰু আনিব নোৱাৰে।’ শেষত অসম গণ পৰিষদ দলে আগন্তুক সময়ত অসমবাসীৰ হকে মাত মাতি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে অগপৰ নেতৃত্বই।
সংগ্ৰহ : অসমীয়া প্ৰতিদিন

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি