Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 6:40 pm

Home » ক্ৰীড়া » দুয়ােখন হাতেৰে বলিং কৰি চমক দিলে অক্ষয় কানেৱাৰে

দুয়ােখন হাতেৰে বলিং কৰি চমক দিলে অক্ষয় কানেৱাৰে

নাগপুৰ : অক্ষয় কার্নেৱাৰ হ’ল বিদৰ্ভৰ বাওঁহতীয়া স্পীনাৰ। কিন্তু খুব সংখ্যকেহে জানে যে সোঁহাতেৰেও অফ স্পীন বল কৰাত সিদ্ধহস্ত। কালি ইৰানী ট্ৰফীৰ মেচখনত এই অভাৱনীয় কাণ্ডই কৰিলে কার্নেৱাৰে। বাওঁহাতেৰে বলিং কৰি থকাৰ মাজতে তেওঁ আম্পায়াৰ নন্দনক জনালে যে তেওঁ এতিয়া সোঁহাতেৰে স্পীন বলিং কৰিবলৈ গৈ আছে। এই দৃশ্যই সকলােকে আচৰিত কৰি তুলিলে।
অৱশ্যে এইক্ষেত্ৰত আম্পায়াৰৰ প্রতিক্রিয়া একো নতুন নাছিল। কিয়নাে কার্নেৱাৰে তেওঁৰ জুনিয়ৰ খেলুৱৈ জীৱনৰ দিনৰে পৰাই দুয়ােখন হাতেৰে স্পীন বলিং কৰি আহিছে। এবাৰ আনকি তেওঁ এই কার্যৰে ৰােহিত শর্মাকো হতভম্ব কৰি তুলিছিল। দুয়াে ইণ্ডিয়ান অইলৰ হৈ খেলোঁতে কার্নেৱাৰে এই কাণ্ড কৰি ৰােহিতক আচৰিত কৰিছিল। বহু বছৰ আগৰ এই ঘটনাৰ পিছতে ৰােহিতে কার্নেৱাৰক ভাৰতীয় দলৰ নেট অনুশীলনত বলিঙৰ বাবে লৈ আনিছিল। তেতিয়া আনকি শচীন টেন্ডুলকাৰাে আচৰিত হৈ উঠিছিল কার্নেৱাৰক দুয়ােখন হাতেৰে বল কৰা দেখি। মহাৰাষ্ট্রৰ য়ভতমান জিলাৰ পাণ্ডাৰকাৱৰাৰ এজন বাছ চালকৰ পুত্র অক্ষয় কার্নেৱাৰে প্রায় এটা দশকৰ আগতেই অফ স্পীন বলিং কৰিছিল। কিন্তু প্রশিক্ষক বালু নাওঘাৰেই তেওঁক বাওঁহাতেৰেও স্পীন কৰিবলৈ কয়।
কার্নেৱাৰে কয় যে তেওঁ তেতিয়াহে সোঁহাতেৰে স্পীন বলিং কৰে, যেতিয়া তেওঁৰ দলে বিচাৰে। সম্প্রতি ইৰানী ট্ৰফীত তেওঁ অৱশিষ্ট ভাৰতৰ বাওঁহতীয়া বেটছমেন ঈশান কিষাণক অফস্পীন কৰাৰ পিছত আন সোঁহতীয়া বেটমেনক আগৰ দৰেই বাওঁহাতৰ স্পীন বলিং কৰে। মই আগতেও এনেধৰণৰ বলিং কৰিছো। কিন্তু টেলিভিছনত সম্ভৱতঃ প্রথমবাৰ আপােনালােকে মােক উভয় হাতেৰে বলিং কৰা দেখা পালে। যােৱা বছৰ বিজয় হাজাৰে ট্ৰফীৰ এদিনীয়া মেচত মই সোঁহাতেৰে স্পীন কৰি উইকেট পাইছিলোঁ। আজি মােক অধিনায়ক ফৈজ ফজনে ক’লে বাঁওহতীয়া বেটমেন কিষাণক সোঁহাতেৰে স্পীন কৰিবলৈ। সেয়ে মই কৰিলোঁ। যেতিয়া হনুমা বিহাৰী ষ্ট্রাইকলৈ আহে, মই পুনৰ বাওঁহাতেৰে স্পীন বলিং কৰিলোঁ।কার্নেৱাৰে এইদৰে কয়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি