Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:15 pm

Home » আঞ্চলিক » ৰাজ্যসভাত উত্থাপন নহ’ল জাতিধ্বংসী বিধেয়ক : কোনে কি ক’লে?

ৰাজ্যসভাত উত্থাপন নহ’ল জাতিধ্বংসী বিধেয়ক : কোনে কি ক’লে?

জাতিধ্বংসী বিধেয়ক গৃহীত নহ’লেও কেন্দ্রীয় চৰকাৰে ৭ ছেপ্টেম্বৰ, ২০১৫ তাৰিখৰ ভয়ানক জাতিধ্বংসী বিধি আৰু নির্দেশ দুখনেও অসমক বিস্তৰ ক্ষতি কৰিব বুলি সংগঠনৰ নেতাকেইজনে স্পষ্ট কৰি দিছে৷ যেতিয়ালৈকে এই বিধি আৰু নির্দেশ বাতিল নহয়, তেতিয়ালৈকে অসম সুৰক্ষিত নহ’ব। এই নির্দেশ আৰু বিধি বাতিল কৰিবৰ কাৰণে সংগ্রাম অব্যাহত ৰাখিব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিছে। এই বিধি আৰু নির্দেশ বাতিল কৰিবৰ কাৰণে সংগঠনটোৱে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
গুৱাহাটী : নাগৰিকত্ব সংশােধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নােহােৱাৰ লগে লগে উৎফুল্লিত হৈ পৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই। বুধবাৰে ৰাজ্যসভাৰ ভিতৰত সােমাই আছিল দুয়ােগৰাকী নেতাই। নাগৰিকত্ব সংশােধনী বিধেয়ক ৰাজ্যসভাত উত্থাপন নােহােৱাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জয় বুলি প্রতিক্রিয়া প্রকাশ কৰিছে কৃষক নেতাগৰাকীয়ে। জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অসমৰ ৭০ টা সংগঠনৰ প্রতিনিধিত্ব কৰি কিছুদিন ধৰি দিল্লীত বাহৰ পাতি আছিল অখিল গগৈ আৰু পলাশ চাংমাইয়ে।
গণতন্ত্র ৰক্ষা হ’ল-সংবিধান ৰক্ষা হ’ল-অসম ৰক্ষা হ’ল-উত্তৰ পূৰ্বাঞ্চল ৰক্ষা হ’ল— অখিল গগৈ
যােৱা কিছুদিনৰ পৰা ভাৰতবৰ্ষৰ বিৰােধী ৰাজনৈতিক দলসমূহক সাক্ষাৎ কৰি নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰুদ্ধে প্রচাৰ চলাই আছিল। বুধবাৰে অন্তিম দিনা ৰাজ্যসভাত নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত নােহােৱাকলৈ কৃষক নেতাগৰাকীয়ে সংবাদ মাধ্যমক কয় যে- “অসম আৰু উত্তৰ পূর্বাঞ্চলবাসী ৰাইজক প্রথমে ধন্যবাদ জনাইছাে। আমি জিকিলাে। গণতন্ত্র ৰক্ষা হ’ল, অসম ৰক্ষা হ’ল, উত্তৰপূর্বাঞ্চল ৰক্ষা হ’ল। এনেকুৱা ধৰণৰ ভাল খবৰ এটা পাব বুলি ভবাই নাছিলাে। আৰু এই গােটেই ঘটনাৰ সাক্ষী হলাে ৰাজ্যসভাত। আমি ৰাজ্যসভাৰ ভিতৰত সােমাই আছিলাে। পলাশ চাংমাই আৰু মই। আমি ৰাজ্যসভাৰ ভিতৰতে সােমাই থকা অৱস্থাতে ইমান ধুনীয়াকৈ গােটেই ঘটনা ঘটিলে। মােডী ডাঙৰীয়াও তাত উপস্থিত আছিল। ৰাজ্যসভাৰ অধ্যক্ষই ঘােষণা কৰি দিলে যে আজি ৰাজ্যসভা স্থগিত কৰা হ’ল। বিল কি কি পাছ হ’ল সকলাে গাই দিলে। আৰু তাৰ পাছত যেতিয়া নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত নহ’ল, লগে লগে আমি জঁপিয়াই দিছাে। মই উত্তৰ পূৰ্বাঞ্চলবাসী ৰাইজৰ হৈ ভাৰতবৰ্ষৰ বিৰােধী পক্ষক নমস্কাৰ জনাই ক’ব বিচাৰাে যে- উত্তৰ পূর্বাঞ্চলবাসীৰ জয় হৈছে। বিৰােধী পক্ষক আমি উত্তৰ পূর্বাঞ্চলবাসী ৰাইজে সকলােৱে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনােৱাটো দৰকাৰ। আমি সােনকালে বিৰােধী পক্ষক মাতি নি আদৰণি জনাম।”
ইফালে আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু ভাস্কো ডি শইকীয়া আৰু সাধাৰণ সম্পাদক ধৈর্য কোঁৱৰ আৰু মুকুট ডেকাই এয়া গণতন্ত্রৰ জয় বুলি অভিহিত কৰিছে। বিৰােধী পক্ষ আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ নিৰন্তৰ প্রতিবাদৰ বাবে এইয়া সম্ভৱ হৈছে। অসমৰ বিধেয়ক বিৰােধী ৭০ টা সংগঠন, বুদ্ধিজীৱী, সংবাদ মাধ্যমে এই আন্দোলনত যি বলিষ্ঠ ভূমিকা গ্রহণ কৰিলে, সদায়ে স্মৰণীয় হৈ ৰব।
ইফালে জাতিধ্বংসী বিধেয়ক গৃহীত নহ’লেও কেন্দ্রীয় চৰকাৰে ৭ ছেপ্টেম্বৰ, ২০১৫ তাৰিখৰ ভয়ানক জাতিধ্বংসী বিধি আৰু নির্দেশ দুখনেও অসমক বিস্তৰ ক্ষতি কৰিব বুলি সংগঠনৰ নেতাকেইজনে স্পষ্ট কৰি দিছে৷ যেতিয়ালৈকে এই বিধি আৰু নির্দেশ বাতিল নহয়, তেতিয়ালৈকে অসম সুৰক্ষিত নহ’ব। এই নির্দেশ আৰু বিধি বাতিল কৰিবৰ কাৰণে সংগ্রাম অব্যাহত ৰাখিব বুলি সংগঠনটোৱে স্পষ্ট কৰি দিছে। এই বিধি আৰু নির্দেশ বাতিল কৰিবৰ কাৰণে সংগঠনটোৱে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
আনহাতে কাইলৈ কৃষক মুক্তি সংগ্রাম সমিতি আৰু ৭০ সংগঠনে গুৱাহাটী ক্লাৱৰ সমীপৰ গােলচকত বিজয়ী প্রতিবাদ সাব্যস্ত কৰিব। দিনৰ ১১.৩০ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই বিজয় উৎসৱত অসমৰ বিশিষ্ট বুদ্ধিজীৱী-সাহিত্যিক-সাংবাদিক আৰু গুৱাহাটীৰ নাগৰিকসকলক অংশগ্রহণৰ আহ্বান জনাইছে সংগঠনটোৱে।
উল্লেখযােগ্য যে আজি বিধেয়কৰ বিৰুদ্ধে গুৱাহাটী মহানগৰকে ধৰি অসমৰ বিভিন্ন প্রান্তত সংগঠনটোৱে ব্যাপক প্রতিবাদ সাব্যস্ত কৰিছিল। ৰাজ্যসভাত নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন নােহােৱাত সংগঠনটো উৎফুল্লিত হৈ পৰে আৰু বিয়লি ভাগলৈ ব্যাপকভাৱে অসমৰ বিভিন্ন জিলাত বিজয় উৎসৱ পতা পৰিলক্ষিত হয়।
কংগ্ৰেছ দলে দেশ বিভাজনৰ সময়তাে অসমৰ স্বাৰ্থ ৰক্ষা কৰিছিল আৰু আজি পুনৰ সাম্প্রদায়িক শক্তিৰ পৰা অসম তথা সমগ্র উত্তৰ পূবৰ ৰাইজক সুৰক্ষা দিয়াত মুখ্য ভূমিকা পালন কৰিলে— দেবব্ৰত শইকীয়া

কংগ্ৰেছৰ নেতৃত্বত সন্মিলিত বিৰােধী পক্ষৰ তৎপৰতাত বিতর্কিত নাগৰিকত্ব সংশােধনী বিধেয়ক উত্থাপন নকৰাকৈয়ে আজি ৰাজ্যসভা অনির্দিষ্ট কাললৈ স্থগিত কৰিব লগীয়া হােৱাত সন্তোষ প্রকাশ কৰি অসম বিধান সভাৰ বিৰােধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে মৌলবাদী শক্তিয়ে ধর্মনিৰপেক্ষ ভাৰতত সাম্প্রদায়িক ভাৰতলৈ ৰূপান্তৰ কৰিবলৈ কৰা অপচেষ্টা আজি কংগ্ৰেছ দলে পুনৰ প্রতিহত কৰিলে।
বিৰােধী দলপতি গৰাকীয়ে কয় যে, অসম তথা উত্তৰ পূৱৰ ৰাইজৰ আবেগ-অনুভূতিৰ প্রতি সম্মান জনাই কংগ্ৰেছ দলৰ নেতৃত্বই অনা বিজেপি দল সমূহৰ লগত সমন্বয় গঢ়ি তুলি ৰাজ্য সভাত এনে এক বিধেয়ক বিৰােধী পৰিৱেশৰ সৃষ্টি কৰিলে যে মােডী চৰকাৰে বিধেয়ক খন উত্থাপিত কৰাৰ সাহস গােটাব নােৱাৰিলে। শইকীয়াই মন্তব্য কৰে যে, কংগ্ৰেছ দলে দেশ বিভাজনৰ সময়তাে অসমৰ স্বাৰ্থ ৰক্ষা কৰিছিল আৰু আজি পুনৰ সাম্প্রদায়িক শক্তিৰ পৰা অসম তথা সমগ্র উত্তৰ পূবৰ ৰাইজক সুৰক্ষা দিয়াত মুখ্য ভূমিকা পালন কৰিলে।
শইকীয়াই কয় যে ৰাজ্যসভাত বিজেপি চৰকাৰৰ অভিপ্রায় বিফল কৰাৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী ৰাহুল গান্ধী ধন্যবাদৰ পাত্ৰ কাৰণ তেখেতে বিধেয়কৰ বিৰূদ্ধে বলিষ্ঠ ভূমিকা ললে আৰু ৰাজনৈতিক বিচক্ষনতা প্রদর্শণ কৰি আন বিৰােধী দলৰ লগত সহমত গঢ়ি তুলি মােডী চৰকাৰক নাগৰিকত্ব সংশােধনী বিধেয়ক খন ধােৱা চাঙত তুলিবলৈ বাধ্য কৰালে। শইকীয়াই লগতে আছু, নেছাে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্রাম সমিতি, ড° হীৰেণ গোঁহাই আদিৰ সহিতে অসম তথা উত্তৰ পূবৰ ৰাইজে বিধেয়ক খন প্রতিহত কৰাৰ ক্ষেত্ৰত লােৱা অক্লান্ত ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি