Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:14 pm

Home » আঞ্চলিক » তিতাবৰৰ ৰাজপথত আবতৰীয়া বিহু : কিন্তু কিয়?

তিতাবৰৰ ৰাজপথত আবতৰীয়া বিহু : কিন্তু কিয়?

ৰাজ্যসভাত বিধেয়ক উত্থাপন নোহোৱাত তিতাবৰৰ ৰাজপথত বিহু নাচি, আটচবাজী ফুটাই,মিঠাই খোৱাই আনন্দ-উল্লাস : কনৰাড চাংমাক উত্তৰ পূৱৰ জাতীয় নায়ক আখ্যা


তিতাবৰ : ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ উত্থাপন নোহোৱাৰ বাবে আনন্দ-উল্লাসত নামি পৰিল তিতাবৰৰ একাংশ দল-সংগঠন আৰু স্থানীয় ৰাইজ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিতাবৰ আঞ্চলিক সমিতিৰ একাংশ কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ ৰাজপথলৈ ওলাই আহি ফটকা-আতচবাজী ফুটাই আনন্দ কৰাৰ লগতে নগৰখনৰ সোঁ মাজতে কান্ধত ঢোল লৈ সকলো বিহু গাই,বিহু নাচি আনন্দত মতলীয়া হৈ পৰে। কোনোৱে আকৌ মিঠাইয়ো খোৱাই আনন্দ কৰে। সকলোৱে ক’লে এইয়া আজি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলবাসীৰ এক ঐতিহাসিক জয় হ’ল৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক গৃহীত কৰিবলৈ উঠিপৰি লাগি থকা বিজেপি চৰকাৰক অহা লোকসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিবলৈ সমূহ ৰাইজক আহ্বান জনালে সংগঠনটোৱে।
উল্লেখযোগ্য যে বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল কোনো ধৰণৰ জাতীয় নায়ক নহয় বুলি মন্তব্য কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ৰাইজৰ হৈ থিয় দিয়া বিধেয়কৰ বিৰুদ্ধে মাত মাতি যোৱা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা হে উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় নায়ক হয় বুলি মন্তব্য প্ৰকাশ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি