Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:56 am

Home » আঞ্চলিক » ৰাজ্যসভাত উত্থাপন নহ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

ৰাজ্যসভাত উত্থাপন নহ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক

নতুন দিল্লী : বিৰোধীৰ প্ৰতিবাদত ৰাজ্যসভাৰ কাৰ্য-ক্ৰমণিকা বুধবাৰে দিনৰ ১১ বজালৈ স্থগিত ৰাজ্যসভাৰ কাৰ্যসূচী৷ সদনত প্ৰথমে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে মঙলবাৰৰ দিনৰ ২ বজালৈ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে স্থগিত ৰাখিছিল সদনৰ কাম-কাজ। ফলত মঙলবাৰে উত্থাপন নহ’ল নাগৰিকত্ব সংশোধী বিধেয়ক।
উল্লেখ্য যে এই অধিবেশনত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰাতো বাধ্যতামূলক। সেয়ে দিনৰ ২ বজাৰ পৰা পুনৰ অনুষ্ঠিত হ’ব লগা বৈঠকত যিকোনো প্ৰকাৰে ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱ গ্ৰহণ কৰোৱাৰ বাবে বিৰোধীক সৈমান কৰাবলৈ চৰকাৰ পক্ষ আলোচনাতো বহিছিল যদিও সেই বিষয়ত নহ’ল কোনো আলোচনা। ইয়াৰ পৰিৱৰ্তে বুধবাৰে দিনৰ ১১ বজাৰ পৰাহে পুনৰ আৰম্ভ হ’ব ৰাজ্যসভাৰ কাৰ্যসূচী।
ইপিনে বুধবাৰে সংসদৰ অন্তিম দিনটোত ৰাজ্য সভাৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি মত প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ ভূৱনেশ্বৰ কলিতাই৷ সাংসদ কলিতাই জানিবলৈ দিয়া মতে— বুধবাৰৰ কাৰ্য্যক্ৰমণিকাত প্ৰাধান্য দিয়া হ’ব ৰাষ্ট্ৰপতিৰ ভাষণৰ আলোচনা আৰু একে বিষয়ত ধন্যবাদ সূচক প্ৰস্তাৱ। তাৰ সমান্তৰালকৈ প্ৰাধান্য দিয়া হ’ব বাজেটৰ আলোচনা আৰু বাজেট গৃহীতকৰণত। যদি সময় থাকে, তেন্তে বিজনেজ এডভাইছ’ৰী কমিটী (Business Advisory Committee)ত শাসক-বিৰোধীয়ে সহমতত উপনীত হোৱা ৬ বিধেয়ক উত্থাপিত হ’ব পাৰে ৰাজ্য সভাত। সাংসদগৰাকীয়ে লগতে তেওঁ কয়- ‘ৰাজ্য সভাৰ সভাপতিয়েও শেষ দিনটোত ৰাষ্ট্ৰপতিৰ ভাষণ আৰু বাজেট আলোচনা কৰাৰ পক্ষত মত পোষণ কৰিছে’৷
আনহাতে, ৰাজ্য সভাৰ সময়সীমা বৃদ্ধি কৰাৰ যদিও সংসদীয় পৰিক্ৰমা বিজয় গোৱেলে প্ৰস্তাৱ আগবঢ়াইছিল; কিন্তু বিৰোধীয়ে আপত্তি দৰ্শায়। সেয়ে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকাৰ সময়সীমা বৃদ্ধিৰ সম্ভৱনাও ক্ষীণ। তেনেস্থলত নাগৰিকত্ব সংশোধনী বিধেয়ক বুধবাৰে উত্থাপন হোৱাৰ সম্ভাৱনা ক্ষীণ। অৱশ্যে নিয়ম বহিঃৰ্ভূতভাৱে শাসক দলটোৱে বিধেয়কখন উত্থাপনৰ প্ৰচেষ্টা চলাব পাৰে বুলি আশংকা সকলো দল-সংগঠনৰ। সেয়ে সংসদ ভৱনৰ বাহিৰত বিধেয়কখনৰ বিৰোধিতাৰে বাহৰ পাতি আছে অসমৰ জাতীয় দল-সংগঠনৰ নেতৃত্ব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি