Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:11 pm

Home » আঞ্চলিক » ৰাষ্টীয় নাগৰিকপঞ্জী : ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩৬ লাখ নথি পৰীক্ষা

ৰাষ্টীয় নাগৰিকপঞ্জী : ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩৬ লাখ নথি পৰীক্ষা

নিয়ােজিত কৰা হৈছে ৩,৫০০ৰাে অধিক বিষয়া-কৰ্মচাৰী
গুৱাহাটী : এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তর্ভূক্তিৰ বাবে দাবীৰ আবেদন কৰা ৩৬ লাখ লােকৰ নথি পৰীক্ষণ প্রক্রিয়া অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। এন আৰ চি কর্তৃপক্ষই ইতিমধ্যে এই কামৰ বাবে ৩,৫০০ৰাে অধিক বিষয়াকর্মচাৰীক নিয়ােজিত কৰিছে। প্রথম ১৫টা দিনত দাবীৰ জৰিয়তে নাম অন্তর্ভুক্তিৰ বাবে আবেদন কৰা ৩৬ লাখ লােকে দাখিল কৰা নতুন নথি-পত্ৰসমূহ পৰীক্ষা কৰিব।
উল্লেখ্য যে যযাৱা বছৰ ৩০ জুলাইত প্রকাশিত এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লােকৰ ভিতৰত ৩৬ লাখে নাম অন্তর্ভুক্তিৰ বাবে দাবীৰ আবেদন কৰিছে। দাবী-আপত্তিসমূহ নিষ্পত্তি কৰি অহা ৩১ জুলাইৰ ভিতৰত এন আৰ চিৰ চুড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নির্দেশ দিছে। এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কার্যালয়ৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, উচ্চতম ন্যায়ালয়ৰ উক্ত নির্দেশনাৰ পৰিপ্ৰেক্ষিতত এন আৰ চি কর্তৃপক্ষই অহা ১৫ জুনৰ ভিতৰত দাবী-আপত্তিৰ শুনানি সম্পন্ন কৰিব বিচাৰিছে। কিয়নাে, দাবী-আপত্তিৰ শুনানি প্রক্রিয়া সম্পন্ন হােৱাৰ পিছত চুড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে কমেও ডেৰ মাহ সময়ৰ প্রয়ােজন হ’ব। সেয়ে দাবীৰ আবেদনৰ সৈতে দাখিল কৰা নথি পৰীক্ষণ অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰি ১৫ দিনত শেষ কৰিব বিচাৰিছে। ইয়াৰ পিছতেই শুনানি জৰিয়তে অহা ১৫ জুনৰ পূর্বে দাবীসমূহ নিষ্পত্তি কৰিব। ইতিমধ্যে এন আৰ চি কর্তৃপক্ষই দাবীআপত্তিৰ বাবে আবেদন কৰা প্ৰত্যেকজন লােকলৈ নথি পৰীক্ষণৰ শুনানিত হাজিৰ হােৱাৰ জাননী জাৰি কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি