Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 2:48 am

Home » আঞ্চলিক » সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’ সন্মান বিতৰ্ক : ভিন্ন প্ৰতিক্ৰিয়া

সুধাকণ্ঠলৈ ‘ভাৰত ৰত্ন’ সন্মান বিতৰ্ক : ভিন্ন প্ৰতিক্ৰিয়া

তেজ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত ভাৰত ৰত্ন সম্মান প্রত্যাখান কৰা বুলি কোনাে কথা উল্লেখ কৰা নাই : সমৰ হাজৰিকা

গুৱাহাটী : সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰত্ন প্ৰদানৰ বাবে লােরা সিদ্ধান্তই অসমবাসীক যিদৰে আহ্লাদিত কৰিছে, তদানুৰূপ ভাৱে আমাৰ পৰিয়ালবৰ্গকে আনন্দিত কৰিছে। এই মন্তব্য— সমৰ হাজৰিকাৰ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ কয়— কলা-সংস্কৃতিৰ লগতে ভাষা-সাহিত্যৰ জৰিয়তে ভূপেন দাই দেশ তথা বিদেশত অসমৰ বাভিমান বৃদ্ধি কৰিছিল। এগৰাকী ভাল অসমীয়া হৈও মহান ভাৰতীয় হিচাগে বিশ্ব নাগৰিক হৈ তেখেত সমাজ জীৱনলৈ অমূল্য বৰঙণি যােগাই গৈছে। অসমৰ ঐতিহ্য, লােকজীৱনৰ সমৃদ্ধশালী শিমূহ তেখেতে সুন্দৰ সৃষ্টিৰাজিৰ মাজেৰে জগত সভালৈ নি অসমবাসীক গৌৰাষিত কৰিছে। ভূপেন সংগীতে ভাৰতীয় সংগীতক বিশ্ব পর্যায়ত শক্তিশালী ভাৱে দাঙি ধৰি পাঁচ হাজাৰ বছৰীয়া ভাবী সভ্যতা-সংস্কৃতিক উজ্জীৱিত কৰি তুলিছিল।
পূর্বতে ভাৰত চৰকাৰে এই গৰাকী মহান শিল্পীক পদ্মশ্রী, পদ্মভূষণ আৰু বিন্যা , দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰাৰ উপৰি সংগীত নাটক একাডেমীৰ বটাৰেও সমর্থন প্রদশর্ন ছিল। তদুপৰি ভূপেন দাই সংগীত নাটক একাডেমীৰ অধ্যক্ষ পদে অলংকিত কৰ অনুইন-টাৰ সৌহ বৃদ্ধি কৰিছিল। অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা গণশিল্পী গৰাকীৰ প্রতি আগত প্রতিটা সন্মানে স্বাভাবিকতে অসম আৰু অসমীয়াৰ স্বাভিমান আৰু মর্যাদা বৃদ্ধি কৰি আহিছে! গণশিল্পী গৰাকীক ভাৰতৰত্ন প্রদান কৰা সম্পর্কে সংবাদ মাধ্যম যেগে এক হল সূত্রপাত হােৱা আমাৰ দৃষ্টিগােচৰ হৈছে। এই সংক্রান্তত আমি কব বিচাৰাে যে ভূপেন দাৰ পুত্ৰ তেজ হাজৰিকাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই সম্মান প্রত্যাখান কৰা বুলি কোনাে কথা উল্লেখ কৰা নাই। এই ক্ষেত্ৰত যিকোনাে বিতর্ক নিতান্তই অনাৱশ্যক।
ভাৰত ৰত্ন সন্দৰ্ভত তেজ হাজৰিকাৰ সিদ্ধান্তক সমৰ্থন মমতা বেনাৰ্জীৰ
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতা কৰাৰ লগতে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ‘ভাৰত ৰত্ন’ সন্মান গ্ৰহণ নকৰো বুলি জনোৱা খবৰ প্ৰকাশ পোৱাৰ পাছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ সুধাকণ্ঠৰ পুত্ৰৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনায়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ‘সুধাকণ্ঠ ভূপেন হাজৰিকাক আমি বহু ভাল পাওঁ। তেওঁৰ পৰিয়ালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ভাৰত ৰত্ন সন্মান গ্ৰহণ নকৰাৰ সিদ্ধান্তক আমি সমৰ্থন জনাইছো। তেওঁলোকৰ আৱেগক আমি বুজি পাওঁ। আমিও নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছো। এই বিধেয়কৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলবাসীক অপমান কৰিছে মোডী চৰকাৰে।’
“ভাৰত ৰত্ন” প্রত্যাখ্যানক লৈ হৰিশ ৰাৱটৰ প্ৰতিক্রিয়া
সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাই পিতৃয়ে লাভ কৰা “ভাৰত ৰত্ন” সন্মান প্রত্যাখান কৰা সন্দৰ্ভত প্রতিক্রিয়া প্রকাশ কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে তত্ত্বাৱধায়ক ৰাৱটে কয় যে যি ভূমিত ডঃ ভূপেন হাজৰিকাৰ দৰে ব্যক্তিৰ জন্ম হৈছে,ধন্য সেই অসম ভূমি। আৰু এই অসম ভূমিৰ সন্তানেই নিজ পিতৃয়ে লাভ কৰা ভাৰত ৰত্ন সন্মান প্রত্যাখ্যান কৰাৰ সৎসাহস দেখুৱাব পাৰে। ডঃ ভূপেন হাজৰিকাদেৱে সদায় উত্তৰ-পূৱৰ সংস্কৃতি,এই ঠাইৰ পৰম্পৰা আৰু বিশেষত্বক আগবঢ়াই নিছিল,ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটলৈ লৈ গৈছিল। বৰ্তমানৰ চৰকাৰে নাগৰিকত্ব সংশােধনী বিধেয়কৰ জৰিয়তে এই সংস্কৃতি,এই পৰম্পৰা আৰু বিশেষত্বক বিনষ্ট কৰি দিবলৈ বিচাৰিছে। ইয়াক কেন্দ্র কৰি অসমৰ জনসাধাৰণ কিমান গভীৰভাৱে অসন্তুষ্ট হৈ আছে তাৰ প্ৰমাণ হৈছে হাজৰিকাদেৱৰ পুত্রধনৰ দ্বাৰা তেওঁৰ দেউতাকে লাভ কৰা ভাৰত ৰত্ন প্রত্যাখ্যান কৰাৰ সিদ্ধান্ত গ্রহণ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি