Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:12 pm

Home » আঞ্চলিক » শিক্ষকৰ অভাৱ : ছাত্র-ছাত্রীয়ে এৰিছে চৰকাৰী শিক্ষানুষ্ঠান

শিক্ষকৰ অভাৱ : ছাত্র-ছাত্রীয়ে এৰিছে চৰকাৰী শিক্ষানুষ্ঠান

গুৱাহাটী : ঠিকাভিত্তিক শিক্ষক নিযুক্তিত ব্যস্ত থকা ৰাজ্য চৰকাৰে অৱসৰৰ পাছত খালী হোৱা শিক্ষকৰ পদ পূৰণৰ ক্ষেত্রত আজিপর্যন্ত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে৷ বিশেষকৈ মাধ্যমিক আৰু উচচতৰ মাধ্যমিক স্তৰত শিক্ষকে অৱসৰ গ্রহণ কৰি অহাৰ পাছত খালী হোৱা পদ পূৰণৰ ব্যৱস্থা নকৰাত শিক্ষক আৰু ছাত্র-ছাত্রীৰ অনুপাতৰ পার্থক্য বাঢ়ি আহিছে৷
অৱসৰৰ পাছত নিয়মীয়া শিক্ষক নিযুক্তিৰ ব্যৱস্থা নকৰাত মাধ্যমিক আৰু উচচতৰ মাধ্যমিকত সহকাৰী শিক্ষকেই নহয়, বিষয় শিক্ষক, প্রধান শিক্ষক, সহকাৰী প্রধান শিক্ষক, অধ্যক্ষ, উপাধ্যক্ষ আদি বিভিন্ন পদ দীর্ঘদিন ধৰি খালী হৈ পৰিছে৷ শিক্ষকৰ এই খালী পদ এতিয়া এখন-দুখন জিলাত নহয়, ৰাজ্যৰ সকলো জিলাতেই উচচ আৰু উচচতৰ মাধ্যমিকত খালী হৈছে৷
বিদ্যালয় একত্রীকৰণৰ জৰিয়তে শিক্ষকৰ অভাৱ কিছু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ’ব বুলি চৰকাৰখনে দাবী কৰিছিল৷ কিন্তু বাস্তৱত উচচ আৰু উচচতৰ মাধ্যমিকত সেই অভাৱ দূৰ কৰিবলৈ সক্ষম নহ’ল৷ অসমীয়া মাধ্যম তথা চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ সক্ষম নোহোৱা চৰকাৰখনে শিক্ষাৰ মান কেনেকৈ বৃদ্ধি কৰিব? মাধ্যমিক শিক্ষা বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনৰ আটাইকেইখন জিলাত ১৫,৯২৩টা সহকাৰী শিক্ষকৰ পদ খালী হৈ পৰিছে৷ সেইদৰে উচচতৰ মাধ্যমিকত বিষয় শিক্ষকৰ ১,৩৫৩টা পদ খালী হৈ আছে৷
উচচ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ হ’লেও সাময়িকভাৱে অন্য শিক্ষকে পাঠদান আগ বঢ়াই আহিছে যদিও উচচতৰ মাধ্যমিকত নির্দিষ্ট বিষয়ৰ পাঠদান আগ বঢ়াবলৈ অন্য বিষয় শিক্ষক কোনো কাৰণত বাধ্য নহয় বা এইটো সম্ভৱো নহয়৷ কাৰণ উচচতৰ মাধ্যমিকত বেলেগ বিষয়ৰ শিক্ষকে বেলেগ বিষয় এটাত পাঠদান কৰা সহজ নহয়৷ এনে কাৰণত এতিয়া ভালেসংখ্যক উচচতৰ মাধ্যমিকত একাংশ বিষয়ৰ পাঠদান বন্ধ হৈ পৰিছে৷
একাংশ উচচতৰ মাধ্যমিকত বিষয় শিক্ষক নথকাত এতিয়া অঞ্চল বিশেষে ছাত্র-ছাত্রীয়ে চৰকাৰী শিক্ষানুষ্ঠান এৰি ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ত নামভর্তি কৰিবলৈ বাধ্য হৈছে৷ অথচ খালী পদৰ বিপৰীতে নিয়মীয়া পদত সহকাৰী শিক্ষক, বিষয় শিক্ষক নিযুক্তি দিবলৈ আজিপর্যন্ত চৰকাৰৰ তৎপৰতা নাই৷ তথ্য অনুসৰি ৬৩খন উচচতৰ মাধ্যমিক বিদ্যালয় আজিৰ তাৰিখত মুৰববীহীন হৈ আছে৷
চৰকাৰে সেই শিক্ষানুষ্ঠানকেইখনত অধ্যক্ষ নিযুক্তি দিবলৈ সক্ষম হোৱা নাই৷ সেইদৰে ৫১২খন উচচতৰ মাধ্যমিকত নাই উপাধ্যক্ষ৷ ৯৫৬খন উচচ মাধ্যমিক বিদ্যালয়ত নাই প্রধান শিক্ষকো৷ ঠিকাভিত্তিক শিক্ষক নিযুক্তি দিয়াত ব্যস্ত থকা চৰকাৰে উচচ আৰু উচচতৰ মাধ্যমিকত খালী হৈ পৰা নিয়মীয়া পদসমূহত কেতিয়ালৈ নিযুক্তি মুকলি কৰিব, তাক লৈ এতিয়া শিক্ষক সংগঠনসমূহৰ পৰা প্রশ্ন উত্থাপন হ’ব ধৰিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি