Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 5:37 pm

Home » আঞ্চলিক » বিধেয়ক-বিৰোধী সংগ্রাম তীব্রতৰ কৰাৰ লক্ষ্য অগপৰ

বিধেয়ক-বিৰোধী সংগ্রাম তীব্রতৰ কৰাৰ লক্ষ্য অগপৰ

গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’ব আৰু এই বিধেয়কে অসম তথা উত্তৰ-পূবৰ ভাষা-সংস্কৃতিত কোনো ব্যাঘাত নজন্মায় বুলি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসমৰ ভূমিত উপস্থিত হৈ কালি হুংকাৰ দিয়াৰ সময়ত পুনৰ দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কর্মীক সাক্ষাৎ কৰি বিধেয়কৰ বিৰোধিতা কৰিবলৈ সাজু হৈছে অগপ দল৷ ইতিমধ্যে দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিক সাক্ষাৎ কৰি বিধেয়কৰ বিৰোধিতা জোৰদাৰ কৰি তোলাৰ উদ্দেশ্যে অগপৰ নেতৃত্ব দিল্লীলৈ ৰাওনা হৈছে৷
অগপৰ সভাপতি অতুল বৰাৰ নেতৃত্বত দলটোৰ কার্যকৰী সভাপতি কেশৱ মহন্ত, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, ৰমেন্দ্র নাৰায়ণ কলিতা, ডাঃ কমলাকান্ত কলিতা আদি নেতাসকলে দিল্লীত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বক সাক্ষাৎ কৰিব৷ যিহেতু বিধেয়ক গৃহীত কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে নিজৰ চেষ্টা অব্যাহত ৰাখিছে আৰু অসমৰ দল-সংগঠনৰ প্রতিবাদক কোনো গুৰুত্ব দিয়া নাই৷ সেয়ে দেশৰ অন্য ৰাজনৈতিক দলক সাক্ষাৎ কৰি বিধেয়কৰ বিৰোধিতা পূর্বতকৈ অধিক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰিবলৈ তৎপৰ হৈছে আঞ্চলিক দলটো৷
ইয়াৰ পাছতো যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয় তেন্তে অগপৰ হাতত বিধেয়কৰ বিৰোধিতা কৰাৰ কোনো বিকল্প পথ নাথাকিব৷ কাৰণ বিধেয়কৰ বিৰোধিতা কৰি অগপই গ্রহণ কৰা প্রতিটো প্রতিবাদকে আওকাণ কৰিছে কেন্দ্র-ৰাজ্য উভয় চৰকাৰে৷ চৰকাৰৰ পৰা মিত্রতা ছেদ কৰি উত্তৰ-পূবৰ সমভাবাপন্ন ৰাজনৈতিক দলবোৰক ঐক্যবদ্ধ কৰাৰ পাছতো অগপৰ স্থিতিক কোনো গুৰুত্ব নিদিলে৷
এতিয়া অগপ আৰু উত্তৰ-পূবৰ সমভাবাপন্ন ৰাজনৈতিক দলকেইটাই দিল্লীত দেশৰ অন্য ৰাজনৈতিক দলৰ প্রতিনিধিক সাক্ষাৎ কৰি সফল হ’ব পাৰে নে নাই সেয়া এক ডাঙৰ প্রশ্ন আহি পৰিছে৷ কাৰণ বিধেয়কখন কেৱল অসম আৰু উত্তৰ-পূবৰ বাবে নহয়, সমগ্র দেশৰ বাবেই বুলি প্রধানমন্ত্রী মোদীয়ে কালি পুনৰ স্পষ্ট কৰিছিল৷ অগপৰ বাহিৰে আছু, নেছ’, কৃষক মুক্তি সংগ্রাম সমিতিকে ধৰি প্রায়বোৰ দল-সংগঠনৰ শক্তিশালী প্রতিবাদকো একপ্রকাৰ গুৰুত্বহীন কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ সমান্তৰালকৈ উত্তৰ-পূবৰ প্রায়কেইখন ৰাজ্যত বিধেয়কৰ বিৰোধিতা কৰি বিৰোধী কংগ্রেছে কৰা প্রতিবাদকো গুৰুত্বহীন কৰিছে কেন্দ্রীয় চৰকাৰ তথা প্রধানমন্ত্রী মোদীয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি