Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:55 pm

Home » আঞ্চলিক » বড়ো ৰাইজে প্রথমে এবছুক বর্জন কৰক : হাগ্রামা

বড়ো ৰাইজে প্রথমে এবছুক বর্জন কৰক : হাগ্রামা

কোকৰাঝাৰ : ১৭ সংখ্যাক বড়োলেণ্ড দিৱস উপলক্ষে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আজি নহ’লেও এদিন হ’বই বুলি উল্লেখ কৰি এবছু আৰু এন ডি এফ বিয়ে হাগ্রামা মহিলাৰীক বড়ো সমাজত প্রৱেশ নিষিদ্ধ তথা বর্জন কৰাৰ যি সিদ্ধান্ত লৈছে তাক তীব্র প্রত্যাহবান জনাই হাগ্রামা মহিলাৰীয়ে৷ হাগ্রামা মহিলাৰীয়ে এবছু আৰু এন ডি এফ বিক আজি মুকলিকৈ প্রত্যাহবান জনাই কয় যে ৰাইজে পোনতে এবছুক বর্জন কৰিব লাগিব৷কাৰণ ২০০৬ চনৰ ১৯ মার্চত এবছুৱে কোঁচ-ৰাজবংশীক জনজাতিৰ মর্যাদা দিব লাগে বুলি কোৱাৰ লগতে ২০০৯ চনত এন ডি এফ বিয়ে কোঁচ-ৰাজবংশীসকল বড়ো বুলি তেওঁলোকক জনজাতিকৰণ কৰিব লাগে বুলি কৈছিল বুলি উনুকিয়াই দি এতিয়া পোনতে এবছুক ৰাইজে বর্জন কৰক তাৰ পাছত মই সাজু বুলি স্পষ্ট কৰি দিয়ে৷ 
হাগ্রামা মহিলাৰীয়ে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেন্দ্রীয় চৰকাৰে আন জনজাতিৰ ক্ষয়-ক্ষতি নোহোৱাকৈ কৰিব, গতিকে এই বিষয়টোক লৈ কাৰো মাজত ভুল বুজাবুজিৰ সৃষ্টি হ’ব নালাগে বুলি কয়৷ পৃথক বড়ো ৰাজ্য গঠনৰ কোনো সম্ভাৱনীয়তা নাই বুলি দাবী কৰি তেওঁ এই অঞ্চলত পৃথক ৰাজ্যৰ বাবে উপযুক্ত আন্তঃগাঁথনি উদ্যোগ, উপযুক্ত প্রশাসনিক বিষয়া, চিকিৎসক, অভিযন্তা নাই বুলি উল্লেখ কৰি বর্তমান নতুন ৰাজ্য গঠনৰ কোনো প্রয়োজন নাই বুলি স্পষ্ট কৰি দিয়ে৷
হাগ্রামা মহিলাৰীয়ে এবছু আৰু উর্খাও গৌড়াই বড়ো জনগণক বিপথে পৰিচালিত কৰি অর্থহীন আন্দোলন কৰি আছে বুলি দোহাৰে৷ ভাষণত হাগ্রামা মহিলাৰীয়ে ২০০৫ চনৰ পৰা দায়িত্ব গ্রহণ কৰি বি টি এ ডিত সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰি যাব বুলি কৈ আগন্তুক ২৫ বছৰলৈ তেওঁ আৰু তেওঁৰ দলেই বি টি এ ডিত শাসন চলাব বুলি দাবী কৰে৷ তেওঁ কংগ্রেছৰ লগত থাকি একো নাপালে বুলি উল্লেখ কৰি বিজেপিৰ পৰা তেওঁ সাম্প্রতিক সময়ত এহেজাৰ কোটি টকা পাইছে, যাৰ দ্বাৰা বি টি এ ডিৰ বিভিন্ন দিশত উন্নয়নৰ কাম কৰিবলৈ সক্ষম হৈছে বুলি কৈ আগন্তুক দিনত বিজেপিৰ লগত থাকিব বুলি ৰাজহুৱা ঘোষণা কৰে৷ তেওঁ ৰাইজকো পদুম ফুলত ভোট দিবলৈ আহবান জনায় যাতে অসম আৰু বি টি এ ডিৰ উন্নয়নৰ স্বার্থত নৰেন্দ্র মোদীৰ হাত শক্তিশালী হয়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি