হাউলী : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত একালৰ জাতীয় নায়ক খ্যাত সৰ্বানন্দ সোনোৱালৰ বিৰুদ্ধে জ্বলিছে ক্ষোভৰ জুই। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ চলি থকাৰ সময়তে আজি বৰপেটাৰ পাটাছাৰকুছিত জ্বলিল মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বৰপেটা জিলা সমিতিৰ উদ্দ্যোগত আজি বৰপেটা জিলাৰ পাটাছাৰকুছি চহৰত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্রী মুৰ্দাবাদ, প্ৰধানমন্ত্রী হায় হায়, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।