Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:22 am

Home » আঞ্চলিক » আগন্তুক লোকসভাত বিজেপিক উৎখাত কৰাৰ আহ্বান যশোৱন্ত সিনহাৰ

আগন্তুক লোকসভাত বিজেপিক উৎখাত কৰাৰ আহ্বান যশোৱন্ত সিনহাৰ

গুৱাহাটী : নাগৰিকত্ব সংশোধনী বিধেয়কখন ভুল আৰু সকলো দিশৰ পৰাই অবৈধ৷ ৰাজ্য সভাত বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনাও তেনেই ক্ষীণ৷ গুৱাহাটীত এই মন্তব্য কৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী যশোৱন্ত সিনহাই৷ অসম নাগৰিক সমাজে আজি মাছখোৱাৰ প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত আয়োজন কৰা ‘অসমৰ সাম্প্রতিক অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ’ শীর্ষক এক বক্তৃতানুষ্ঠানত অংশ গ্রহণ কৰি বিত্ত আৰু বৈদেশিক পৰিক্রমা দপ্তৰৰ প্রাক্তন কেন্দ্রীয় মন্ত্রী যশোৱন্ত সিন৲হাই আজি বিধেয়কখনৰ ভয়াৱহতা সন্দর্ভত আলোকপাত কৰি বিধেয়কখন সকলো দিশৰ পৰাই অবৈধ বুলি কয়৷ লগতে সাংবিধানিক, নৈতিক, আইনগত, অসম চুক্তি আদি বিভিন্ন দিশৰ পৰা এই বিধেয়কখন ভুল বুলি তেওঁ কয়৷
বিধেয়কখনক তেওঁ জাতিধবংসী আখ্যাও দিয়ে৷ তেওঁ বিধেয়কখন লোক সভাত গৃহীত হ’লেও ৰাজ্য সভাত গৃহীত হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি কয়৷ তেওঁ বিধেয়কখন সন্দর্ভত অসমলৈ অহাৰ আগতে বিভিন্ন পক্ষৰ সৈতে কৰা আলোচনাত তেওঁক বিজেপিৰ বাদে অন্য সকলো দলেই ৰাজ্য সভাত গৃহীত হ’ব নিদিয়ে বুলি সদৰী কৰা বুলিও কয়৷ নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ কার্যকালৰ এইখনেই অন্তিম অধিৱেশন বুলি সদৰী কৰি তেওঁ কয় যে এইখন অধিৱেশনত বিধেয়কখন গৃহীত কৰিব নোৱাৰিলে আগলৈ আৰু নোৱাৰে৷ তেওঁ কয় যে এন ডি এ চৰকাৰে লোক সভাত নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰাৰ পাছৰ পৰা অসম একপ্রকাৰ উতলা গৰম পানীত থকাৰ দৰে অৱস্থাত আছে৷ বিজেপিক মহাভাৰতৰ কৌৰৱৰ সৈতে তুলনা কৰি তেওঁ উত্তপ্ত অসমৰ মানুহে এতিয়া কেৱল বিজেপিৰ দুযোর্ধন আৰু দুঃশাসনকহে জানে বুলি কয়৷ সমাগত লোক সভাৰ নির্বাচনত দেশৰ পৰা
বিজেপি উৎখাত হ’ব বুলি সদৰী কৰি অসম আৰু উত্তৰ-পূবৰ জনসাধাৰণক দেশৰ এই প্রান্তত লোক সভাৰ নির্বাচনত এজনো বিজেপি প্রার্থী যাতে জয়ী হ’ব নোৱাৰে তাৰ বাবে উত্তৰ-পূবৰ জনসাধাৰণক ঐক্যবদ্ধ হ’বৰ বাবেও তেওঁ আহবান জনায়৷ বিধেয়ক বিৰোধী উত্তৰ-পূবৰ জনতাৰ সৈতে প্রাক্তন কেন্দ্রীয় মন্ত্রীজন পূর্ণ শক্তিৰে থাকিব আৰু যেতিয়াই প্রয়োজন হয় তেতিয়াই দেশৰ এই অংশৰ জনতাৰ সৈতে যুঁজত নামিবলৈয়ো সাজু বুলি তেওঁ ঘোষণা কৰে৷
উল্লেখযোগ্য যে জ্যেষ্ঠ ৰাজনীতিকজনে বিগত ২০১৮ চনৰ এপ্রিল মাহত গেৰুৱা বাহিনী ত্যাগ কৰিছিল৷ তেওঁ কেন্দ্রীয় চৰকাৰক তীক্ষ্ন সমালোচনা কৰি কয় যে দেশৰ গণতন্ত্র সম্প্রতি সংকটত পৰিছে৷ তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহক আক্রমণৰ লক্ষ্য কৰি কয় যে এই দুজন ব্যক্তিয়ে এতিয়া দেশৰ সংবাদ মাধ্যমকো হাত কৰাৰ কৌশল অৱলম্বন কৰিছে৷ তেওঁলোক দুজনেই দেশত সম্প্রতি একনায়কত্ববাদ চলোৱা বুলিও সমালোচনা কৰে৷ অনুষ্ঠানত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ক্রমে হাইদৰ হুছেইন, অজিত কুমাৰ ভূঞা, প্রশান্ত ৰাজগুৰু, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, মাইনী মহন্ত, ময়ূৰ বৰা আদিয়েও অংশগ্রহণ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি