Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:37 pm

Home » আঞ্চলিক » ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা

 ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণ আইন মুকলিভাৱে উলংঘা
 ধঁপাত বিক্ৰী কৰা ৬৭% দোকানতেই নাই বাধ্যতামূলকভাৱে থাকিবলগীয়া ধঁপাত বিক্ৰী সম্পৰ্কীয়
সতৰ্কতামূলক জাননী
 প্ৰতিখন দোকানতে ধঁপাতজাত সামগ্ৰীসমূহ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাকৈ মুকলিমূৰীয়াভাৱে ৰখা হয়
 ৫০% দোকানত ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপন আঁৰি থোৱা আছে
 ৩৩% দোকানেই পেকেটৰ পৰা উলিয়াই খোলাকৈ চিগাৰেট বিক্ৰী কৰে
 ৮৭% দোকানেই ধঁপাতজাত সামগ্ৰীৰ লগতে চকলেট, চিপছ আদি বিক্ৰী কৰে

ডিব্ৰুগড় : ৰাজ্যত দীৰ্ঘদিন ধৰি ধঁপাত নিয়ন্ত্ৰণৰ বাবে কাম কৰি অহা নতুন দিল্লীৰ ‘কনজিউমাৰ ভয়েছ’আৰু অসমৰ ‘কনজিউমাৰচ লীগেল প্ৰটেকশন ফৰাম’ ৰ উদ্যোগত শনিবাৰে ডিব্ৰুগড়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ এখন কৰ্মশালা অনুষ্ঠিত হয়। ধঁপাত ব্যৱহাৰৰপৰা যুৱ প্ৰজন্মক কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই উদ্দেশ্যেৰে আয়োজিত কৰ্মশালাখনত উপস্থিত থাকি ‘কনজিউমাৰচ লীগেল প্ৰটেকশন ফৰাম’ ৰ সচিব অধিবক্তা অজয় হাজৰিকাই শেহতীয়াভাৱে ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটীত চলোৱা এক সমীক্ষাৰ আঁত ধৰি কয় যে, ডিব্ৰুগড় চহৰত ধঁপাত নিয়ন্ত্ৰণ আইন মুকলিভাৱে উলংঘা হৈছে। চহৰখনত ধঁপাত বিক্ৰী কৰা ৬৭% দোকানতেই নাই বাধ্যতামূলকভাৱে থাকিবলগীয়া ধঁপাত বিক্ৰী সম্পৰ্কীয় সতৰ্কতামূলক জাননী।  প্ৰতিখন দোকানতে ধঁপাতজাত সামগ্ৰীসমূহ গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাকৈ মুকলিমূৰীয়াভাৱে ৰখা হয়। ৫০% দোকানত ধঁপাতজাত সামগ্ৰীৰ বিজ্ঞাপন আঁৰি থোৱা আছে। ৩৩% দোকানেই পেকেটৰ পৰা উলিয়াই খোলাকৈ চিগাৰেট বিক্ৰী কৰে। ৮৭% দোকানেই ধঁপাতজাত সামগ্ৰীৰ লগতে চকলেট, চিপছ আদি বিক্ৰী কৰে, যাৰদ্বাৰা কিশোৰ- যুৱক এনে দোকানসমূহলৈ আহে। ধঁপাতজাতীয় সামগ্রী বিক্ৰী কৰা দোকানৰ বাবে পৌৰ নিকায়
নিগমৰ জৰিয়তে অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰি ধঁপাত জাত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিবলৈ ২০১৭ চনৰ ছেপ্টেম্বৰ মাহতেই কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক কঠোৰ নিৰ্দেশ দিছিল। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে এই নিৰ্দেশ কাৰ্যকৰী নকৰিলে। কৰ্মশালাত যুৱ প্ৰজন্মক ধঁপাত ব্যৱহাৰৰপৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি সেই বিষয়ে অসম মেডিকেল কলেজৰ অধ্যাপক ডাঃ সীমান্ত মাধৱ বৰুৱা, ডিব্ৰুগড় জিলাৰ ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডাঃ ৰিক্তম বৰগোঁহাই আৰু ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সেঁৱা সঞ্চালক ডাঃ উদয়ন বৰুৱাই বিস্তৃতভাৱে আলোচনা আগবঢ়ায়। কৰ্মশালাখনত ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰ নিকায় নিগমৰ ভূমিকা সন্দৰ্ভত ডিব্ৰুগড় পৌৰ সভাৰ উপ সভাপতি মুকুল চন্দ্ৰ ডেকা মতামত আগবঢ়ায়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত ধঁপাত ব্যৱহাৰ পূৰ্বৰ তুলনাত ৬% হ্ৰাস পোৱাৰ বিপৰীতে অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৯% বৃদ্ধিহে পাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি