Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:21 pm

Home » আঞ্চলিক » উৰুকা : জনতাৰ ক্ষোভ-প্রতিবাদৰ উত্তাপৰ মাজতে উখল-মাখল ৰাজ্য

উৰুকা : জনতাৰ ক্ষোভ-প্রতিবাদৰ উত্তাপৰ মাজতে উখল-মাখল ৰাজ্য

গুৱাহাটী : অসমীয়াৰ বাপতি সাহােন ভােগালী বিহু। ভৰালে-চোতালে পকা ধানৰ গােন্ধ, বতাহত ভাহি অহা ঢেঁকীৰ শব্দ— ভােগালী বিহুৰ এয়াই চিনাকি ছবি। পথাৰত সুউচ্চ মেজি, সুদৃশ্য ভেলাঘৰ, উৰুকাৰ দলদোপ-হেন্দোলদোপ বজাৰ। এনেদৰেই পৰম্পৰা আধুনিকতাৰ বাটেৰে অসমীয়া সমাজে পালন কৰি আহিছে জাতীয় উৎসৱ ভােগালী বিহুটি। পিছে এইবেলি জাতিটো গভীৰ সংকটৰ মুখত। নাগৰিকত্ব আইন সংশােধনী বিধেয়কে কঢ়িয়াই অনা সংশয়-দুৰ্ভাৱনাই ক’লা ডাৱৰৰ দৰে আৱৰি আনিছে অসমৰ আকাশ। খঙে-ক্ষোভে ৰাইজ ৰাজপথত ধর্ণা, সমদল, প্রতিবাদ, প্রতিৰােধেৰে অসম এতিয়া অগ্নিস্ফুলিংগৰ মাজত বতাহত কাণ পাতিলেই শুনা গৈছে প্রতিবাদমুখৰ জনতাৰ সিংহগর্জন। স্বাভাৱিকতে অস্থিৰ অসমত স্তিমিত হৈ পৰিছে উৎসৱৰ আনন্দ। তীব্ৰতৰ হৈ উঠিছে নাগৰিকত্ব আইন সংশােধনীবিৰােধী আন্দোলন। সমুখৰ ঘনঘােৰ আন্ধাৰ আঁতৰাই নতুন দিগন্ত আঁজুৰি আনিবলৈ সমগ্র জাতি আজি ঐক্যবদ্ধ। সংকটৰ জটিল সময়ত এক হৈ পৰা এটা জাতি ন-ৰূপেৰে অৱতীৰ্ণ হৈছে এখন মৰণপণ যুঁজত।
অস্তিত্ব ৰক্ষাৰ অবিৰাম যুঁজৰ মাজতে সকলাে সাজু হৈছে প্ৰাণৰ বিহুটি উদযাপন কৰিবলৈ। এয়া সঁচাকৈ একলগ হােৱাৰ সময়। খাওঁতে, শােওঁতে একেলগে থকাটো সময়ৰ আহ্বান। অন্যথা জাতি-জনজাতি-জনগােষ্ঠী-ধর্ম-সম্প্রদায়ৰ নামত জাতিটোক ভাগ ভাগ কৰি বিদেশীৰ হাতত থলুৱা অসমীয়াক গতাই দিয়াৰ পথ প্রশস্ত হৈ পৰিব দিল্লী-দিছপুৰৰ শাসকৰ বাবে। এই গভীৰ চক্রান্ত প্রতিহত কৰি একেলগে একগােট হােৱাৰ অৱকাশ আনি দিছে ভােগালী বিহুটিয়ে। অগ্নিগর্ভা ৰাজ্যখনত প্ৰতাৰণাৰ বেদনা আৰু প্রতিশােধৰ খং মনত লৈয়ে গএ ৰাইজে সাজিছে মেজি-ভেলাঘৰ। অসমীয়া ডেকাই সৃষ্টিশীলতাৰ নজিৰ দাঙি ধৰি মেজি ভেলাঘৰবােৰ আকর্ষণীয় ৰূপত নির্মাণ কৰি উলিয়াইছে। গৃহিণীসকলে বিধে বিধে পিঠা-লাড়ুৰে সম্পূর্ণ কৰিছে বিহুৰ আয়ােজন।
আজিৰ উৰুকাৰ বজাৰত ৰাজ্যৰ প্রান্তে প্রান্তে বজাৰ ভৰি পৰিল সৰু-ডাঙৰ মাছেৰে। সমান্তৰালভাৱে বজাৰত হাঁহ, মুর্গী, ছাগলী আদিৰাে চাহিদা বৃদ্ধি পাইছে। তদুপৰি বিহুৰ বজাৰত উভৈনদী হৈ পৰিছে দৈ, ক্রীম, সান্দহ, গুৰ, হুৰুম আদি। মহানগৰীৰ বিভিন্ন ভােগালী মেলাত পিঠাপনাৰ বিক্ৰীও সন্তোষজনক। মুঠৰ ওপৰত আন্দোলন-প্রতিবাদৰ মাজেৰেই পৰম্পৰাগতভাৱে বিহুটিক আদৰিবলৈ সাজু হৈছে অসমৰ ৰাইজ। আজি উৰুকাৰ নিশাত সকলােৱে লগভাত খাই ভেলাঘৰত নিশা কটোৱাৰ পিছত মাঘৰ পহিলা দিনটোতে মেজি জ্বলাই বিহু উদযাপন কৰে। ঠায়ে ঠায়ে ভােগালী বিহু উপলক্ষে পৰম্পৰাগত খেলধেমালিৰাে আয়ােজন কৰা হৈছে।
ইফালে, বিহু উদ্যাপনৰ মাজতাে নাগৰিকত্ব আইন সংশােধনীৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে জাতীয়-জনগােষ্ঠীয় সংগঠনসমূহে। উৰুকাৰ নিশা জাতিধ্বংসী বিধেয়কৰ প্রতিলিপি দাহ কৰি মেজিৰ জুইত ভৱিষ্যতৰ কঠোৰ সংগ্ৰামৰ বাবে সংকল্প ল’বলৈ আহ্বান জনাইছে ৭০টাকৈ জাতীয়-জনগােষ্ঠীয় সংগঠনে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি