Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:37 am

Home » আঞ্চলিক » বিজেপিৰ নতুন কৌশল : লোকসভাত সলনি কৰিব প্ৰাৰ্থী

বিজেপিৰ নতুন কৌশল : লোকসভাত সলনি কৰিব প্ৰাৰ্থী


গুৱাহাটী : অগপই মিত্রতা ভংগ কৰাৰ লগে লগে লোক সভাৰ আগন্তুক নির্বাচনত বিজেপিয়ে প্রার্থী সলনি কৰাৰ কৌশল আৰম্ভ কৰিছে৷ বর্তমানৰ আটাইকেইজন সাংসদক প্রার্থিত্ব দিলে ফল নেতিবাচক হোৱাৰ সম্ভাৱনা দেখি প্রার্থী সলনি কৰাৰ বাবে নতুন নতুন কৌশল আৰম্ভ কৰিছে৷ এই নতুন কৌশলৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ এজন মন্ত্রীকো লোক সভাৰ নির্বাচনত প্রক্ষেপ কৰাৰ কুচকাৱাজ চলাইছে৷
সেইদৰে দুবাৰকৈ সাংসদ হিচাপে নির্বাচিত নেতাকো এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত কৰি দলৰ দায়িত্ব অর্পণ কৰাৰ চর্ আৰম্ভ হৈছে৷ কিন্তু ৰাজ্য চৰকাৰৰ কোন মন্ত্রীক লোক সভাত প্রক্ষেপ কৰাৰ কথা বিবেচনা হৈছে? দলৰ এক সূত্রৰ মতে সোণাৰিৰ বিধায়ক তথা শক্তি মন্ত্রী তপন কুমাৰ গগৈ এইবাৰ লোক সভাৰ নির্বাচনত যোৰহাটৰ প্রার্থী হ’ব পাৰে৷ ইতিমধ্যে দলৰ শীর্ষ মহলে এইক্ষেত্রত মন্ত্রী গগৈৰ লগত আলোচনা কৰিছে যদিও তেওঁ সৈমান হোৱা নাই৷ অর্থাৎ মন্ত্রিত্ব এৰি তপন কুমাৰ গগৈয়ে লোক সভাত প্রতিদ্বন্দ্বিতা কৰিব বিচৰা নাই৷
মন্ত্রী গগৈৰ এই বিৰোধিতা যদিও দলে এইবাৰৰ নির্বাচনত যোৰহাটত তপন কুমাৰ গগৈয়ে প্রক্ষেপ কৰিবলৈ উঠিপৰি লাগিছে৷ উক্ত বিষয়টোক লৈ ৰাজ্যিক নেতৃত্বই কেন্দ্রীয় নেতা মহেন্দ্র সিং আৰু ৰাম মাধৱৰ লগত আলোচনা কৰা বুলিও খবৰ ওলাইছে৷ দলৰ সূত্রটোৰ মতে যোৰহাটৰ বর্তমানৰ সাংসদ কামাখ্যা প্রসাদ তাছাক পুনৰবাৰ প্রার্থিত্ব দিলে আসনখন দখল কৰি ৰখাটো সহজ নহ’ব বুলি শংকিত হৈ তপন কুমাৰ গগৈক প্রক্ষেপ কৰাৰ সম্ভাৱনা আছে৷ ইফালে বিজেপিৰ প্রাক্তন সভাপতি তথা মঙলদৈৰ সাংসদ ৰমেন ডেকাই পুনৰবাৰ প্রার্থিত্ব লাভ কৰাটো সুচল হৈ থকা নাই৷ দুবাৰৰ সাংসদ ৰমেন ডেকাৰ স্থানত এইবাৰ থিয় হৈছে দুজনকৈ যুৱ প্রার্থী৷
দলৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু নলবাৰীৰ প্রাক্তন বিধায়ক জয়ন্তমল্ল বৰুৱাই মঙলদৈত প্রার্থিত্ব পাবৰ বাবে ব্যাপক কৌশল আৰম্ভ কৰিছে৷ যদি এইবাৰৰ নির্বাচনত সাংসদ ৰমেন ডেকাই প্রার্থিত্বৰ পৰা বঞ্চিত হ’বলগীয়া হয়, তেন্তে দলীয় শৃংখলা বজাই ৰখাৰ স্বার্থত সাংসদ ডেকাক দলৰ সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা৷ ৰমেন ডেকাক সভাপতিৰ দায়িত্ব অর্পণ কৰি বর্তমানৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক মন্ত্রী সভাত স্থান দিব বুলিও আগতীয়া চর্ আৰম্ভ হৈছে৷
অর্থাৎ নির্বাচনৰ প্রার্থিত্বক কেন্দ্র কৰি দলত যাতে বিদ্রোহ নহয়, তাৰ বাবে আগতীয়াকৈ কৌশল ৰচা আৰম্ভ কৰিছে৷ সেই একেই চর্ অনুসৰি বহু বিতর্কত থাকিলেও নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইৰ প্রার্থিত্ব সলনি সন্দর্ভত এই মুহূর্তলৈ দলে কোনো কথা বিবেচনা কৰা নাই৷ সাংসদ গোহাঁই বিতর্কত সোমাই পৰা সত্ত্বেও দলে তেওঁকেই প্রার্থিত্ব প্রদানৰ সম্ভাৱনা অধিক৷ অৱশ্যে তাৰ মাজতেই প্রভাৱশালী ব্যক্তি হৈয়ো গুৱাহাটীৰ সাংসদ বিজয়া চক্রৱর্তীয়ে বিশেষ কাৰণত প্রার্থিত্ব হেৰুৱাব পাৰে বুলিও আগতীয়া চর্ চলিছে৷ একেদৰে তেজপুৰ সমষ্টিত প্রার্থী সলনি কৰিব বুলি একপ্রকাৰ নিশ্চিত হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি