ড০ হীৰেন গোহাঁই, অখিল গগৈ আৰু মনজিৎ মহন্তলৈ অন্তৱর্র্তীকালীন জামিন

গুৱাহাটী : অন্তৱর্র্তীকালীন জামিন পালে বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, কৃষক নেতা অখিল গগৈয়ে৷ জামিন পালে মনজিৎ মহন্তয়ো৷ লতাশিল থানাই উক্ত তিনিওজন ব্যক্তিৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰজু কৰিছিল৷ কিন্তু গুৱাহাটী উচচ ন্যায়ালয়ে আজি ড০ হীৰেন গোহাঁই, অখিল গগৈলৈ অন্তৱর্র্তীকালীন জামিন মঞ্জুৰ কৰাৰ লগতে মনজিৎ মহন্তলৈ পূর্ণাংগ জামিন মঞ্জুৰ কৰে৷ উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণৰ বিৰোধিতা কৰি গুৱাহাটীত কৰা আন্দোলনত বিতর্কিত মন্তব্য কৰাৰ অভিযোগত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰজু কৰিছিল৷ ৰাষ্ট্রদ্রোহৰ গোচৰ জাপি দিছিল আৰক্ষীয়ে৷ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ নির্দেশত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰা গোচৰৰ পাছতেই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া হৈছিল৷ তাৰ মাজতেই গুৱাহাটী উচচ ন্যায়ালয়ে আজি তিনিওজনলৈ জামিন মঞ্জুৰ কৰে৷ অৱশ্যে অন্তৱর্র্তীকালীন জামিনৰ পৰৱর্তী শুনানি আৰু ৰায় পুনৰ ২২ জানুৱাৰীত হ’ব৷

|

বিপিএফেও ভংগ কৰিব মিত্ৰতা

গুৱাহাটী : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্রত এইবাৰ হেঙাৰ হৈ থিয় দিছে বিজেপিৰ মিত্রদল বি পি এফ৷ উক্ত জনগোষ্ঠীকেইটাৰ জনজাতিকৰণে বড়োসকলৰ চৰকাৰী সা-সুবিধাৰ ক্ষেত্রত বাধা হ’ব পাৰে বুলি শংকিত বি পি এফে বিজেপিৰ ওপৰত চাপ সৃষ্টি কৰিছে৷ বর্তমান ইয়াকে লৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপৰি বি টি চি প্রধান হাগ্রামা মহিলাৰী আৰু মন্ত্রী চন্দন ব্রহ্ময়ো দিল্লীত বাহৰ পাতিছে৷ কেন্দ্রীয় গৃহমন্ত্রীক সাক্ষাৎ কৰিব হাগ্রামা মহিলাৰীয়ে৷ জানিব পৰা মতে, জনজাতিকৰণৰ প্রসংগক লৈ বি পি এফে বিজেপিৰ ওচৰত আপত্তি দর্শাইছে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পূর্বে বিষয়টো বিতংকৈ অৱগত হ’ব বিচাৰিছে বি পি এফ নেতৃত্ব৷ আনকি বি পি এফক আন্ধাৰত ৰাখি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে মিত্রতা ভংগৰ মৃদু ভাবুকি দিয়া বুলি

|

বিজেপিৰ নতুন কৌশল : লোকসভাত সলনি কৰিব প্ৰাৰ্থী

গুৱাহাটী : অগপই মিত্রতা ভংগ কৰাৰ লগে লগে লোক সভাৰ আগন্তুক নির্বাচনত বিজেপিয়ে প্রার্থী সলনি কৰাৰ কৌশল আৰম্ভ কৰিছে৷ বর্তমানৰ আটাইকেইজন সাংসদক প্রার্থিত্ব দিলে ফল নেতিবাচক হোৱাৰ সম্ভাৱনা দেখি প্রার্থী সলনি কৰাৰ বাবে নতুন নতুন কৌশল আৰম্ভ কৰিছে৷ এই নতুন কৌশলৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ এজন মন্ত্রীকো লোক সভাৰ নির্বাচনত প্রক্ষেপ কৰাৰ কুচকাৱাজ চলাইছে৷ সেইদৰে দুবাৰকৈ সাংসদ হিচাপে নির্বাচিত নেতাকো এইবাৰ প্রার্থিত্বৰ পৰা বঞ্চিত কৰি দলৰ দায়িত্ব অর্পণ কৰাৰ চর্ আৰম্ভ হৈছে৷ কিন্তু ৰাজ্য চৰকাৰৰ কোন মন্ত্রীক লোক সভাত প্রক্ষেপ কৰাৰ কথা বিবেচনা হৈছে? দলৰ এক সূত্রৰ মতে সোণাৰিৰ বিধায়ক তথা শক্তি মন্ত্রী তপন কুমাৰ গগৈ এইবাৰ লোক সভাৰ নির্বাচনত যোৰহাটৰ প্রার্থী হ’ব পাৰে৷ ইতিমধ্যে দলৰ শীর্ষ মহলে এইক্ষেত্রত মন্ত্রী গগৈৰ

ডি ভোটাৰৰ সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব এপিআইচিআৰ

এ.পি.আই.চি.আৰ’ৰ উদ্যোগত ডি ভোটাৰ সমস্যা সমাধান সম্পৰ্কে সাধাৰণ সভা : কাকপথাৰ ঘটনাৰ তদন্তৰ দাবী নজৰুল আলী আহমেদ, গোৱৰ্ধনা : উত্তৰ বৰপেটাৰোড হেল্প লাইন একাডেমি প্ৰাঙ্গনত এচ’চিয়েচন ফৰ প্ৰটেকশন অৱ ইণ্ডিয়ান ছিটিজেনশ্বিপ ৰাইটচ চমুকৈ এপিচিআৰ’ৰ উদ্যোগত অধ্যাপক তাইজুদ্দিন আহমেদৰ সভাপতিত্বত দেওবাৰে দিনৰ ১১ বজাৰ পৰা এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত ডি ভোটাৰৰ সমস্যা সম্পৰ্কে বিস্তাৰিত আলোচনা কৰা হয়। ডি ভোটাৰৰ সমস্যা সমাধান কৰাৰ বাবে তিনিতৰপীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংগঠনটোৰ নৱ নিযুক্ত মুখ্য আহ্বায়ক সাজাহান আলী আহমেদে জানিবলৈ দিয়ে।  সংগঠনটোৱে ন্যায়িক যুঁজ¸ গণ আন্দোলন আৰু বৌদ্ধিক আন্দোলনৰ অংশ হিচাপে ফেব্ৰুৱাৰী মাহৰ পৰা ধাৰাবাহিক আন্দোলন অব্যাহত ৰখাৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ জৰিয়তে ডি ভোটাৰ সমস্যা সমাধানৰ বাবে উচ্চতম

|

পুনৰ বদন (কবিতা)

# ৰেখা সন্দিকৈ হেৰৌ সুবিধাবাদীৰ দল, আৰু নো কিমান খেল ৰাজনীতিৰ ক’লা খেল …? জাতি মাটি ভেটিৰ নামত তহঁত আজি গাদীৰ স্বাৰ্থত …! শুনিছো দেশ বুলিলে হেনো নালাগে আদেশ, এইখন চোন লাচিত মুলাগাভৰুৰ দেশ…৷ “দেশতকৈ মমাই ডাঙৰ নহয়” বীৰ লাচিতৰ তৰুৱালৰ শিৰচ্ছেদ ৷৷ ২০১৬ সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল আজি আকাশ বতাহ, ক’লা ধুৱাৰে আৱৰিছে অসমৰ চৌপাশ…৷ বুদ্ধিজীৱী, আইনজীৱী, শিক্ষাবিদ, কবি ,সাহিত্যিক শিক্ষাৰ্থী ,জাতীয়সংগঠন ও সাধাৰণ নাগৰিক, সকলোৱোৰেই চোন বিধেয়ক বিৰুধী তথাপিও তহঁত নিৰৱ আজি …? ৰাষ্টবাদত বিশ্বাসী … কিয় পাহৰিছ জাতীয়তাবাদক, এসময়ত তহঁতেই প্ৰতিনিধিত্ব কৰিছিলি.. জাগ্ৰত কৰিছিলি অসমৰ জনতাক, কেৱল ক্ষমতাৰ বাবেই নেকি ? সংসদ ভৱনৰ সন্মুখত নগ্নতাৰ ছবিয়ে তহতঁৰেই সহোদৰক পৰিচয় দিবলৈ বাধ্য কৰিলি বিশ্ব বাসীৰ আগত …, ইয়াতকৈও

জাপ মাৰি ওলালে ‘গাভৰু শুৱনি’ কৰৱী বৰশইকীয়া

গুৱাহাটী : জাপ মাৰি ওলালে/থাপ মাৰি ধৰিলো/গাতৰে পখৰা চেঙা…৷ এটি মন পৰসা তথা শ্রোতাৰ কৰ্ণকুহৰ বহু দিনলৈ গুঞ্জৰিত কৰি ৰখা এটি গীত। গীতটোৰ কথা আৰু সুৰ জয়ন্ত সোণোৱাল আৰু কণ্ঠ কৰৱী বৰশইকীয়াৰ৷ অফুৰন্ত কর্মস্পৃহা, নিৰলস চেষ্টা আৰু প্রবল ইচ্ছা শক্তিক সাৰথি কৰি কৰৱী বৰশইকীয়াই ৰাজ্যবাসীক ভোগালীৰ উপহাৰ হিচাপে দিয়া ‘গাভৰু শুৱনি’ শীৰ্ষক এই গীতটিৰ জৰিয়তে কৰৱী বৰশইকীয়াই অসমীয়া সংগীত প্রেমীৰ মনত চেনেহৰ সোঁত বোৱাই ৰাজ্যবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। কৰৱী বৰশইকীয়া পেছাগতভাৱে কণ্ঠশিল্পী নহ’লেও একমাত্ৰ নিজস্ব গায়কীৰ বিচক্ষণতাৰে কণ্ঠদান কৰা এই গীতটিয়েই হৈছে ষ্টুডিঅ’ত বাণীৱদ্ধ কৰা কৰৱী বৰশইকীয়াৰ প্ৰথমটো গীত৷ গীতটি গুৱাহাটীৰ ষ্টুডিঅ’ ওৱানত বাণীবদ্ধ আৰু মিশ্রণ কৰিছে অসীম দাসে৷ গীতৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়েই কেৱল স্বকীয়