Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:02 pm

Home » আঞ্চলিক » মোদীৰ অংগীকাৰ বক্তৃতাৰ ফুলজাৰিত পৰিণত

মোদীৰ অংগীকাৰ বক্তৃতাৰ ফুলজাৰিত পৰিণত


গুৱাহাটী : অসমৰ প্রতি সলনি হোৱা নাই দিল্লীৰ দৃষ্টি৷ পূর্বৰ চৰকাৰসমূহৰ দৰে মোদী চৰকাৰেও অসমক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রৰ বিজেপি চৰকাৰৰ ৫ বছৰীয়া কার্যকাল অন্ত পৰিবলৈ মাজত মাত্র ৪ মাহ৷ কিন্তু বিগত চাৰে চাৰি বছৰৰ শ্ল’গান আৰু ঘোষণাতে সীমাবদ্ধ থাকিল অসমৰ উন্নয়ন আৰু পৰিৱর্তন৷
‘এ’ ফৰ আছাম আৰু অষ্টলক্ষ্মীৰ অন্যতম এখন ৰাজ্য অসম বুলি অভিহিত কৰা প্রধানমন্ত্রী মোদীৰ সকলো আস্ফালন ভাষণবাজিতে আবদ্ধ হৈ থাকিল৷ কার্যতঃ অসমত মোদীৰ বিকাশৰ চকা নুঘূৰিল৷ ২০১৪ চনৰ লোক সভাৰ নির্বাচন আৰু ২০১৬ চনৰ বিধানসভাৰ নির্বাচনত অসমৰ ৰাইজৰ সন্মুখত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দিয়া সকলো প্রতিশ্রুতি ফুটুকাৰ ফেন হ’ল৷ অসমৰ উন্নয়নৰ বাবে মোদী চৰকাৰে ঘোষণা কৰা বহু আঁচনি আজিলৈকে আৰম্ভ নহ’ল৷
বৰঞ্চ মোদীৰ আমোলতে অসমে হেৰুৱালে বিশেষ ৰাজ্যৰ মর্যাদা৷ পুঁজিৰ অভাৱত বন্ধ হ’ল কেইবাখনো কেন্দ্রীয় আঁচনি৷ উত্তৰ পূব ঔদ্যোগিক নীতি বন্ধ কৰি মোদী চৰকাৰে ৰাজ্যৰ ঔদ্যোগিক বিকাশত হেঙাৰ সৃষ্টি কৰিলে৷ কেন্দ্রৰ মন্ত্রণাত সোণোৱাল চৰকাৰে এডভাণ্টেজ আছাম অনুষ্ঠিত কৰিলে যদিও চকুত লগা বিনিয়োগ আজিলৈকে নহ’ল৷ অসমৰ বাট-পথ নির্মাণকে ধৰি আন্তঃগাঁথনিৰ দ্রুত উন্নয়নৰ বাবে ৫ বছৰত মোদী চৰকাৰে ১ লাখ কোটি টকা ব্যয় কৰিব বুলি কেন্দ্রীয় ৰাষ্ট্রীয় ঘাইপথ আৰু জল পৰিবহণ মন্ত্রী নীতিন গডকাৰিয়ে ঘোষণা কৰিছিল৷
তাৰ ভিতৰত আছিল চাংসাৰিৰ পৰা কুৰুৱালৈ নতুন চাৰিলেনযুক্ত দলং নির্মাণ, বশিষ্ঠ চাৰিআলি, পাঠশালা, ডিব্রুগড়ৰ আমোলাপট্টিত ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত ফ্লাই অ’ভাৰ নির্মাণ, মাজুলী সংযোগী ব্রহ্মপুত্রৰ ওপৰত দলং নির্মাণ আদি৷ ঘোষিত এনে বহুকেইটা প্রকল্পৰ কাম আজিলৈকে আৰম্ভ নহ’ল৷ চাংসাৰিত এইমছ স্থাপন আৰু গোগামুখত ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানৰ আধাৰশিলা যোৱা বর্ষত প্রধানমন্ত্রীয়ে কৰিছিল যদিও নির্মাণ কার্যৰ অগ্রগতি অতি লেহেম৷
অসমক জৈৱিক কৃষি কর্মৰ হাব হিচাপে গঢ়াৰ মোদীৰ অংগীকাৰো বক্তৃতাৰ ফুলজাৰি হৈ থাকিল৷ নৰেন্দ্র মোদী চৰকাৰৰ বিগত কার্যকালৰ ফালে ঘূৰি চাই অসমৰ ৰাইজে বৃহৎ শূন্যৰ বাহিৰে সম্প্রতি একো দেখা নাই৷ বিপৰীতে কেইবাটাও হঠকাৰী সিদ্ধান্তৰে অসম আৰু অসমীয়া জাতিক কেন্দ্রৰ বিজেপি চৰকাৰে প্রতাৰণা কৰিলে৷ বাংলাদেশক অসমৰ মাটি গতাই দিয়াৰ পৰা আৰম্ভ হোৱা মোদী চৰকাৰৰ প্রতাৰণাৰ তালিকাখন আজিৰ তাৰিখত দীঘলীয়া৷
ৰাজ্যৰ কেইবাখনো তৈলক্ষেত্র ব্যক্তিগত খণ্ডক হস্তান্তৰৰ সিদ্ধান্ত, নগাঁও আৰু কাছাৰ কাগজ কললৈ পিঠি, বৃহৎ নদীবান্ধ নির্মাণ আৰু নদী সংযোগীকৰণ আঁচনিৰে অসমৰ জলসম্পদ হৰণলুকিৰ চক্রান্ত আদি অনেক প্রতাৰণা মোদী চৰকাৰৰ আমোলতে সংঘটিত হৈছে৷ বিগত বর্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত বাংলা সীমান্ত ছীল কৰিম বুলি ঘোষণা কৰিও ৰূপায়ণ নকৰিলে মোদী চৰকাৰে৷
শেহতীয়াকৈ আকৌ ৰাজনৈতিকভাৱে অসমীয়া জাতিক নিঃশেষ কৰিবলৈ কেন্দ্রীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন জাপি দিব বিচাৰিছে৷ ৰাজপথত আন্দোলনৰত অসমীয়াৰ ক্ষোভৰ জ্বলা জুইত কালি মোদী চৰকাৰে ঘিউ ঢালিলে৷ বাস্তৱিক কোনো পদক্ষেপ লোৱাৰ বিপৰীতে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ নামত আৱেগিকভাৱে অসমীয়া জাতিক বশ কৰি লোক সভাৰ বৈতৰণী পাৰ হ’বলৈ নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রৰ বিজেপি চৰকাৰে যি নাটক মঞ্চস্থ কৰিলে সেয়া গোমৰ ফাক হ’ল৷
ইয়াক লৈ স্বাভাৱিকতেই সৃষ্টি হৈছে অসন্তুষ্টিৰ৷ বাৰে বাৰে প্রৱঞ্চনাৰ সন্মুখীন হোৱা অসমৰ ৰাইজে যদিহে ৰাজনৈতিক সচেতনতাৰে মোদী চৰকাৰ আৰু বিজেপিক প্রত্যুত্তৰ দিয়ে তেনে সেয়া গেৰুৱা দলটোৰ বাবে হ’ব সময়ৰ চৰম বেত্রাঘাত৷ সহনশীল অসমীয়া জাতিৰ ক্ষোভ-অসন্তুষ্টিৰ বহিঃপ্রকাশ চূড়ান্ত ৰূপ পোৱাৰ সম্ভাৱনাই অধিক৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি