Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:10 pm

Home » ক্ৰীড়া » মৃত্যুৰে যুঁজি থকা এটি শিশুৰ ইচ্ছা পুৰণ : অষ্ট্রেলিয়া ক্রিকেট দলত ৭ বছৰীয়া লেগ স্পীনাৰ

মৃত্যুৰে যুঁজি থকা এটি শিশুৰ ইচ্ছা পুৰণ : অষ্ট্রেলিয়া ক্রিকেট দলত ৭ বছৰীয়া লেগ স্পীনাৰ


ৱেব ডেস্ক : অষ্ট্রেলিয়া ক্রিকেট দলত ৭ বছৰীয়া  লেগ স্পীনাৰ৷ বক্সিং ডে টেষ্টত জয়ী হােৱা দলটোৱে শৃংখলাত ২-১ৰ গুৰুত্বপূৰ্ণ অগ্রগতি অর্জন কৰিবলৈ সক্ষম হ’ব। ইতিমধ্যে দুয়ােটা দলে মেচখনক লৈ সুকীয়া ৰণকৌশলেৰে প্ৰস্তুত হৈছে। বিৰাট কোহলি, আজিংক্য ৰাহানে, শ্বেটেশ্বৰ পূজাৰাৰ দৰে বেটিং তাৰকাক ৰােধ কৰিবলৈ অষ্ট্রেলিয়াই যিদৰে ভিন্ন পৰিকল্পনা যুগুত কৰিছে, ঠিক একেদৰে মিচেল স্টার্ক, পেট কামিনছ আৰু নাথান লিয়নৰ দৰে বিশ্বমানৰ বলাৰক দক্ষতাৰে খেলি ঐতিহাসিক মেলবৰ্ন ক্রিকেট গ্রাউণ্ডত জয়ৰ সপােন ৰচিছে টীম ইণ্ডিয়াই। এনে এক প্রত্যাহ্বানজনক যুঁজলৈ উভয় দল সাজু হােৱাৰ সময়তে অষ্ট্রেলিয়াই আজি এগৰাকী ৭ বছৰীয়া লেগ স্পীনাৰক নিজ দলত অন্তর্ভুক্ত কৰে। বক্সিং ডে’ টেষ্টৰ বাবে ঘােষিত ঘৰুৱা দলটোৰ পঞ্চদশ খেলুৱৈ হিচাপে স্থান লাভ কৰা এইগৰাকী শিশু ক্রিকেটাৰ হ’ল ব্রেভ আৰ্ছী চিলাৰ। আজি ৭ বছৰীয়া জন্মদিনৰ শুভক্ষণতে তেওঁ অষ্ট্রেলিয়ান ক্রিকেট ব’ৰ্ডৰ পৰা লাভ কৰে এই শুভ সংবাদ। উল্লেখ্য যে অষ্ট্রেলিয়া দলৰ প্রশিক্ষক জাষ্টিন লেংগাৰে যােৱা মাহতে আৰ্ছীক   অষ্ট্রেলিয়া দললৈ আমন্ত্রণ জনােৱা হ’ব বুলি ঘােষণা কৰিছিল আৰু সেই অনুসৰি ৭ বছৰীয়া লেগ স্পীনাৰগৰাকীয়ে আজি দেশৰ জাতীয় দলটোত স্থান পাবলৈ সক্ষম হয়। ইফালে, পিঠিত কিতাপৰ বােজা লৈ পঢ়াশালিলৈ যােৱাৰ বয়সতে মিচেল স্টার্ক, জছ হেজলউড, মিচেল মার্শ, পেট কামিনছ, আৰন ফিনছ, নাথান লিয়ন, ট্রেভিছ হেড আদিৰ দৰে ছুপাৰষ্টাৰৰ সৈতে অষ্ট্রেলিয়া জাতীয় দলত স্থান লাভ কৰি উল্লসিত হৈ পৰিছে ৭ বছৰীয়া আৰ্ছী। মেলবৰ্ন ক্রিকেট গ্রাউণ্ডত তেওঁ ভাৰতীয় অধিনায়ক তথা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন বিৰাট কোহলিক আউট কৰিব বিচাৰে। মন কৰিবলগীয়া যে এডিলেইড অভেলত হৈ যােৱা ভাৰত-অষ্ট্রেলিয়াৰ প্রথম টেষ্টত পুর্বে ঘৰুৱা দলটোৰ সৈতে অনুশীলন চলােৱাৰ বাবেও আমন্ত্রিত হৈছিল ব্রেভ আৰ্ছী । তেতিয়াই তেওঁ ছুপাৰষ্টাৰ কোহলিক সাক্ষাতৰ সুযােগ পাইছিল আৰু তেতিয়াৰ পৰা ভাৰতীয় অধিনায়কগৰাকীক আউট কৰাৰ ইচ্ছা পুহি ৰাখিছে। অখ্যাত হলেও ৭ বছৰীয়া এই মৰম আকলুৱা শিশুটি প্রকৃতাৰ্থত এক ছুপাৰ হিৰােতকৈ কোনােগুণে কম নহয়। পখিলা খেদা বয়সতে তেওঁ যি নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হৈছে, সেয়া হয়তাে বহুতাে লােকে গােটেই জীৱনতাে সন্মুখীন হ’বলগীয়া নহয়। নিস্পাপ হাঁহিৰে সকলােকে হৃদয় জয় কৰি অহা মৰমলগা চেহেৰাৰ আছয়ে মাথো ৩ মাহ বয়সতে সন্মুখীন হৈছিল হৃদৰােগৰ এক জটিল অস্ত্রোপচাৰৰ। ত্রুটিপূর্ণ হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ অনিয়মীয়া স্পন্দনৰ বাবে ৬ মাহ পাছত তেওঁৰ আন এক অস্ত্রোপচাৰ সম্পন্ন হয় যদিও চিকিৎসকে এইপর্যন্ত আৰ্ছাৰ হৃদযন্ত্র স্বাভাৱিক কৰি তুলিব পৰা নাই। চিকিৎসা বিজ্ঞানৰ বাবেও প্রত্যাহ্বানজনক হৈ উঠা শিশুটি অস্বাভাৱিক, ত্রুটিপূর্ণ হৃদযন্ত্র সঠিক কৰিবলৈ নতুন বছৰত মেলবৰ্নৰ এটা চিকিৎসক দলে ৭ বছৰীয়া আছৰ হৃদযন্ত্রৰ আন এক অস্ত্রোপচাৰ সম্পন্ন কৰিব। অৱশ্যে এইবাৰৰ অস্ত্রোপচাৰ হ’ব যথেষ্ট কঠিন আৰুআৰ্ছীৰ বাবে হ’ব পাৰে এয়া প্রাণঘাতী। চিকিৎসকৰ দলে ইতিমধ্যে শিশুটিৰ পৰিয়ালকো এই কথা জনাই দিছে। সেয়ে গভীৰ অনিশ্চয়তাৰে ভৰা তৃতীয়টো অস্ত্রোপচাৰৰ পূর্বে পিতৃ ডেমেইন আৰু মাতৃ ছাৰাহে ব্রেভ আৰ্ছীৰ মনােবাঞ্ছা পূৰণ কৰিব বিচাৰে। উল্লেখ্য যে শৈশৱৰ পৰা ক্রিকেট প্রতি বিশেষভাৱে আকর্ষিত শিশুটিয়ে এদিন অষ্ট্রেলিয়া দলৰ হৈ ক্রিকেট খেলিব বিচাৰে বুলি পিতৃ ডেমেইনক সঘনাই কৈ আহিছিল। জটিল দূৰাৰােগ্য ৰােগত আক্রান্ত শিশুটিৰ এই মনােবাঞ্ছা অষ্ট্রেলিয়াৰ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ব্যাপকভাৱে প্ৰচাৰ হয়। অৱশেষত এদিন এই কথা অষ্ট্রেলিয়া দলৰ প্রশিক্ষক লেংগাৰৰ কাণত পৰে আৰু তেওঁ ৭ বছৰীয়া ব্রেভ আৰ্ছীৰ ইচ্ছা পূৰণ কৰিবলৈ আগবাঢ়ি আহে। পাকিস্তানৰ বিৰুদ্ধে ইউএইত অষ্ট্রেলিয়াই খেলা দুখনীয়া টেষ্ট মেচৰ শৃংখলাৰ সময়ত লেংগাৰে শিশুটিক ফোন কৰি তেওঁক অষ্ট্রেলিয়া দলৰ অনুশীলন শিবিৰত অংশ ল’বলৈ আমন্ত্রণ জনায়। ইয়াৰ পাছতে আজি অষ্ট্রেলিয়ান ক্রিকেট ব’র্ডে মৃত্যুৰে যুঁজি থকা ৭ বছৰীয়া শিশুটিক দলভূক্ত কৰি তেওঁক মানসিক শক্তি যােগােৱাৰ লগতে সমগ্র বিশ্বৰ সন্মুখত এক বিৰল মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে। ক্রিকেটাৰ হােৱাৰ ইচ্ছা পূৰণৰ পাছত তেওঁ জীৱন যুঁজত জয়ী হ’ব পৰাকৈ সুস্থ-সবল আৰু শক্তিশালী হৈ উঠক, সেয়াই কামনা কৰিছে বিশ্ববাসীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি